অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

GURU NANAK JAYANTI 2025: বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত গুৰুনানকৰ ৫৫৬ সংখ্যক জয়ন্তী উদযাপন

Spread the love

বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত গুৰুনানকৰ ৫৫৬ সংখ্যক জয়ন্তী উদযাপন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু অমৃতকণ্ঠ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্নঃ শিখ ধর্মীয় ভক্তিমূলক গীতেৰে জীপাল হৈ পৰিল গুৰুদ্বাৰ প্ৰাংগণ

DD TIMES বেবেজীয়া, ৬ নৱেম্বৰঃ শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্রীশ্রী গুৰুনানকৰ ৫৫৬ সংখ্যক জন্ম জয়ন্তী কালি বৰক’লা গাঁৱৰ শিখ ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে কেন্দ্রীয় গুৰুদ্ধাৰত উদযাপন কৰে।

এই উপলক্ষে বৰক’লাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত গ্ৰন্থ চাহেবজীৰ অখণ্ড পাঠৰ লগতে যোৱা এসপ্তাহ ধৰি পুৱা প্রভাত ফেৰী কৰা হয়। এই কার্যত নিতৌ কেইবাশ ভক্তিপ্রাণ লোকে অংশগ্রহণ কৰে।

আজি অখণ্ড পাঠৰ সমাপ্তিৰ পিচত এখন শিখ ধৰ্ম প্ৰৱৰ্তক শ্ৰীগুৰু নানকৰ জীৱন দৰ্শনৰ ওপৰত ধর্মালোচনী সভা অনুষ্ঠিত হয়।

ধর্মালোচনা সভাৰ সভাপতিত্ব কৰে গুৰদ্বাৰৰ সভাপতি তথা বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙে।

গুৰুদ্বাৰৰ সম্পাদক তথা সমাজকর্মী ৰঞ্জু সিঙে আঁত ধৰা সভাখনত সাংবাদিক দেৱজিৎ হাজৰিকাই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি কয়, ‘মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু শিখগুৰু গুৰুনানক সমসাময়িক মহাপুৰুষ আছিল।

অসমীয়া শিখসকলে বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি অসমীয়া জাতি গঠন প্রক্রিয়ালৈ অৱদান আগবঢ়োৱা সঁচাকৈ প্রশংসনীয়।’

সভাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপাল সিং, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্রতাপ সিং,দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰতন সিং, সমাজকর্মী কর্নেল সিং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৰুনানকৰ জীবনাদর্শ সুন্দৰকৈ আলোকপাত কৰি ভাষণ প্ৰদান কৰে।

উল্লেখ্য যে উক্ত অনুষ্ঠানত শিখ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীগুৰু নানকৰ জীৱনৰ চমু পৰিচয়ৰ এখন পুস্তিকা উন্মোচন কৰা হয়। সভাত বৰক’লাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোবিন শৰ্মা, বিজেপিৰ নগাঁও জিলাৰ উপসভাপতি সুৰ্বণ সিং, ঈশ্বৰ সিং, দীপ সিং, হৰদীপ সিং, ডাঃ থ্ৰিনাৰায়ন সিং, বলদেৱসিং,ভজন সিং, মনোহৰ সিং, মনফুল সিং, চমিনদৰ সিং, হাজাৰ সিং,কৃপাল সিং, অমিতপাল সিং, হৰপাল সিং, হৰবন কৌৰ, মঞ্জিল কৌৰ, দক্ষিণ জাগিয়াল গাওঁ পঞ্চায়তৰ সভানেত্ৰী টুটুমনি লস্কৰ, উপ-সভানেত্ৰী গীতাঞ্জলি দাস, নিতু কৌৰ কে ধৰি বৰক’লাৰ শিখ সমাজৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত জেঠাদাৰ সমৰ সিং, জ্ঞানী হৰভজন সিং, বিবি জচী কৌৰ, পলবেনদৰ কৌৰ, মনপ্রীত কৌৰ, গুৰুপ্ৰীত কৌৰ, বিবি নৰিন্দ্ৰপাল কৌৰকে ধৰি বহু কেইজন লোকে শিখ ধৰ্মীয় গীত পৰিবেশন কৰাৰ লগতে ভক্তিমূলক গীতৰ অনুষ্ঠানে কেন্দ্ৰীয় গুৰুদ্বাৰ প্ৰাংগণ জীপাল কৰি তোলে।

উল্লেখযোগ্য যে পুৱাৰ ভাগত ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী অমৃত কন্ঠ জুবিন গাৰ্গৰ স্মৃতিচাৰণৰ লগতে শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানটোৱে সমগ্ৰ অনুষ্ঠানটোক নতুন মাত্ৰা প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!