অসমঅসমীয়াআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

শিক্ষক চন্দন কুমাৰ দাসৰ শিক্ষামূলক ৱেবছাইট মুকলি

Spread the love

DD TIMES গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ গুৱাহাটীৰ দিছপুৰস্থিত জনতা ভৱনত বুধবাৰে এফ এল এন হাব নামৰ এক নতুন শিক্ষামূলক ৱেবছাইট মুকলি কৰা হয়।

অসম চৰকাৰৰ শিক্ষামন্ত্ৰীৰ কনফাৰেন্স হলত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ৱেবছাইটটো মুকলি কৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে। লগত উপস্থিত থাকে প্ৰাথমিক শিক্ষা সঞ্চালিকা সুৰঞ্জনা সেনাপতি, সমগ্ৰ শিক্ষা অসমৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্ত আৰু সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যিক আঁচনি বিষয়া ৰেৱতী মোহন কাকতি।

ৱেবছাইটটো নিৰ্মাণ কৰি উলিয়ায় বৰপেটা জিলাৰ ৮৪৮ নং ৰহমপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক চন্দন কুমাৰ দাসে। নিপুণ অসম আঁচনি সফল কৰাৰ ক্ষেত্ৰত এই ৱেবছাইটটো যথেষ্ট পৰিমাণে সহায়ক হ’ব বুলি আজিৰ সভাত উপস্থিত সকলোৱে মত পোষণ কৰে।

এফ এল এন হাব নামৰ এই ৱেবছাইটটোত চৰকাৰে যোগান ধৰা আৰু বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে নিজ হাতে তৈয়াৰ কৰা শিকন শিক্ষণ সামগ্ৰীৰ ব্যৱহাৰ, পাঠোদ্ধাৰ, টিচিং এট দা ৰাইট লেভেল, খেলৰ জৰিয়তে শিক্ষা, ভংগিমা গীত আদি বিভিন্ন সমল সন্নিৱিষ্ট কৰা হৈছে।

www.flnhub.online নামেৰে মুকলি কৰা ৱেবছাইটটোত ৰাষ্ট্ৰীয় শিক্ষা নীতি, শিক্ষাৰ অধিকাৰ আইন, নিপুণ অসম, নিপুণ ভাৰত, শৈক্ষিক কেলেণ্ডাৰ, বিভিন্ন ধৰণৰ লিখনিও উপলব্ধ কৰা হৈছে।

বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা সম্পৰ্কীয় শিকণ শিক্ষণ সমল আৰু দৃশ্য শ্ৰব্য সমলৰ ভাণ্ডাৰ এই FLN Hub নামৰ ৱেবছাইটটোৱে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি শিক্ষা মন্ত্ৰীৰ লগতে প্ৰাথমিক শিক্ষা সঞ্চালিকা সুৰঞ্জনা সেনাপতি, সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যিক আঁচনি বিষয়া ৰেৱতী মোহন কাকতি আৰু‌ উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!