পাটাছাৰকুছিত লেখক-সাংবাদিক মণ্টু শইকীয়াক ‘সাংবাদিক জাহ্নৱী বৰুৱা সোঁৱৰণী বঁটা’ প্ৰদান
DD TIMES খৈৰাবাৰী, ১০ ছেপ্টেম্বৰঃ বিটিচিৰ অন্যতম বহুভাষিক জনপ্ৰিয় নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিবসটি বজালীৰ পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবত ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হয়৷

এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতিৰাখি পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি, মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। মুকলি সভাত অসমৰ জনপ্ৰিয় দৈনিক কাকত আমাৰ অসমৰ সহকাৰী সম্পাদক মন্টু শইকীয়াক প্ৰদান কৰা হয় ‘সাংবাদিক জাহ্নৱী বৰুৱা সোঁৱৰণি বঁটা ২০২৫’৷
বিশিষ্ট লেখক- সাংবাদিক মন্টু শইকীয়াৰ সংবাদক্ষেত্ৰ আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হয়৷
ইয়োৰোপৰি কলাইগাঁও ওদালগুৰি নিবাসী তথা প্ৰতিদিন টাইমৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিক মোছাদ্দিক হুছেইনক ‘সাংবাদিক মিন্টু চাংমাই সোঁৱৰণি বঁটা-২০২৫’ প্ৰদান কৰা হয় ৷
অসমৰ ১২৬গৰাকী বিধায়কৰ ভিতৰতে অন্যতম দক্ষ বিধায়ক শিৱসাগৰৰ অখিল গগৈক ২০২৫ বৰ্ষৰ দক্ষ বিধায়ক বঁটা প্ৰদান কৰা হয়৷
একেদৰে তিনিচুকীয়াৰ অসিত দাসলৈ যুৱ সাংস্কৃতিক বঁটা, ওদালগুৰি জ্যেষ্ঠ সাংবাদিক দ্বীপেন ডেকালৈ ‘জীৱনজোৰা সংবাদ সাধনা ২০২৫ বঁটা’, বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক ৰমেশ চন্দ্ৰ চৰেণক ‘বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা’, হোজাই জিলাৰ জনপ্ৰিয় সাংবাদিক কমল বেজবৰুৱাক ‘সক্ৰিয় সাংবাদিকতা বঁটা’, মাজবাটৰ জ্যেষ্ঠ সাংবাদিক যতীন নাথক ‘দক্ষ সাংবাদিকতা বঁটা’, শিৱসাগৰৰ সাংবাদিক প্ৰাঞ্জল পূজাৰীক ‘দক্ষ সাংবাদিকতা বঁটা’, বজালীৰ সাংবাদিক ৰমিজ আলিক ‘শ্ৰেষ্ঠ অনুসন্ধানমূলক সাংবাদিকতা বঁটা’, বৰপেটাৰ সাংবাদিক মফিদুল হ’কক ‘শ্ৰেষ্ঠ অনুসন্ধানমূলক বঁটা’, কোকিলাৰ সাংবাদিক শ্বেলিমা আকটাৰাক ‘শ্ৰেষ্ঠ মহিলা সাংবাদিকতা বঁটা’,
সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদক ‘সাংস্কৃতিক ঐক্য বঁটা’, সাংবাদিক পৰিষদ (অসম)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰবিন দাসক ‘সংবাদ প্ৰেৰণা বঁটা’ প্ৰদান কৰা হয়৷
নলবাৰীৰ সমাজকৰ্মী গৌৰী কিংকৰ গোস্বামীলৈ “সমাজ হিতৈষী বঁটা ২০২৫,ৰুমী দেৱী গোস্বামীলৈ “সাহিত্য সৌৰভ বঁটা, নলবাৰীৰ বিশিষ্ট সাহিত্যিক দীপক শৰ্মালৈ “সাহিত্য সৌৰভ বঁটা প্ৰদান কৰা হয় ৷ইয়াৰোপৰি বাৰ্তা প্ৰযোজক হিচাপে দেইজী দাসক ,স্বৱনম ইয়াছমিনক যুৱ শিল্পী বঁটা. পাঠশালাৰ সমাজকৰ্মী মুহিমুদ্দিন আহমেদক সমন্বয় বঁটা, প্ৰদান কৰা হয়৷
প্ৰতিষ্ঠা দিবসত জ্যেষ্ঠ সাংবাদিক পুলিন দাস,কুলেশ তালুকদাৰ আদিয়ে ভাষণ ৰাখে৷ মুকলি সভাত উদীয়মান শিল্পী ছবি বড়ো (এছ বি লবছ) আৰু স্বৱনম ইয়াছমিনৰ গীতৰ শৰাই আৰু স্বেলিমা আকতাৰাৰ কবিতাই দৰ্শক অতিথি সকলোকে আপ্লুট কৰে৷