সমগ্ৰ দেশতে ফটকা নিষেধাজ্ঞাৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ
‘প্ৰদূষণৰ নীতি কেৱল “অভিজাত” দিল্লীতে সীমাবদ্ধ হ’ব নোৱাৰে’
DD TIMES নতুন দিল্লী, ১২ ছেপ্টেম্বৰঃ ‘প্ৰদূষণৰ নীতি কেৱল দিল্লীতে সীমাবদ্ধ হ’ব নোৱাৰে’। সমগ্ৰ দেশতে ফটকা নিষেধাজ্ঞাৰ পোষকতা কৰিলে উচ্চতম ন্যায়ালয়ে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে প্ৰদূষণ ৰোধৰ লক্ষ্যৰে গ্ৰহণ কৰা নীতি কেৱল দিল্লীতে সীমাবদ্ধ হ’ব নালাগে, বিশুদ্ধ বায়ুৰ অধিকাৰ কেৱল ৰাজধানীখনৰ তথাকথিত “অভিজাত শ্ৰেণী”ৰ মাজত নহয়, সকলো নাগৰিকলৈকে বিস্তৃত হ’ব লাগিব।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে কয় যে, “যদি এনচিআৰ (ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল)ৰ চহৰসমূহৰ বিশুদ্ধ বায়ুৰ অধিকাৰ আছে, তেন্তে আন চহৰৰ জনসাধাৰণৰ কিয় নাই? যি নীতি আছে, সেয়া সমগ্ৰ ভাৰতীয় পৰ্যায়ত হ’ব লাগে।
আমি কেৱল দিল্লীৰ বাবে নীতি তৈয়াৰ কৰিব নোৱাৰো, কেৱল তেওঁলোক দেশৰ অভিজাত শ্ৰেণী হোৱাৰ বাবেই তেনে কৰিব নোৱাৰো।”
তেওঁ দিল্লী-এনচিআৰ অঞ্চলত ফটকা বিক্ৰী, মজুত, পৰিবহণ, আৰু নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰা ৩ এপ্ৰিল তাৰিখে আদালতৰ পূৰ্বৰ আদেশক প্ৰত্যাহ্বান জনাই আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে।
খবৰ অনুসৰি মুখ্য ন্যায়াধীশ গাভাইয়ে আৰু মন্তব্য কৰে যে, “মই যোৱা শীতকালত অমৃতসৰলৈ গৈছিলো, আৰু তাত প্ৰদূষণ দিল্লীতকৈ বেছি আছিল। যদি ফটকা নিষিদ্ধ কৰিব লাগে, তেন্তে সমগ্ৰ দেশতে হ’ব লাগে।”
কাৰ্য্যবিধিৰ সময়ত দিল্লীৰ প্ৰদূষণ বিষয়ত আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অপৰাজিতা সিঙে আঙুলিয়াই দিয়ে যে, “অভিজাত শ্ৰেণীয়ে নিজৰ যত্ন লয়। যেতিয়াই প্ৰদূষণ হয়, তেতিয়াই তেওঁলোকে দিল্লীৰ বাহিৰলৈ গুচি যায়।”
ন্যায়াধীশ অভয় এছ ওকা আৰু উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠে এপ্ৰিল মাহৰ পৰা পূৰ্বৰ ৰায়দানতো পৰিৱেশ সমতাৰ বিষয়টো আলোকপাত কৰিছিল।
তেওঁলোকে উল্লেখ কৰে যে বায়ুৰ গুণাগুণৰ অৱনতি ঘটাৰ ফলত ৰাজপথৰ শ্ৰমিক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত লোকসকল আটাইতকৈ বেছি প্ৰভাৱিত হয়।
প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ সকলোৱে নিজৰ বাসগৃহ বা কৰ্মস্থলীত এয়াৰ পিউৰিফায়াৰ কিনিব নোৱাৰে বুলি বিচাৰপীঠখনে কৈছিল।
আদালতে স্পষ্ট কৰি দিয়ে যে যদিহে তথাকথিত “সেউজীয়া ক্ৰেকাৰ”ৰ পৰা নিৰ্গত হোৱা নিৰ্গমন নূন্যতম বুলি নিশ্চিত নহয়, তেন্তে বৰ্তমানৰ নিষেধাজ্ঞাৰ ওপৰত পুনৰ বিবেচনা কৰা নহ’ব।
বিচাৰপীঠখনে কয় যে সময়ৰ লগে লগে জাৰি কৰা আদেশসমূহে দিল্লীৰ ভয়াৱহ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা “অসাধাৰণ পৰিস্থিতি”ৰ বাবেই এনে নিষেধাজ্ঞাৰ প্ৰয়োজনীয়তা পুনৰ স্পষ্টভাৱে প্ৰমাণ কৰিছে।