‘চোতালৰ পখিলা’ৰ বৰ্ষপূৰ্তিত প্ৰতিযোগিতা
DD TIMES গুৱাহাটী, ১২ ছেপ্টেম্বৰঃ শিশু সাহিত্যিক যুগললোচন দাসৰ সম্পাদিত শিশু- কিশোৰৰ তিনিমহীয়া আলোচনী ‘চোতালৰ পখিলা’ৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

এইবাৰ জ্যেষ্ঠ লেখক- লেখিকাৰ মাজত এখন স্বৰচিত শিশু-গল্প প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।গল্পসমূহ অহা ৫ অক্টোবৰৰ ভিতৰত জমা দিব লাগিব।
দ্বিতীয়ৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। ছবিসমূহ ডাকযোগে ১০ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
পঞ্চমৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পদ্য লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। পদ্যৰ বিষয়বস্তু নিজা আৰু ১০ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এখন ৰচনা প্ৰতিযোগিতা পতা হৈছে। ৰচনাৰ বিষয় – আমি কিতাপ – আলোচনী কিয় পঢ়িব লাগে। ৰচনাসমূহ ডাকযোগে ১০ অক্টোবৰৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
এই বিষয়ে বিশদভাৱে জানিবলৈ ৮৪৭২৮৮০০৭৬ নম্বৰত যোগাযোগ কৰিব পাৰিব। সকলো লেখা আৰু ছবি সম্পাদক, ‘চোতালৰ পখিলা’, ডি কে গ্ৰাফিক্স, হাউচ নং-১, ভূৱন ভূঞা পথ, (চি পি ডব্লিউ ডি অফিচৰ বিপৰীতে), বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১ ঠিকনাত প্ৰেৰণ কৰিব পাৰিব।
ই- মেইল- jugallochandas@gmail.com । অহা ২নবেম্বৰত গুৱাহাটী লতাশিলৰ বিষ্ণু- নিৰ্মলা পুথিভঁৰাল সভাগৃহত অনুষ্ঠিত হ’বলগীয়া ‘চোতালৰ পখিলা’ৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰতিযোগিতাত বিজয়ীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।