অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

SIVSAGAR: শিৱসাগৰত অসম সাহিত্য সভাৰ ‘সুৱাগ তোলা অনুষ্ঠান’

Spread the love

ইন্দ্ৰকান্ত ব্যাকৰণ প্ৰকাশ কৰিব অসম সাহিত্য সভাইঃ ড° বসন্ত কুমাৰ গোস্বামী

চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসমীয়া জাতিৰ আৱেগঃ প্ৰধান সম্পাদক দেৱজিৎ বৰা

শিৱসাগৰত অসম সাহিত্য সভাৰ ‘সুৱাগ তোলা অনুষ্ঠান’ সম্পন্ন

স্মাৰক গ্ৰন্থ ‘চন্দ্ৰকান্ত’ উন্মোচন পদুম ৰাজখোৱাৰ

DD TIMES শিৱসাগৰ, ১০ নৱেম্বৰঃ এটা ভৱনক লৈ শতবৰ্ষ উদযাপন কৰাটো এটা জাতিৰ বাবে বিৰল পৰিঘটনা, এই আয়োজনে দানবীৰ ৰাধাকান্ত সন্দিকৈৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ প্ৰয়াস কৰা হৈছে। আজি (৯ নৱেম্বৰ) অসম সাহিত্য সভাৰ চেৰাশালী শিৱসাগৰত উপস্থিত থাকি আমি পৰম সন্তোষ লাভ কৰিছোঁ।

অসম সাহিত্য সভাৰ উদ্যোগত শিৱসাগৰ জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত শাখা সাহিত্য সভাসমূহৰ আতিথ্যত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে সুৱাগ তোলা অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে এইদৰে কয়। তেওঁ লগতে কয় যে ৰাধাকান্ত সন্দিকৈৰ সপোন ইন্দ্ৰকান্ত ব্যাকৰণ প্ৰকাশ কৰিব অসম সাহিত্য সভাই।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্যৰ কথকতা প্ৰসংগত কয়- চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসমীয়া জাতিৰ আৱেগ, এই ভৱনৰ শতবৰ্ষ আয়োজন কৰাটোৱেই ভৱনদাতা ৰাধাকান্ত সন্দিকৈৰ প্ৰতি কৃতজ্ঞতাৰ চিন।

দানী ব্যক্তি এজনৰ প্ৰতি অসম সাহিত্য সভাই কৰিব লগা শ্ৰদ্ধাই হৈছে আজিৰ এই আয়োজন, এই আয়োজনে কেৱল অসম সাহিত্য সভাৰেই নহয় সমগ্ৰ অসমীয়া জাতিৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে।

শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে আঁত ধৰা সভাখনত ড° সীমান্ত বৰুৱাৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘চন্দ্ৰকান্ত’ উন্মোচন কৰে পদুম ৰাজখোৱাই।

শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি সাহিত্যিক প্ৰেম গগৈয়ে উদ্বোধন কৰা সভাখনত অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক ড° ৰঘুনাথ কাগয়ুঙ, ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰকল্পৰ আহ্বায়ক নুৰুল চুলতান, সাংগঠনিক সম্পাদকদ্বয় দুলাল নাথ আৰু সুনীল গুৰুঙ, প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথ, কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজন, হাস্য ব্যংগ উপসমিতিৰ আহ্বায়ক জিতুল বৰা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মিণ্টু দাস, মৃনাংক শইকীয়া, মনোৰঞ্জন টায়ে, শিৱসাগৰ জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি সন্তোষ দত্ত, প্ৰাক্তন জিলা প্ৰতিনিধি বিনোৱা টায়ে, জিলা সভাপতি যোগেশ কিশোৰ ফুকন, উপ-সভাপতি তথা আদৰণী সমিতিৰ যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি উত্তম কুমাৰ হাজৰিকা, জিলা সভাপতি মহেন্দ্ৰ হাজৰিকা, উপ-সভাপতি মাধৱ মহন্ত, সম্পাদক মিতালী শইকীয়া, চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি মুকুট বৰগোহাঁই, সম্পাদক বিপুল বৰুৱা, তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্ত, শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সাহিত্য সভাসমূহৰ সভাপতি-সম্পাদক, বিষয়ববীয়া প্ৰমুখ্যে কেইবাশতাধিক সাহিত্য অনুৰক্ত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

আদৰণি সমিতিৰ সভাপতি তথা জিলা উন্নয়ন আযুক্ত সমীৰণ বৰাই প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি তত্ত্বগধূৰ বক্তৃতা প্ৰদান কৰে।

চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।

ইফালে, দিনটোৰ প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ১০৮খন পতাকাৰ মূল পতাকা উত্তোলন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকনে আৰু পুৱা ৯.৩০ বজাত স্মৃতি তর্পণ কৰে ৰংপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেম বৰুৱাই।

ইয়াৰ পিছতে শিৱসাগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ পৰা ১০.৩০ বজাত শুভাৰম্ভ হোৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মোহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!