অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

New President Pranjal Chutia: ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ প্ৰাঞ্জল চুতীয়াৰ

Spread the love

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ প্ৰাঞ্জল চুতীয়াৰ

DD TIMES ঢকুৱাখনা, ২১ নৱেম্বৰঃ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অনুমোদনক্ৰমে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নতুন সভাপতিৰ দায়িত্ব পোৱা যুৱ নেতা প্ৰাঞ্জল চুতীয়াই আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।

আজি পুৱা ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতিগৰাকীক
ঢকুৱাখনা নগৰৰ গণেশ গগৈ প্ৰেক্ষাগৃহৰ সন্মুখৰ পৰা কংগ্ৰেছৰ দলীয় কৰ্মীসকলে উৰুলি-গায়নৰ লগতে নৃত্য গীতেৰে আদৰি নিয়ে ৰাজীৱ ভৱনলৈ‌।

ৰাজীৱ ভৱনত গৈ পোৱাৰ পিছতে কেইবাসহস্ৰাধিক দলীয় কৰ্মকৰ্তাই উষ্ণ আদৰণি জনাই।

ইফালে ৰাজীৱ ভৱনৰ ভিতৰত প্ৰৱেশ কৰিয়েই ভকতৰ জড়িয়তে মাংগলিক কাৰ্যসূচী ৰূপায়ন কৰি নিজৰ কক্ষত আসন গ্ৰহণ কৰে ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নতুন সভাপতি প্ৰাঞ্জল চুতীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!