কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু অসমীয়া সংস্কৃতিঃ শংকা, সম্ভাৱনা আৰু আইনী যুঁজৰ বাস্তৱিকতা
কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু অসমীয়া সংস্কৃতিঃ শংকা, সম্ভাৱনা আৰু আইনী যুঁজৰ বাস্তৱিকতা

DD TIMESৰ আজিৰ লেখকঃ নিকুঞ্জ নাথ
কল্পনা কৰকচোন, আপুনি চকুৰ পচাৰতে এনে এটা সুমধুৰ গীত শুনিবলৈ পাইছে যিটো আচলতে কোনো মানুহে গোৱাই নাই! অথবা এখন নিটোল ছবি দেখিছে যিখন কোনো শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠা নাই! হয়, এয়া এতিয়া আৰু বিজ্ঞানাগাৰৰ আৱদ্ধ কল্পনা হৈ থকা নাই। সাম্প্ৰতিক সময়ত সামাজিক মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দ্বাৰা নিমিষতে সৃষ্টি কৰা গীত, প্ৰবন্ধ আৰু অতি বাস্তৱসন্মত ছবিবোৰে সকলোকে বিস্ময়াভিভূত কৰি তুলিছে। যন্ত্ৰৰ এই অভাৱনীয় আৰু দ্ৰুত সৃষ্টিশীলতাই যেনেকৈ ঈৰ্ষণীয় জনপ্ৰিয়তা লাভ কৰিছে, ঠিক সমান্তৰালভাৱে সচেতন নেটিজেন আৰু শিল্পী সমাজৰ মনত কিছুমান গভীৰ প্ৰশ্নৰো অৱতাৰণা কৰিছে।
AI-ৰ এই দ্ৰুত উত্থানে আমাৰ ভাষা-সাহিত্য আৰু আপুৰুগীয়া শিল্প-সংস্কৃতিৰ জগতখনলৈ এক অভূতপূৰ্ব সংকট কঢ়িয়াই আনিব নেকি? একাংশ নিবেদিতপ্ৰাণ শিল্পী, সাহিত্যিক আৰু কলা-কুশলীক ই ভৱিষ্যতৰ অনিশ্চয়তাৰ অন্ধকাৰলৈ ঠেলি দিব নেকি? যিহেতু AI-ৰ দ্বাৰা সৃষ্ট সকলো বস্তুৱেই এশ শতাংশ নিখুঁত বা মানৱীয় আৱেগসন্মত নহ’ব পাৰে, সেয়েহে ইয়াৰ দ্বাৰা আমাৰ থলুৱা ভাষা আৰু সংস্কৃতি বিকৃত হোৱাৰো এক প্ৰবল আশংকা আহি পৰিছে। সেয়েহে এতিয়া সময় আহি পৰিছে এই কথা গভীৰভাৱে আৰু যুক্তিসংগতভাৱে বিশ্লেষণ কৰাৰ- AI সঁচাকৈয়ে আমাৰ সমাজৰ বাবে এক ধ্বংসকাৰী অভিশাপ, নে ই এক নতুন যুগৰ আশীৰ্বাদ?
যন্ত্ৰক যদি মানুহে সঠিকভাৱে নিৰ্দেশনা (Prompt) দিব পাৰে, তেন্তে AI হৈ পৰিব পাৰে এজন অতি নিপুণ আৰু দ্ৰুত সহায়ক। উদাহৰণস্বৰূপে, এখন স্মৃতিগ্ৰন্থ বা কিতাপৰ বেটুপাত ডিজাইন কৰা, নতুন ডিজিটেল নিউজ পৰ্টেল বা অনলাইন ষ্ট’ৰৰ বাবে পেছাদাৰী ল’গ’ নিৰ্মাণ কৰা অথবা এটা দীঘলীয়া প্ৰবন্ধৰ মূল গাঁথনি প্ৰস্তুত কৰাৰ দৰে কামবোৰ AI-ৰ জৰিয়তে অতি কম সময়তে সুন্দৰকৈ কৰি উলিয়াব পাৰি। ই সৃষ্টিশীল জগতখনৰ লগত জড়িত শিল্পী আৰু সম্পাদকসকলৰ বহু মূল্যৱান সময় আৰু শাৰীৰিক শ্ৰম লাঘৱ কৰিব পাৰে।
