নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
DD TIMES নগাঁও, ১৫ ছেপ্টেম্বৰঃ নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বসবাস কৰা কলিয়াবৰৰ লোকসকলৰ উমৈহতীয়া মঞ্চ নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে দেওবাৰে এক মত বিনিময় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

ডাঃ বীণাপানী নেওগৰ দ্বাৰা এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ সভাপতি কনক হাজৰিকাই। নগাঁৱৰ দেৱাংগী গাৰ্ডেনত অনুষ্ঠিত এই অনুষ্ঠানত অসমৰ বিভিন্ন স্থানত কৰ্মৰত কলিয়াবৰৰ কেইবাজনো সুযোগ্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
মঞ্চৰ সাধাৰণ সম্পাদক বুবুল বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অংশগ্ৰহণ কৰি বিশিষ্ট চিকিৎসক ডাঃ নৱজ্যোতি বৰাই কলিয়াবৰৰ ইতিহাস উল্লেখ কৰি কয় যে কলিয়াবৰ সাংস্কৃতিক-সামাজিকভাবে সমৃদ্ধ এক বৃহৎ অঞ্চল।

কৰ্মসূত্ৰে কলিয়াবৰৰ বহু লোক অসমৰ বিভিন্ন স্থান, দেশ-বিদেশত বসবাস কৰি আছে, কিন্তু নিজৰ শিপাডাল কেতিয়াও এৰি দিব নালাগে। অসম চৰকাৰৰ ৰাজহ বিভাগৰ উপ-সচিৱ হেমাশ্ৰী হাজৰিকাই নগাঁওবাসী কলিয়াবৰীয়া মঞ্চৰ প্ৰয়াসৰ শলাগ লয়।
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰৱক্তা ড: প্ৰদীপ দাসে মঞ্চৰ বিষয়ে উল্লেখ কৰাৰ লগতে শ্ৰীশ্ৰীকৃষ্ণৰ জীৱন দৰ্শনৰ বিষয়ে ব্যাখ্যা কৰে।
নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্ত, আন্তৰ্জাতিক খ্যাতিসম্পন্ন চিত্ৰশিল্পী সমীৰণ বৰুৱা, বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়া, উপ-সভাপতি নবীন বৰঠাকুৰ, অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, মঞ্চৰ জ্যেষ্ঠ বিষয়ববীয়া ডাঃ বিৰিঞ্চি বৰা, গুণধৰ গগৈ, পল্লৱ মহন্ত,পদ্ম গোস্বামী আদিয়ে ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকী, সমাজকৰ্মী ৰঞ্জিত কুমাৰ তামুলী ফুকন, হিৰণ্য বল্লভ গোস্বামী, দ্বিজেন্দ্ৰ নাথ হাজৰিকা, শৰৎ খাউণ্ড, ড: টুলুমণি দেৱী, পীয়ুষ ৰয়, মঞ্চৰ কমলেশ্বৰ বৰুৱা, বলীন মহন্ত, কৃষ্ণকান্ত শইকীয়া, দিলীপ বৰা, দিলীপ হাজৰিকা, প্ৰসন্ন শৰ্মা, ৰঞ্জনা বৰা, ৰঞ্জু তামুলী, প্ৰফুল্ল বৰা, নিজৰা শইকীয়া, জেউতি হাজৰিকা, হেলেন পণ্ডিত, লেখক উজ্জ্বল জ্যোতি দাস, সাংবাদিক নীল ৰঞ্জন শৰ্মা, জয়ন্ত বৰা আদিয়ে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত প্ৰাৰ্থনা হাজৰিকা, হৰিনাক্ষি হাজৰিকাই নৃত্য পৰিবেশন, টুটুমণি বৰাই কবিতা পাঠ আৰু স্বপ্নজ্যোতি মহন্তই গীত পৰিবেশন কৰে।

