প্ৰকাশৰ বাবে সাজু ‘প্ৰকৃতি বন্ধু’ৰ প্ৰকৃতিৰ বিচিত্ৰ সাধু
ডি ডি টাইমছ, গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ পৰিৱেশ সুৰক্ষাৰ আৰু সজাগতা সৃষ্টিৰে নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিবলৈ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত মগ্ন ‘প্ৰকৃতি বন্ধু’ মানস প্ৰতিম দত্ত অসমীয়া সাহিত্য জগতৰ চিনাকি নাম।

প্ৰকৃতি বিচিত্ৰ কথাৰে চেমনীয়া আৰু কিশোৰসকলৰ বাবে জানিবলগীয়া, ভাবিবলগীয়া আমাৰ পৰিৱেশৰ বিভিন্ন কথাৰে, সাধুৰে সজোৱা “চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু”ৰ অভূতপূৰ্ব সমাদৰৰ পাছত এইবেলি গ্ৰন্থমেলাৰ বতৰত জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশৰ যো-জা চলাইছে ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’ নামৰ এখন অনুপম গ্ৰন্থ।
শিশু আৰু চেমনীয়াসকলক আকৰ্ষণ কৰিবৰ পৰা মনোৰম কাহিনীৰে সজোৱা গ্ৰন্থখনৰ আকৰ্ষণীয় কাহিনীবোৰে যুৱ মনত বিশ্ব ঐতিহ্যৰ সৈতে পৰিৱেশ বিচিত্ৰতা চিনাকি কৰি দিবলৈ সমৰ্থ হ’ব।

ধেমাজি জিলাৰ এগৰাকী অন্যতম যুৱ লেখক তথা পৰিৱেশ সংৰক্ষণৰ নিষ্ঠাবান কৰ্মী মানস প্ৰতিম দত্তই তেওঁৰ শিশু গ্ৰন্থখনত নিজৰ দৃষ্টিভংগী জীৱন্ত কৰি তুলিবলৈ যত্ন কৰিছে।
অসমৰ বিভিন্ন স্থানত সম্প্ৰদায়-চালিত পৰিৱেশ সংৰক্ষণৰ লগতে সক্ৰিয়ভাৱে পৰিৱেশ সুৰক্ষা, জলবায়ু সুৰক্ষা আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰচাৰ আৰু প্ৰসাৰত জড়িত হৈ আছে।
এজন লেখক, কবি, অনুবাদক হিচাপে সুপৰিচিত মানসৰ ইতিপূৰ্বে প্ৰকাশিত পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি, কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সেউজীয়া দিনৰ নৈসৰ্গিক খোজ, চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু, প্ৰকৃতিৰ জমাদাৰ, নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত অনুবাদ গ্ৰন্থ কেনেকৈ এইবোৰৰ বিকাশ ঘটে, পৰ্বতত এভুমুকি, হাড় গৈ শিল হ’ল, যেতিয়া ক্রীড়াসুলভ মানসিকতাই দৌৰত জয়লাভ কৰে আৰু কবিতা সংকলন মাৰ বাবে লিখিব নোৱৰা কবিতাবোৰৰ কবিতা, কুৱঁলীৰ আখৰ এথুপি, তেজত গজা দুপৰীয়াটো, তুমি ৰ’দ হোৱা মই বৰষুণ হ’ম, এই সময় আমাৰ আৰু তোমাক ভালপাওঁ বাবেই শীৰ্ষক গ্ৰন্থকেইখনে ইতিমধ্যে পাঠক ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছ।
হাতে-কামে পৰিৱেশ সুৰক্ষাৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰি মানসৰ কাহিনী ইতিমধ্যে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ কাকততো প্ৰকাশ পাইছে।
শিশুসকল স্বাভাৱিকতে সাধু কথাৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকৰ হাতত আছে বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ মূল চাবিকাঠি। ‘প্ৰকৃতিৰ বিচিত্ৰ সাধু’ৰ জৰিয়তে লেখকে পৰিৱেশৰ বিচিত্ৰ জগতখনক সৰল তথা আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ।
শিশুসকলক সাধুকথাৰ জৰিয়তে প্ৰকৃতিৰ সৈতে একাত্ম মনোভাৱ স্থাপন কৰাৰ লগতে সংৰক্ষণৰ গুৰুত্ব বুজাত গ্ৰন্থখনে সহায় কৰিব বুলি লেখক দত্তই জনাইছে।
জাগৰণ সাহিত্য প্ৰকাশনে প্ৰকাশ কৰিবলগীয়া এই গ্ৰন্থখনে অভিভাৱক, শিক্ষক আৰু যুৱ পাঠকসকলৰ মাজত পৰিৱেশ বিষয়ক অৰ্থপূৰ্ণ আলোচনাৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।