কৃত্ৰিম বানৰ কবলত কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
অচল স্বাস্থ্য সেৱাঃ চিকিৎসক-স্বাস্থ্যকৰ্মী-ৰোগীৰ দুৰৱস্থা
DD TIMES বঢ়মপুৰ, ১২ ছেপ্টেম্বৰঃ আজি পুৱাতে অহা এজাক মুষলধাৰ বৰষুণে কৃত্ৰিম বানৰ সৃষ্টি কৰে নগাঁৱৰ কঠীয়াতলীত।

,কৃত্ৰিম বানৰ কবলত পৰে কন্দলী পথ, লাচিত নগৰ পথৰ লগতে কাষৰীয়া বহু অঞ্চল। বিশেষকৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত।
বৰষুণৰ ফলত কেন্দ্ৰটোৰ বাহিৰে-ভিতৰে পানীৰে একাকাৰ হয়। ফলত চিকিৎসক, চিকিৎসা কৰ্মী, নাৰ্চ, ৰোগীয়ে চিকিৎসালয়ত প্ৰৱেশ কৰিব নোৱৰা অৱস্থা হয়।
তথাপি বৰষুণ আৰু একাঠু পানীৰ মাজতে চাৰিচকীয়া বাহনত উঠি মহকুমা আৰু স্বাস্থ্য বিষয়া ডাঃ ৰমেন বেজবৰুৱা, ডাঃ ফাৰহান আহমেদ মজুমদাৰ, জি এন এম নিবেদিতা শইকীয়া, খণ্ড আঁচনি পৰিচালক প্ৰাণদীপ নাথ, খণ্ড গাণনিক কৃষ্ণ কমল চাহানী, স্বাস্থ্য কৰ্মী বিজিত বৰঠাকুৰ, প্ৰবীণ হাজোৱাৰী স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত থাকি পানী নিষ্কাষণ কৰাত ব্যস্ত হৈ পৰে।
ৰোগীও চিকিৎসালয়লৈ আহে যদিও সকলো কক্ষত পানীময় হৈ পৰাত অসুবিধাৰ সৃষ্টি হয়। উল্লেখ্য যে স্বাস্থ্য কেন্দ্ৰটোত অলপ বৰষুণ পৰিলেই অৱস্থা শোচনীয় হৈ পৰে।
স্থানীয় ৰাইজ আৰু চিকিৎসালয় পৰিচালনা সমিতিয়ে বঢ়মপুৰ সমষ্টিৰ বিধায়কৰ লগতে স্বাস্থ্য বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে৷