ডিব্ৰুগড়ৰ বঙালগাঁৱত সাহিত্য সভাৰ শাখা গঠন
DD TIMES ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ বঙাল গাঁওস্থিত বঙালগাঁও প্ৰাথমিক বিদ্যালয়ত দেওবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাত অসম সাহিত্য সভাৰ এটি শাখা গঠন কৰা হয়৷

বঙালগাঁৱৰ লগতে অঞ্চলটোৰ সমীপৱৰ্তী হিলৈধাৰী, চান্দৈপথাৰ, মাইজান, সেউজপুৰ, বাণীপুৰ তিনিআলি আদি অঞ্চলৰ শাতধিক পুৰুষ-মহিলা, যুৱক-যুৱতী, চৰকাৰী গাঁওপ্ৰধান, পঞ্চয়ত আৰু জিলা পৰিষদৰ সদস্যৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাই অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়ন আৰু সাহিত্য চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এই শাখা সভাখনি গঠন কৰা হৈছে বুলি আহ্বায়ক অনিল প্ৰসাদ সিংহই সভাৰ উদ্দেশ্য ব্যাখ্যাত দাঙি ধৰে৷
সুদীৰ্ঘ আলোচনাৰ অন্তত ৰাজহুৱা সভাই সৰ্বসন্মতিক্ৰমে শাখা সভাখন গঠন কৰি কেন্দ্ৰীয় সমিতিৰ স্বীকৃতিৰ বাবে প্ৰেৰণ কৰে৷

‘ৰামধেনু শাখা সাহিত্য সভা’ নামেৰে নামকৰণ কৰা শাখা সভাখনৰ সভাপতি হিচাপে লেখক-সাংবাদিক ভূষণজ্যোতি সন্দিকৈ আৰু সম্পাদক হিচাপে অনিল প্ৰসাদ সিংহক লৈ ১৮ জনীয়া সদস্যৰে শাখা সমিতিখন গঠন কৰা হয়৷
সমিতিৰ অন্যান্য বিষয়-ববীয়াসকল হৈছে– ৰত্নেশ্বৰ ফুকন (উপ-সভাপতি), বিমল চন্দ্ৰ দত্ত আৰু কৃষ্ণ দাস (সহকাৰী সম্পাদক), মদন ভৰালী (কোষাধ্যক্ষ) আৰু মাণিক বৈশ্য (পত্ৰিকা সম্পাদক)।
সমিতি গঠন অনুষ্ঠানত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ তৰফৰ পৰা পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে জিলা সহঃ সম্পাদক অজিত কুমাৰ বুঢ়াগোহাঁই আৰু কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ আমন্ত্ৰিত সদস্য লেখক-সাহিত্যিক ইন্দ্ৰ গগৈ৷
মূল সমিতিৰ উপৰি উক্ত সভাতেই ‘ৰামধেনু’, ‘আকাশ’, আৰু ‘কুঁহি’– এই তিনিখন উপ-সমিতিও গঠন কৰা হয়৷