World AIDS Day: নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন

DD TIMES বেবেজীয়া, ১ ডিচেম্বৰঃ মধ্য অসমৰ বাণিজ্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত আজি বিশ্ব এইডছ দিৱস উপলক্ষে এক সজাগতা মূলক সভা অনুষ্ঠিত হয়।
মহাবিদ্যালয়ৰ সভাকক্ষত আয়োজন কৰা উক্ত সভাখনি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভ হয়। ভাষণ প্ৰসংগত তেখেতে বিশ্ব এইডছ দিৱসৰ আৰম্ভণি আৰু ইয়াৰ তাৎপৰ্যৰ বিষয়ে বিশেষ ভাৱে অৱগত কৰে।
তেখেতে বৰ্তমান সময়ত এই বেমাৰটোৱে কেনেদৰে উঠি অহা যুৱ প্ৰজন্মক ইয়াৰ কবলত পেলাইছে সেই বিষয়ে বহলাই ব্যাখ্যা দাঙি ধৰি ইয়াৰ পৰা কেনেদৰে বাছি থাকিব পৰা যায় সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ প্ৰদান কৰে। এই সজাগতা সভাত উপস্থিত থাকে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী পৰামৰ্শ দাতা ময়ুৰী বৰকটকী।
তেখেতে এইডছৰ সংক্ৰমণ সম্পৰ্কে মত আগবঢ়ায়। ইতিমধ্যে সংক্ৰমণৰ বলি হোৱা ৰোগী সকলক আমি কেনে দৃষ্টিভংগীৰে চোৱা উচিত সেই সম্পৰ্কে আলোচনা আগবঢ়ায় আৰু ভয়াৱহ ব্যাধিস্বৰূপ এই ৰোগটোৰ বাবে আমাৰ কৰণীয় সম্পৰ্কেও পৰামৰ্শ আগবঢ়ায়।উক্ত অনুষ্ঠানটোৰ সমল ব্যক্তি বৰকটকীয়ে এই সজাগতা সভাত উপস্থিত সকলোকে এই বাৰ্তা সমূহ সমাজলৈ আগবঢ়াই লৈ যাবলৈ আহ্বান জনায়।
এন.চি.চি. আৰু এন.এছ.এছ. ৰ স্বেচ্ছাসেৱক সকল, ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকল, ৰেড ৰিবন ক্লাবৰ ছাত্ৰ ছাত্ৰী সকল আৰু অধ্যাপক অধ্যাপিকা উপস্থিত থকা উক্ত সভাখন পৰিচালনা কৰে ৰেড ৰিবন ক্লাৱৰ শিক্ষক তত্ত্বাৱধায়ক তথা অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ভূপেশ টুমুং।
তাৰোপৰি বিশ্ব এইডছ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্ত্বাৱধায়ক ড° পূজা নেওগৰ তত্ত্বাৱধানত এক চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।
উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰিচা কুণ্ড, দ্বিতীয় স্থান ৰিয়া বসুমতাৰী, তৃতীয় স্থান ৰিয়া চৰকাৰে আৰু উক্ত প্ৰতিযোগিতাৰ সমূহ বিজয়ী প্ৰতিযোগীসকলক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰে ।