তদুপৰি, আমাৰ পুৰণি সাহিত্য, হেৰাই যাবলৈ ধৰা লোকগীত বা সংস্কৃতিৰ সমলসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰাত AI-য়ে যুগান্তকাৰী ভূমিকা ল’ব পাৰে। পুৰণি, নষ্ট হ’বলৈ ধৰা অস্পষ্ট পাণ্ডুলিপি পঢ়া বা সংৰক্ষণাগাৰত থকা অস্পষ্ট অডিঅ’ ৰেকৰ্ডিং পুনৰুদ্ধাৰ কৰি তাক পৰিষ্কাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত বৰ্তমান AI প্ৰযুক্তিৰ কোনো বিকল্প নাই। কলা বা সংগীতৰ ক্ষেত্ৰতো AI-য়ে নতুন চিন্তাৰ জগত এখন মুকলি কৰি দিছে। নতুন প্ৰজন্মৰ উদ্ভাৱনী মনৰ শিল্পীসকলে AI-ৰ সহায় লৈ আধুনিক গীতৰ সুৰ সৃষ্টি কৰা বা নিৰ্দিষ্ট আৱেগ আৰু শব্দৰ গাঁথনিৰে পৰীক্ষা-নিৰীক্ষা কৰি নিত্য-নতুন সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
কিন্তু প্ৰযুক্তি যিমানেই উন্নত নহওক কিয়, ইয়াৰ নিজা কোনো আৱেগ বা শিপাৰ লগত সম্পৰ্ক নাথাকে। সেয়েহে, AI-ৰ দ্বাৰা আধুনিক অসমীয়া গীত বা কবিতা সৃষ্টি কৰিলে তাত প্ৰায়ে সঠিক আঞ্চলিক সুৰ বা মানৱীয় আৱেগৰ অভাৱ স্পষ্টকৈ ধৰা পৰে। বিশেষকৈ ভাষাৰ ক্ষেত্ৰত, AI-য়ে প্ৰায়ে নিৰ্দিষ্ট শব্দৰ সঠিক ধ্বনিগত উচ্চাৰণ নিখুঁতভাৱে ফুটাই তুলিব নোৱাৰে। উদাহৰণস্বৰূপে, অসমীয়া ভাষাৰ ‘সংলাপ’ বা ‘দিশহাৰা’ দৰে শব্দবোৰৰ যি সঠিক থলুৱা আৰু আৱেগিক উচ্চাৰণ আছে, সেয়া এটা যন্ত্ৰই কৃত্ৰিম কণ্ঠৰে হুবহু ফুটাই তোলাটো কঠিন। উপযুক্ত মানৱীয় পৰ্যবেক্ষণ নহ’লে ই আমাৰ মাতৃভাষা আৰু সংস্কৃতিক ভয়ংকৰভাৱে বিকৃত কৰাৰ আশংকা থাকে।
যিহেতু AI-য়ে বিনামূলীয়াকৈ বা অতি কম খৰচত নিমিষতে ছবি, গান, অনুবাদ বা প্ৰবন্ধ লিখি উলিয়াব পাৰে, সেয়েহে গ্ৰাফিক ডিজাইনাৰ, অনুবাদক, কণ্ঠশিল্পী বা প্ৰকাশনৰ লগত জড়িত কলা-কুশলীসকলৰ জীৱিকাৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। সংবাদ মাধ্যম বা ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে খৰচ কমাবলৈ মানুহৰ সলনি যন্ত্ৰক নিযুক্তি দিলে সমাজত নিবনুৱা সমস্যা বৃদ্ধি পোৱাটো নিশ্চিত।
তথাপি আমি মনত ৰখা উচিত যে, AI-য়ে নিজে কেতিয়াও নতুন একো সৃষ্টি নকৰে; ই কেৱল ইণ্টাৰনেটত উপলব্ধ থকা কোটি কোটি পুৰণি তথ্যৰ বিশ্লেষণ কৰি এটা নতুন ৰূপ সজাই দিয়ে। এখন মানৱ-সৃষ্ট চিত্ৰ, এটা গীত বা এখন কবিতাত যি আত্মা, যন্ত্ৰণা, বিষাদ বা আনন্দৰ স্পৰ্শ থাকে, সেয়া এলগৰিদম (Algorithm)ৰ জৰিয়তে সৃষ্টি কৰা যন্ত্ৰৰ সৃষ্টিকৰ্মত কেতিয়াও পাব নোৱাৰি। এটি কৃত্ৰিম গীতে হয়তো ক্ষন্তেকতে জনপ্ৰিয়তা লাভ কৰিব পাৰে, কিন্তু ই বেছিদিনলৈ মানুহৰ মনত স্থায়ী হৈ নাথাকে। যান্ত্ৰিকতাই এদিন আমুৱাবই। টিভি বা ম’বাইল ফোনৰ আগমনৰ সময়তো সমাজত যিদৰে কিছুমান আশংকাই মূৰ দাঙি উঠিছিল, আজিৰ আশংকাও