Dhubri-Phulbari connecting bridge: ধুবুৰী-ফুলবাৰী সংযোগী দলংখন জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰিবলৈ লোকসভাত আহ্বান জনালে সাংসদ ৰকিবুল হুছেইনে
ধুবুৰী-ফুলবাৰী সংযোগী দলংখন জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰিবলৈ লোকসভাত আহ্বান জনালে সাংসদ ৰকিবুল হুছেইনে

DD TIMES গুৱাহাটী, ৪ ডিচেম্বৰঃ সংসদৰ শীতকালীন অধিৱেশনত আজি পুনৰ উত্থাপিত হ’ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰসংগ।
ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে লোকসভাত শিল্পী জুবিন গাৰ্গৰ প্ৰসংগ উত্থাপন কৰি ধুবুৰী-ফুলবাৰী সংযোগী দলংখন জুবিন গাৰ্গৰ নামেৰে নামকৰণ কৰিবলৈ আহ্বান জনায়।

”জুবিন গাৰ্গ কেৱল সংগীত শিল্পীয়েই নাছিল। তেখেত আছিল অসমীয়া জাতিৰ গৌৰৱ, অসমীয়া জাতিৰ পৰিচয়।
অসমীয়া সংগীতৰ লগতে অসমীয়া জাতিসত্তাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা অসমৰ মহান শিল্পীসকলৰ মাজত জুবিন গাৰ্গ আছিল অন্যতম।
এনে এগৰাকী মহান শিল্পীৰ প্ৰতি সন্মান জনাবলৈ ধুবুৰী-ফুলবাৰী সংযোগী দলংখন জুবিন গাৰ্গদেৱৰ নামেৰে নামকৰণ কৰিবলৈ আহ্বান জনালো।’’- সাংসদগৰাকীয়ে কয়।
এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথাও সদৰী কৰে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হুছেইনে।
উল্লেখ্য যে, বুধবাৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সংসদৰ শীতকালীন অধিৱেশনত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰিবলৈ দাবী জনাইছিল।

