কলকাতা ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন-২০২৫ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
পশ্চিমবংগ, বিহাৰত প্ৰধানমন্ত্ৰী মোদীৰ একাধিক কাৰ্যসূচী
DD TIMES নতুন দিল্লী, ১২ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।শক্তিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ভাৰতৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে অহা ১৫ ছেপ্টেম্বৰত কলকাতাত ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন-২০২৫ উদ্বোধন কৰিব।

ই হৈছে সশস্ত্ৰ বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ মঞ্চ, যিয়ে দেশৰ শীৰ্ষ অসামৰিক আৰু সামৰিক নেতৃত্বক একত্ৰিত কৰি মত বিনিময় কৰে আৰু ভাৰতৰ সামৰিক প্ৰস্তুতিৰ ভৱিষ্যত বিকাশৰ ভেটি স্থাপন কৰে।
দুবছৰত এবাৰ অনুষ্ঠিত হোৱা ১৬ সংখ্যক সংযুক্ত কমাণ্ডাৰ সন্মিলন ১৫-১৭ ছেপ্টেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’ব। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘সংস্কাৰৰ বছৰ-ভৱিষ্যতৰ বাবে ৰূপান্তৰ’।
বিহাৰত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড মুকলি কৰিব। ব’ৰ্ডে উৎপাদন আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ প্ৰসাৰ ঘটাব, চপোৱাৰ পিছৰ ব্যৱস্থাপনা শক্তিশালী কৰিব, মূল্য সংযোজন আৰু প্ৰক্ৰিয়াকৰণক প্ৰসাৰিত কৰিব আৰু মখানাত বজাৰ, ৰপ্তানি আৰু ব্ৰেণ্ড বিকাশৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত বিহাৰ আৰু দেশৰ মখানা কৃষকসকল উপকৃত হ’ব।
দেশৰ মুঠ মখানা উৎপাদনৰ প্ৰায় ৯০% বিহাৰত হয়। মধুবনী, দাৰভাংগা, সীতামৰ্হি, সহাৰছা, কাটিহাৰ, পূৰ্ণিয়া, সুপৌল, কিষাণগঞ্জ আৰু আৰাৰিয়াৰ দৰে মূল জিলাসমূহে প্ৰাথমিক কেন্দ্ৰ হিচাপে কাম কৰে, কাৰণ ইয়াৰ জলবায়ুৰ পৰিস্থিতি অনুকূল আৰু উৰ্বৰ মাটি আছে যিয়ে মখানাৰ উন্নত মানত অৰিহণা যোগায়। বিহাৰত মখানা ব’ৰ্ড স্থাপনে ৰাজ্য তথা দেশৰ মখানা উৎপাদনত এক বৃহৎ উত্থান দিব আৰু এই খণ্ডত বিশ্ব মানচিত্ৰত বিহাৰৰ উপস্থিতি শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়া বিমানবন্দৰৰ নিউ চিভিল এনক্লেভত অন্তৱৰ্তীকালীন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব, যিয়ে অঞ্চলটোত যাত্ৰী পৰিচালনাৰ ক্ষমতা বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়াত প্ৰায় ৩৬ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ভাগলপুৰৰ পীৰপাইন্তিত ৩x৮০০ মেগাৱাট তাপ শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ই হ’ব বিহাৰৰ ২৫ হাজাৰ কোটি টকাৰ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ। ইয়াক আল্ট্ৰা-ছুপাৰ ক্ৰিটিকেল, কম নিৰ্গমন প্ৰযুক্তিৰ ওপৰত ডিজাইন কৰা হৈছে। এই প্ৰকল্পই নিবেদিত শক্তি প্ৰদান কৰাৰ লগতে বিহাৰৰ শক্তি সুৰক্ষা মজবুত কৰিব।
প্ৰধানমন্ত্ৰীয়ে ২,৬৮০ কোটিৰো অধিক মূল্যৰ কোচি-মেচি আন্তঃৰাজ্যিক নদী সংযোগ প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ দ্বাৰা খালটোৰ উন্নীতকৰণকে ধৰি নিষ্কাশন, ক্ষতিগ্ৰস্ত গঠনসমূহ পুনৰ নিৰ্মাণ আৰু চেটেলিং বেচিনৰ সংস্কাৰ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, লগতে ইয়াৰ নিৰ্গমন ক্ষমতা ১৫,০০০ৰ পৰা ২০,০০০ কিউচেকলৈ বৃদ্ধি কৰা হ’ব।
