অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ঢকুৱাখনাৰ মাজজালভাৰীত ১৯৫ বছৰীয়া ‘খঁৰা বৰুৱা’ ভাওনা প্ৰদৰ্শন

Spread the love

আধ্যাত্মিক ভক্তি ৰসেৰে উদুলি-মুদুলি পৰিৱেশ

DD TIMES ঢকুৱাখনা, ১৫ ছেপ্টেম্বৰঃ ঢকুৱাখনাৰ মাজ জালভাৰীৰ চৈধ্য প্ৰসংগীয়া মহাপুৰুষীয়া নামঘৰৰ বাকৰিত ১৯৫ বছৰীয়া পৰম্পৰাৰে আজি সন্ধিয়া প্ৰদৰ্শিত হয় ঐতিহাসিক-“খঁৰা বৰুৱা” ভাওনা।

উল্লেখ্য যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনাই সন্ধিয়া আধ্যাত্মিক পৰম্পৰাৰে আয়োজন কৰা নন্দোৎসৱৰ বোকাভাওনাৰ আগে আগে দৈত্যৰাজ কংস অনুগত দৈত্যসকলক ধৰি বান্ধি চুলি-দাড়ি কটা খঁৰা কৰি লৈ প্ৰতীকিভাৱে বধ কৰি শান্তি স্থাপন কৰাৰ অভিনয়েই হ’ল-“খঁৰা বৰুৱা”ভাওনা।


মাধৱদেৱৰ প্ৰিয় শিষ্য গোপাল আতাই সাঁচিপাতত লিখা-“শ্ৰীকৃষ্ণৰ জন্ম যাত্ৰা”নাটকৰ মধ্যম ভাগটোৱেই হ’ল-এই ঐতিহাসিক -খঁৰা বৰুৱা” ভাওনা। মন কৰিব লগা কথা যে-এই খঁৰা বৰুৱা ভাওনাৰ লিখিত নাটক আছে,গীত আছে যদিও ভাৱৰীয়াসকলৰ মুখত কোনো বচন নাই।

তেওঁলোকে কেৱল খোলৰ চাপৰত তাল মিলাই জপিয়াই জপিয়াই নাচি বাগি অভিনয় কৰে।ভাওনাৰ পূৰ্বে গাঁৱৰ এটা দিশৰ পৰা “খঁৰা বৰুৱা”সকলক আৰু আনটো দিশৰ পৰা-“বৰ বৰুৱা”সকলক গায়ন বায়নেৰে নামঘৰলৈ শোভাযাত্ৰা কৰি অনা হয়। নামঘৰত দুইটা ফৈদ লগ হোৱাৰ পিছতে গুৰু আসনলৈ সকলোৱে সেৱা কৰে।

নামঘৰীয়াই আৰ্শীবাদ দিয়ে। ইয়াৰ পিছতেই এই দুই ফৈদৰ ভাৱৰীয়া সকলে নামঘৰৰ সভাগৃহত অতীজৰ পৰম্পৰা ৰক্ষা কৰি এই “খৰা বৰুৱা” প্ৰদৰ্শন কৰে।

তাক চাবলৈ মাজ জালভাৰীৰ লগতে ওচৰ পাজৰৰ গাঁৱৰ হাজাৰ বিজাৰ মানুহ গোট খায়। ফলত এক উদুলি-মুদুলি পৰিৱেশৰ সূচনা হয় মাজ জালভাৰী গাঁৱৰ চৈধ্য প্ৰসংগীয়া মহাপুৰুষীয়া নামঘৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!