অসমমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নীটৰ কাউন্সেলিঙত উজলিল গোগামুখঃ গোগামুখ ৰিজ’লোচন একাডেমীত কৃতী শিক্ষাৰ্থীক বিপুল সম্বৰ্ধনা

Spread the love

গোগামুখ, ২০ আগষ্টঃ নীট পৰীক্ষাত এইবাৰ উজলি উঠিল ধেমাজি জিলাৰ গোগামুখ৷ গোগামুখৰ পৰা এইবাৰ সৰ্বমুঠ ৩০ গৰাকী নীট পৰীক্ষাৰ্থীয়ে নীটৰ কাউন্সেলিঙত সফলতা অৰ্জন কৰি গোগামুখবাসীক গৌৰৱান্বিত কৰিছে৷ গোগামুখৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰিজ’লোশ্বন একাডেমীৰ মুঠ আঠগৰাকী নীট পৰীক্ষাৰ্থী উৰ্ত্তীৰ্ণ হৈ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিছে৷ তাৰে দিত্তীকা পেগুৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, প্ৰীতি হাজৰিকা শিলচৰ চিকিৎসা মহাবিদ্যালয়, অনুষ্কা পেগুৱে যোৰহাট চিকিৎসা মহাবিদ্যালয়, কৰবী কোঁৱৰে ডিফু চিকিৎসা মহাবিদ্যালয়, চিন্ময়ী নৰহে তেজপুৰ চিকিৎসা মহাবিদ্যালয়, প্ৰিয়ম প্ৰীতি কুম্বাঙে ডিফু চিকিৎসা মহাবিদ্যালয়, শুভময়ী মৰাঙে নগাঁও চিকিৎসা মহাবিদ্যালয়, নৱনীতা হাজৰিকাই অসম চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছ শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিছে৷ একাডমীখনৰ পৰা এইবাৰ নীটত মুঠ ১৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে আটাইবোৰ শিক্ষাৰ্থী নীটৰ কাউন্সেলিং পৰ্যায়লৈ উন্নীত হৈছিল৷ উল্লেখনীয় যে, ৰিজ’লোচন একাডেমীয়ে ২০২৪-২৫ বৰ্ষৰ বাবে ৰিজ’লোচন ছুপাৰ-৩০ নামেৰে নীটৰ বাবে বিনামূলীয়া এক ক’চিং চেণ্টাৰ আৰম্ভ কৰিছিল আৰু এই ছুপাৰ-৩০ শিক্ষাৰ্থীসকলে চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰ সুবিধা লাভ কৰিছে৷ একাডমীখনৰ বাকী শিক্ষাৰ্থীসকলেও এম বি বি এছ নহ’লেও অন্য বিভাগত চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ একেদৰে ধেমাজি জিলাৰ গোগামুখৰ নৱ প্ৰতিষ্ঠাত ক’চিং চেণ্টাৰ একলব্য ক’চিং ইন্‌টিউটখনৰ পৰাও সৰ্বভাৰতী পৰ্যায়ৰ নীট পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ইন্‌চটিউটখনৰ পৰা এইবাৰ ৮ গৰাকী পৰীক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ  পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ ৮ গৰাকী পৰীক্ষাৰ্থীয়ে কাউন্সেলিং পৰ্যায়লৈ উন্নীত হৈছিল৷ উক্ত পৰীক্ষাৰ্থীৰ ভিতৰত চাৰিগৰাকী পৰীক্ষাৰ্থীয়ে অসমৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয় এম বি বি এছ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰিছে ৷ ইয়াৰে ইশা সাহাই গুৱাহাটী মেডিকেল কলেজ, জিমি দলে, উদয় উপাধ্যায়, নিবেদিতা গুপ্তাই তিনিচুকীয়া মেডিকেল কলেজ হস্পিতালত শিক্ষাগ্ৰহণৰ সুবিধা লাভ কৰিছে৷ উল্লেখনীয় যে, ২০২২ চনৰ ৩১ মাৰ্চত সৰবৰহী মহিলা জুনুকা উপাধ্যায়ৰ   আশাশুধীয়া প্ৰচেষ্টাত একলব্য ক’চিং ইন্‌চটিউট প্ৰতিষ্ঠা হৈছিল। ক’চিং ইন্‌চটিউটখনৰ সফলতাই গোগামুখবাসীৰ মাজত আনন্দৰ জোৱাৰ আনিছে৷  একেদৰে নীটত উৰ্ত্তীণ হোৱা গোগামুখৰ নীটৰ শিক্ষাৰ্থীসকল হৈছে বৰ্ণিল দলে, সুপ্ৰিয়া কামান,  নীহাৰিকা গগৈ, ডমনীছ মিলি ৷ এই বাতৰি লিখা পৰলৈকে নীটত উৰ্ত্তীণ হোৱা আন শিক্ষাৰ্থীসকলৰ নাম-ঠিকনা যুগুত কৰিব পৰা নাই ৷ গোগামুখ ৰিজ’লোচন একাডেমীয়ে তেওঁলোকৰ বিদ্যালয়ৰ স্কলাৰশ্বিপ নীতি অনুযায়ী অনুষ্কা পেগু আৰু শুভাৰাণী মৰাঙক ২০ হাজাৰকৈ টকা প্ৰদান কৰে৷ দুয়োগৰাকী শিক্ষাৰ্থীকে একাডমীৰ ফালৰ পৰা একাদশ আৰু দ্বাদশ শ্ৰেণীত বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছিল৷ গোগামুখৰ পৰা নীটত উৰ্ত্তীণ হোৱা আটাইকেইগৰাকী শিক্ষাৰ্থীক যুৱ সমাজকৰ্মী শৰৎ চুতীয়া আৰু দিলীপ পেগুৰ তত্ত্বাবধানত ৰিজ’লোচন একাডমীত কালি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত বিপুল সম্বৰ্ধনা জনোৱা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!