12 Year Old Himanshu Das: ১২ বছৰীয়া হিমাংশু দাসৰ সুন্দৰ-অনবদ্য শতক
গোগামুখত সদৌ অসম ক্লাব ক্ৰিকেট প্ৰতিযোগিতাঃ ২৫২ ৰাণত বিজয়ী গোগামুখঃ ১২ বছৰীয়া হিমাংশু দাসৰ সুন্দৰ-অনবদ্য শতক

DD TIMES গোগামুখ, ৩০ নৱেম্বৰঃ লখিমপুৰ আৰু ধেমাজি জিলা সীমান্তৱৰ্তী পথালিপামৰ সোৱণশিৰি মহাবিদ্যালয়ৰ খেলপথাৰত গোগামুখ ক্ৰিকেট একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পৃষ্ঠপোষকতাত সদৌ অসম ভিত্তিত পুৰ্ণ গতিত অনুষ্ঠিত হৈ থকা ১৬ বছৰ অনুৰ্ধ্বৰ ল’ৰাৰ ক্ৰিকেট প্ৰতিযোগিতাত গোগামুখ ক্ৰিকেট একাডেমীয়ে চিমেন চাপৰি ক্ৰিকেট একাডেমীক ২৫২ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷
শুকুৰবাৰৰ একপক্ষীয় খেলখন টছ’ত জয়ী গোগামুখ ক্ৰিকেট একাডেমীয়ে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু নিৰ্ধাৰিত ২৫ অভাৰত ৩ উইকেট হেৰুৱাই ৩০১ ৰাণৰ বিশাল স্কৰ থিয় কৰায়৷ গোগামুখ ক্ৰিকেট একাডেমীৰ হৈ ১২ বছৰীয়া প্ৰতিভাৱান কিশোৰ খেলুৱৈ ৬৯টা বলত ১০৪ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়৷
হিমাংশুৱে তেওঁৰ এই সুন্দৰ আৰু অনবদ্য শতকটোত আছিল ১৯টা নিখুঁত বাওণ্ডাৰী বহুকেইটা দৃষ্টিনন্দন ১/২ ছিংগুল ৰাণ ৷ দলটোৰ হৈ বেটিঙৰ ধুমুহা সৃষ্টি কৰি বিবেক থাপাই মাত্ৰ ২৫ বলত ৭৫ ৰাণ আৰু ৰোহিত চাহুৱে মাত্ৰ ৫১ বলত ৮১ ৰাণ সংগ্ৰহ কৰি এক প্ৰকাৰ ৰাণৰ পাহাৰ গঢ়ি তোলে ৷
গোগামুখ ক্ৰিকেট একাডেমীৰ পৰ্বসম স্কৰ অনুকৰণ কৰি চিমেন চাপৰি ক্ৰিকেট একাডেমীয়ে ১৭.৫ অভাৰত ৯ উইকেট হেৰুৱাই মাত্ৰ ৪৯ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দলটোৰ হৈ প্ৰণৱ নাথে সৰ্বাধিক ২১ ৰাণৰ বৰঙণি আগবঢ়ায় ৷ দলটোৰ বাকী কোনো এগৰাকী খেলুৱৈয়ে দশকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে ৷
উজ্জীৱিত বেটিং প্ৰদশৰ্ন কৰাৰ বাবে গোগামুখ ক্ৰিকেট একাডেমীৰ বেটাৰ হিমাংশু দাসক ক্ৰমে মেন অফ দ্যা মেচ আৰু শ্ৰেষ্ঠ বেটাৰৰ সন্মানদিয়া হয় ৷
শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে গোগামুখ ক্ৰিকেট একাডেমীৰ দীপজ্যোতি মালাকাৰে ৷ দীপজ্যোতিয়ে ৫ অভাৰ বল কৰি মাথোঁ ৯ ৰাণ খৰচ কৰি ৩ উইকেট দখল কৰে ৷

