অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ITF WORLD RANKING TENNIS: গুৱাহাটীত আই টি এফ বিশ্ব ৰেংকিং টেনিছ

Spread the love

মাষ্টাৰ্ছ-জুনিয়ৰ আন্তৰ্জাতিক প্ৰতিযোগিতাত ১৫ খন দেশৰ অংশগ্ৰহণ

আজিৰে পৰা গুৱাহাটীত আই টি এফ বিশ্ব ৰেংকিং টেনিছ

DD TIMES গুৱাহাটী, ৯ নৱেম্বৰঃ আয়োজক ভাৰতসহ বিশ্বৰ ১৫ খন দেশৰ দুই শতাধিক খেলুৱৈৰ অংশগ্ৰহণৰে কাইলৈৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব আই টি এফ স্বীকৃত দুখনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতা৷

সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন মহানগৰীৰ চচলস্থিত টেনিছ প্ৰকল্পত অনুষ্ঠিত হ’ব৷

কাইলৈ পুৱাৰে পৰা আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেচনৰ বিশ্ব ৰেংকিং ইভেণ্ট আই টি এফ মাষ্টাৰ্ছ এমটি২০০ প্ৰতিযোগিতাখনৰ খেল সদৌ অসম টেনিছ সন্থাৰ কমপ্লেক্সত আৰম্ভ হ’ব৷

পুৰুষ আৰু মহিলাৰ একক, ডাবলছ তথা মিক্সড ডাবলছৰ খেল অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত মুঠ ৮৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷ ৩৫, ৪৫, ৫৫ আৰু ৬৫ বছৰৰ উধ্বৰ্ৰ পুৰুষ আৰু মহিলাৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে জাৰ্মানী আৰু শ্লোভাকিয়াৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে৷

ইফালে, সন্মানীয় প্ৰতিযোগিতাখনৰ বাবে আই টি এফে টুৰ্ণামেণ্ট সঞ্চালক হিচাপে অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তক নিযুক্তি দিছে৷ আনহাতে, আই টি এফৰ তত্বাৱধায়ক হিচাপে থাকিব ছাইকত ৰায়৷

উল্লেখ্য যে সদৌ অসম টেনিছ সন্থাই যোৱা পাঁচ বছৰ ধৰি ধাৰাবাহিকভাৱে এই প্ৰতিযোগিতাখন আয়োজন কৰি আহিছে৷

ইফালে, ১৪ নৱেম্বৰত আই টি এফ মাষ্টাৰ্ছ প্ৰতিযোগিতাখন সমাপ্ত হোৱাৰ পাছতে অহা ১৭-২২ নৱেম্বৰলৈ চচল প্ৰকল্পত দ্বিতীয়খন আন্তৰ্জাতিক প্ৰতিযোগিতা আই টি এফ জুনিয়ৰ [জে ৬০] টেনিছ অনুষ্ঠিত হ’ব৷

ল’ৰা-ছোৱালীৰ উক্ত প্ৰতিযোগিতাখন ১৮ বছৰ অনূধ্বৰ্ শাখাৰ৷ ১৭ নৱেম্বৰৰ পৰা মুল ৰাউণ্ডৰ খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ১৫-১৬ নৱেম্বৰত দুদিনীয়াকৈ কোৱালিফায়িং ৰাউণ্ডৰ খেল হ’ব৷

ইতিমধ্যে প্ৰতিযোগিতাত আয়োজক ভাৰতৰ লগতে জাৰ্মানী, আমেৰিকা, শ্ৰীলংকা, জাপান, হংকং, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, কাজাখস্তান, ফ্ৰান্স, মালয়েছিয়া, তুৰস্ক, মেক্সিকোৰ খেলুৱৈয়ে যোগদান নিশ্চিত কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!