ঠিক তেনেকুৱাই। গতিকে ভয় কৰাৰ কোনো কাৰণ নাই। AI-ক আমি শিল্পীৰ শত্ৰু বা প্ৰতিযোগী হিচাপে চোৱাৰ পৰিৱৰ্তে এডাল ‘উন্নত তুলিকা’ বা সহায়ক সঁজুলি হিচাপেহে গণ্য কৰা উচিত। যন্ত্ৰ যিমানেই দ্ৰুত নহওক কিয়, ই কেতিয়াও মানুহৰ আৱেগ, সামাজিক দায়বদ্ধতা আৰু কলাত্মক দৃষ্টিভংগীক অতিক্ৰম কৰিব নোৱাৰে। সেয়েহে, AI-ৰ জৰিয়তে সমল প্ৰস্তুত কৰাৰ পিছত এজন দক্ষ মানুহৰ পৰ্যবেক্ষণ আৰু সম্পাদনা নিতান্তই প্ৰয়োজনীয়। মানুহৰ স্পৰ্শ অবিহনে উচ্চাৰণ, বানান আৰু সাংস্কৃতিক বিশুদ্ধতা কেতিয়াও নিখুঁত হ’ব নোৱাৰে।
বৰ্তমান অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো AI ৰ দ্বাৰা ৰচিত গীতক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। একাংশই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু অসমৰ কলা-সংস্কৃতিক AI-ৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ আইনৰ কাষ চপাৰো হুংকাৰ দিছে। আন একাংশই আকৌ ইয়াক সমৰ্থন জনাই পৰিশীলিত ৰূপত AI-ক ব্যৱহাৰ কৰি সময়ৰ লগত খোজ মিলাই আগবঢ়াৰ পোষকতা কৰিছে। এজন শিল্পীৰ মনত নিজৰ সৃষ্টি আৰু ভৱিষ্যতৰ প্ৰতি থকা আশংকাৰ পৰাই এনে উদ্বেগৰ ভাব জন্মাটো স্বাভাৱিক। সমগ্ৰ বিশ্বৰ শিল্পীসকলেও আজি একেই উদ্বেগ প্ৰকাশ কৰিছে।
কিন্তু, “AI ৰ দ্বাৰা ৰচিত গীত অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা” কথাটো বাস্তৱিক আৰু আইনী দিশৰ পৰা প্ৰায় অসম্ভৱ। কাৰণ প্ৰযুক্তিৰ ব্যৱহাৰক সামগ্ৰিকভাৱে নিষিদ্ধ কৰাটো ভাৰতীয় সংবিধানৰ অধীনত থকা বাক আৰু মত প্ৰকাশৰ স্বাধীনতা (Article 19) আৰু বৃত্তি বা ব্যৱসায় কৰাৰ অধিকাৰৰ পৰিপন্থী হ’ব পাৰে। তদুপৰি, ইণ্টাৰনেটৰ যুগত কোনো এটা বিশেষ ভৌগোলিক অঞ্চলত নিৰ্দিষ্ট ডিজিটেল সমল সম্পূৰ্ণৰূপে বন্ধ কৰাটো কাৰিকৰীভাৱেও অতি কঠিন।
ভাৰতত বৰ্তমানলৈকে AI-ক নিয়ন্ত্ৰণ কৰিব পৰা কোনো সুনিৰ্দিষ্ট বা কঠোৰ “AI Act” নাই যদিও, শিল্পীসকলে বৰ্তমান থকা আইনসমূহৰ জৰিয়তে নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। যেনে- ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ অনুসৰি, কপিৰাইট কেৱল এজন ‘মানৱ স্ৰষ্টা’কহে প্ৰদান কৰা হয়। AI-য়ে নিজে কেতিয়াও কপিৰাইট দাবী কৰিব নোৱাৰে। যদি কোনো AI মডেলে কোনো শিল্পীৰ পুৰণি গীত, সুৰ বা সংগীত তেওঁৰ অনুমতি অবিহনে ‘ট্ৰেইনিং ডাটা’ (Training Data) হিচাপে ব্যৱহাৰ কৰি নতুন গীত সৃষ্টি কৰে, তেন্তে সেয়া কপিৰাইট উলংঘন হিচাপে গণ্য হ’ব। এনে ক্ষেত্ৰত ক্ষতিগ্ৰস্ত শিল্পীগৰাকীয়ে আদালতৰ কাষ চাপিব পাৰে।
