অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

Assam Club Cricket: গোগামুখত ক্লাব ক্ৰিকেটত অভিনৱৰ বিস্ফোৰক শতকীয় ইনিংছ

Spread the love

গোগামুখত সদৌ অসম ক্লাব ক্ৰিকেট  প্ৰতিযোগিতা ডিব্ৰুগড় আই স্প’ৰ্টছ কোৱাৰ্টাৰ ফাইনেলতঃ অভিনৱৰ বিস্ফোৰক শতকীয় ইনিংছ

DD TIMES গোগামুখ, ৩০ নৱেম্বৰঃ লখিমপুৰ আৰু ধেমাজি জিলা সীমান্তৱৰ্তী পথালিপামৰ সোৱণশিৰি মহাবিদ্যালয়ৰ খেলপথাৰত গোগামুখ ক্ৰিকেট একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৃষ্ঠপোষকতাত সদৌ অসম ভিত্তিত পুৰ্ণ গতিত অনুষ্ঠিত হৈ   থকা ১৬ বছৰ অনুৰ্ধ্বৰ ল’ৰাৰ  ক্ৰিকেট প্ৰতিযোগিতাত ডিব্ৰুগড় আই স্প’ৰ্টছে বিশ্বনাথৰ বৰগাং ক্ৰিকেট একাডেমীক ১২৯ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি  কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷

শনিবাৰে অনুষ্ঠিত হোৱা খেলত টছ’ত জয়ী হৈ ডিব্ৰুগড় আই স্প’ৰ্টছে  প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি   নিৰ্ধাৰিত ৩০ অভাৰত  অধিনায়ক অভিনৱৰ বিস্ফোৰক শতৰাণৰ সহায়ত ৪ উইকেটৰ বিনিময়ত  ২৭৬ ৰাণ  সংগ্ৰহ কৰে ৷ দলৰ হৈ অভিনৱে ১০৩ বলত ১৫৭ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। 

অভিনৱৰ শতকীয় ইনিংছত আছিল ২৫ টা বাওণ্ডাৰী আৰু ৫ টা অভাৰ বাওণ্ডাৰী ৷ অভিনৱৰ যাদুকৰী বেটিঙত বৰগাং ক্ৰিকেট একাডেমীৰ কোনো এগৰাকী বলাৰে মুৰ ডাঙি উঠিব নোৱাৰিলে ৷

দলৰ হৈ ইমামউদ্দিনে ৪৬ বলত ২৫ ৰাণ সংগ্ৰহ কৰি নিজ দলক শক্তিশালী ৰাণৰ ভেটি তৈয়াৰ কৰাত সহায় কৰে ৷ 

২৭৭ ৰাণৰ বিশাল ৰাণৰ লক্ষ্য অনুকৰণ কৰি বৰগাং ক্ৰিকেট একাডেমীয়ে নিৰ্ধাৰিত ৩০ অভাৰত ৮ উইকেট হেৰুৱাই ১৪৭ ৰাণহে সংগ্ৰহ কৰি পৰাজয়ৰ সন্মুখীন হয়৷ বৰগাঙৰ হৈ অধিনায়ক প্ৰাঞ্জলে ধৈৰ্যশীল বেটিঙেৰে ৮১ বলত ৭৭ ৰাণ সংগ্ৰহ কৰে ৷

বৰগাঙৰ হৈ ফটিক লুইটেলে ২১ বলত ১৬ ৰাণ সংগ্ৰহ কৰে। শনিবাৰৰ খেলত হিৰ’ অফ দ্যা মেচ, শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বেটাৰৰ সন্মান লাভ কৰে আই স্প’ৰ্টছৰ অধিনায়ক অভিনৱে ৷ শ্ৰেষ্ঠ বলাৰ হিচাপে বিবেচিত হৈ আই স্প’ৰ্টছৰ ছাকিমে ৷

ছাকিমে ৫ অভাৰত ২৬ ৰাণ খৰচ কৰি ৩ উইকেট লাভ কৰে ৷ উল্লেখনীয় যে, গোগামুখ ক্ৰিকেট একাডেমীয়ে ক্ৰিকেট টুৰ্ণামেন্টৰ ট্ৰফী অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নাম উৎসৰ্গা কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!