অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ উদ্যোগত বিশ্ব ভ্ৰাতৃত্ব দিৱস উদযাপন

Spread the love

DD TIMES গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটস্থিত যোগ বিজ্ঞান আৰু প্ৰাকৃতিক চিকিৎসা বিভাগৰ উদ্যোগত আজি বিশ্ব ভ্ৰাতৃত্ব দিৱস আয়োজন কৰা হয়।

এই অনুষ্ঠানত বিভাগটোৰ প্ৰতিষ্ঠাপক মুৰব্বী অধ্যাপক বলিনাৰায়ণ ফুকন, সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈ, বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী ড° উজ্জ্বল অৰুণ মাস্কেৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে।

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে নাজিয়া আখতাৰে ৷ ইয়াৰ পিছত শিক্ষাৰ্থীসকলে এক সমবেত সংগীত আৰু ভ্ৰাতৃত্ববোধৰ ওপৰত আধাৰিত এখন নাটক প্ৰদৰ্শন কৰে।

অধ্যাপক বালিনাৰায়ণ ফুকনে স্বামী বিবেকানন্দৰ জীৱন আৰু শিক্ষাৰ লক্ষ্যৰ ওপৰত এক চিন্তা উদ্দীপক বক্তৃতা প্ৰদান কৰে। তেওঁ ভ্ৰাতৃত্ববোধৰ বিকাশৰ বাবে আধ্যাত্মিকতাৰ অনুশীলন কৰিবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে।

তাৰপিছত সহকাৰী পঞ্জীয়ক মৃণাল কুমাৰ গগৈয়ে বৰ্তমান সমাজত ভ্ৰাতৃত্ববোধৰ মূল্যৰ ওপৰত আলোচনা কৰি শিক্ষাৰ্থীসকলক উৎসাহিত কৰি দৈনন্দিন জীৱনত নৈতিক মূল্যবোধৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ঋতুৰাজ বৰুৱাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!