তদুপৰি, যদি কোনো AI গীতত নিৰ্দিষ্ট এজন শিল্পীৰ কণ্ঠস্বৰ (যেনে- জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত বা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কণ্ঠ) অনুমতি অবিহনে হুবহু নকল (Voice Cloning) কৰা হয়, তেন্তে সেয়া শিল্পীগৰাকীৰ ‘ব্যক্তিস্বত্বৰ অধিকাৰ’ৰ (Personality Rights) উলংঘন।
শেহতীয়াকৈ ভাৰতীয় ন্যায়ালয়ে বলিউডৰ তাৰকা অমিতাভ বচ্চন, অনিল কাপুৰ আদিৰ ক্ষেত্ৰত তেওঁলোকৰ কণ্ঠ আৰু নাম AI ৰ দ্বাৰা নকল কৰাৰ বিৰুদ্ধে কঠোৰ ৰায়দান দিছে। [(ক) অমিতাভ বচ্চনৰ গোচৰ (২০২২): দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ নাম, ছবি আৰু কণ্ঠৰ (Voice) অনুমতিবিহীন ব্যৱহাৰ বা AI ৰ দ্বাৰা নকল কৰাৰ বিৰুদ্ধে সমগ্ৰ বিশ্বৰ বাবে এক নিষেধাজ্ঞা (Injunction) জাৰি কৰিছিল। (খ) অনিল কাপুৰৰ গোচৰ (২০২৩): ২০২৩ চনত দিল্লী উচ্চ ন্যায়ালয়ে অনিল কাপুৰৰ নাম, মাত, ছবি আৰু তেওঁৰ বিখ্যাত শব্দাংশ (যেনে- ‘ঝকাছ’) AI ৰ দ্বাৰা অপব্যৱহাৰ কৰাৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰি ৰায়দান দিছিল।] আনহাতে, যদি কোনো ব্যক্তিয়ে AI ৰ দ্বাৰা গীত নিৰ্মাণ কৰি সেয়া প্ৰৱঞ্চনাৰে “অমুক শিল্পীৰ নতুন গীত” বুলি প্ৰচাৰ কৰে, তেন্তে সেয়া আইনমতে দণ্ডনীয় অপৰাধ।
অৰ্থাৎ, সামগ্ৰিকভাৱে AI-ৰ গীত নিষিদ্ধ কৰিব নোৱাৰিলেও, শিল্পীৰ সুৰ চুৰি কৰা বা কণ্ঠ নকল কৰা নিৰ্দিষ্ট গীতবোৰ আদালতৰ জৰিয়তে নিশ্চয়কৈ নিষিদ্ধ কৰিব পাৰি। AI আৰু মানৱ সৃষ্টিৰ মাজৰ এই সংঘাত সমগ্ৰ বিশ্বৰ আইনী ব্যৱস্থাৰ বাবে এক নতুন প্ৰত্যাহ্বান আৰু সময়ৰ লগে লগে ইয়াৰ নিয়ন্ত্ৰণৰ বাবে নতুন আইন প্ৰণয়ন হোৱাটো অতি জৰুৰী হৈ পৰিছে।
শেষত নিঃসন্দেহে ক’ব পাৰি যে, AI নিজে কোনো অভিশাপ বা আশীৰ্বাদ নহয়; ই মাত্ৰ এটা আধুনিক প্ৰযুক্তি। ইয়াক আমি কেনেদৰে আৰু কি উদ্দেশ্যত ব্যৱহাৰ কৰোঁ, তাৰ ওপৰতেই আমাৰ শিল্প-সংস্কৃতিৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। যদি আমি আমাৰ শিপাডাল টানকৈ ধৰি ৰাখি, নিজৰ মৌলিকতাক বিসৰ্জন নিদিয়াকৈ AI-ক কেৱল আমাৰ কামৰ এক সহায়ক সঁজুলি হিচাপে ব্যৱহাৰ কৰোঁ, তেন্তে ই ভৱিষ্যতে এক ডাঙৰ আশীৰ্বাদ হিচাপে পৰিগণিত হ’ব। কিন্তু ইয়াৰ বিপৰীতে, যদি মানুহে নিজৰ সমগ্ৰ কৰ্তৃত্ব, চিন্তাশক্তি আৰু মগজু যন্ত্ৰৰ হাতত এৰি দিয়ে, তেন্তে ই অৱধাৰিতভাৱে আমাৰ ভাষা, সমাজ আৰু সংস্কৃতিৰ বাবে এক ভয়ংকৰ অভিশাপলৈ ৰূপান্তৰিত হ’ব।