জলসিঞ্চন সম্প্ৰসাৰণ, বান নিয়ন্ত্ৰণ আৰু কৃষি স্থিতিস্থাপকতাৰে ই উত্তৰ-পূব বিহাৰৰ একাধিক জিলাক উপকৃত কৰিব।ৰে’ল সংযোগ উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে বিহাৰত ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক ৰে’ল মুকলি কৰিব।
প্ৰধানমন্ত্ৰীয়ে বিক্ৰমশিলা–কাটাৰেয়াৰ মাজত ২,১৭০ কোটিৰো অধিক মূল্যৰ ৰে’ল লাইনৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ জৰিয়তে গংগা নদীৰ সিপাৰে পোনপটীয়া ৰে’ল সংযোগৰ ব্যৱস্থা কৰা হ’ব, যাৰ ফলত অঞ্চলটোৰ লোকসকল যথেষ্ট উপকৃত হ’ব।প্ৰধানমন্ত্ৰীয়ে আৰাৰিয়া-গালগলিয়া (ঠাকুৰগঞ্জ)ৰ মাজত ৪,৪১০ কোটিৰো অধিক মূল্যৰ নতুন ৰেল লাইন উদ্বোধন কৰিব।
প্ৰধানমন্ত্ৰীয়ে আৰৰিয়া–গালগলিয়া (ঠাকুৰগঞ্জ) শাখাত ৰে’লগাড়ী মুকলি কৰিব, যিয়ে আৰাৰিয়া আৰু কিষানগঞ্জ জিলাৰ মাজত প্ৰত্যক্ষ ৰে’ল সংযোগ স্থাপন কৰি সমগ্ৰ উত্তৰ-পূব বিহাৰত যাতায়তৰ যথেষ্ট উন্নতি কৰিব। তেওঁ যোগবাণী আৰু দানাপুৰৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰিব, যাৰ ফলত আৰাৰিয়া, পূৰ্ণেয়া, মাধেপুৰা, সহাৰছা, খগড়িয়া, বেগুছৰাই, সমষ্টিপুৰ, মুজাফ্ফৰপুৰ, বৈশালি আৰু পাটনাৰ দৰে জিলাসমূহ প্ৰত্যক্ষভাৱে উপকৃত হ’ব।
ইয়াৰ উপৰি তেওঁ সহাৰছা আৰু ছেহৰ্টা (অমৃতসৰ) আৰু যোগবাণী তথা ইৰোডৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল মুকলি কৰিব। এই ৰেলসমূহে আধুনিক অভ্যন্তৰীণ অংশ, উন্নত সুবিধা আৰু দ্ৰুত ভ্ৰমণ ক্ষমতা প্ৰদান কৰিব, লগতে অঞ্চলসমূহৰ মাজত অৰ্থনৈতিক, সাংস্কৃতিক আৰু সামাজিক সংহতি বৃদ্ধি কৰিব।ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে পূৰ্ণিয়াত লিংগ বিভাজিত বীৰ্য সুবিধা উদ্বোধন কৰিব।
ই হৈছে ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত অত্যাধুনিক বীৰ্য ষ্টেচন, যিয়ে বছৰি ৫ লাখ লিংগ বিভাজিত বীৰ্যৰ মাত্ৰা উৎপাদন কৰিবলৈ সক্ষম। পূব আৰু উত্তৰ-পূব ভাৰতত এই ধৰণৰ প্ৰথমটো সুবিধা থলুৱাভাৱে বিকশিত প্ৰযুক্তি ব্যৱহাৰ কৰি মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখি ২০২৪ চনৰ অক্টোবৰ মাহত মুকলি কৰা হয়।
মাইকী পোৱালি জন্মৰ অধিক সম্ভাৱনা সক্ষম কৰি এই প্ৰযুক্তিয়ে ক্ষুদ্ৰ, প্ৰান্তীয় কৃষক আৰু ভূমিহীন শ্ৰমিকসকলক অধিক প্ৰতিস্থাপন গৰু নিশ্চিত কৰাত সহায় কৰিব, অৰ্থনৈতিক চাপ হ্ৰাস কৰিব আৰু উন্নত দুগ্ধ উৎপাদনশীলতাৰ জৰিয়তে আয় বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই (আৰ)ৰ অধীনত ৩৫ হাজাৰ গ্ৰাম্য হিতাধিকাৰী আৰু পিএমএৱাই (ইউ)ৰ অধীনত ৫,৯২০ নগৰীয়া হিতাধিকাৰীৰ বাবে অনুষ্ঠিত হৈ থকা গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰি কিছুসংখ্যক হিতাধিকাৰীক চাবি প্ৰদান কৰিব।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ডিএৱাই-এনআৰএলএমৰ অধীনত ক্লাষ্টাৰ লেভেল ফেডাৰেচনসমূহক প্ৰায় ৫০০ কোটি টকাৰ কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড বিতৰণ কৰাৰ লগতে চিএলএফৰ কিছুসংখ্যক সভাপতিক চেক প্ৰদান কৰিব।