অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

নগাঁৱৰ নামঘৰ-সত্ৰত উলহ-মালহেৰে শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন

Spread the love

DD TIMES

নগাঁও, ১৫ ছেপ্টেম্বৰঃ নগাঁও জিলাৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ নামঘৰ, সত্ৰ,আৰু মঠ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উৎসৱ উলহ মালহেৰে পালন কৰা হয়।

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজ অনুগ্ৰহত প্ৰতিষ্ঠিত নগাঁও জিলাৰ ফুলগুৰিৰ শ্ৰীশ্ৰীচেংলাই সত্ৰত পৰম্পাৰগত ভাৱে শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱভাগ কালি পুৱাৰে পৰা নিশা পৰ্যন্ত বৰ্ণাঢ্য কায্যসূচীৰে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় ৷ পুৱা উষা কীত্তন,নামপ্ৰসংগ আৰু নিশালৈ শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ অনুষ্ঠান অনুষ্ঠিত হয়।

ইফালে ৰাইডঙ্গীয়াৰ ক’ৰচোং সত্ৰ,কুজিসত্ৰটো শ্ৰীশ্ৰী কৃষ্ণ জন্মোৎসৱ পালন কৰা হয় ৷ নগাঁও চহৰৰ কৃষ্ণাশ্ৰম মন্দিৰত পুৱাৰে পৰা শ্ৰীশ্ৰী কৃষ্ণৰ জন্মোৎসৱৰ লগত সংগতি ৰাখি বিশ্ব হিন্দু পৰিষদৰ নগাঁও নগৰ সমিতিৰ উদ্যোগত নগাঁও চহৰৰ মাজেৰে এটি ধৰ্মীয় শোভাযাত্ৰা উলিওৱাৰ লগতে মন্দিৰ প্ৰাংগণত সাংস্কৃতিক অনুষ্ঠান আৰু দুপৰীয়া ভোগ বিতৰণ কৰা হয় ৷

আনহাতে, নগাঁৱৰ বৃহত্তৰ বেবেজীয়া অঞ্চলৰ পূব-জামুগুৰি,জামুগুৰি বুঢ়া নামঘৰ, ফালেঙীচুক নামঘৰ, বেবেজীয়াৰ জুৰীয়া নামঘৰ, নমাটি, কপাহেৰা, ভালুকমাৰী, গান্ধীবৰি, ৰহঢলা, কাকমাৰী, মাহৰিআটি, চমুৱাগাওঁ, কুঁজিদাহ, হাতীচোং, চকলাঘাট, কাছমাৰী, ননৈ, দক্ষিণপাট, তুলসীমুখ, বৰক’লা, শেনচোৱা, বিৰহ বেবেজীয়া, ডিমৌচাৰিআলিৰ আদি বিভিন্ন প্ৰান্তৰ নামঘৰ সমূহৰ ঘৰত শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হয়৷


উল্লেখ্য, জামুগুৰিৰ ২৭৮ বছৰীয়া বুঢ়া নামঘৰত নিশা জন্মাষ্টমীৰ উপলক্ষে অসমীয়া ভাওনা অনুষ্ঠিত হয়৷ অন্যহাতে আজি দুপৰীয়া অনুষ্ঠিত বোকা ভাওনাত সহস্ৰাধিক লোকৰ সমাগম হোৱা দেখা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!