SRI SRI AUNIATI SATRA: উত্তৰ গুৱাহাটী শ্ৰী শ্ৰী আউনীআটী সত্ৰত কাতি বিহু উদযাপনঃ সত্ৰৰ প্ৰাঙ্গণত আকাশ বন্তি প্ৰজ্বলন
উত্তৰ গুৱাহাটী শ্ৰী শ্ৰী আউনীআটী সত্ৰত কাতি বিহু উদযাপনঃ সত্ৰৰ প্ৰাঙ্গণত আকাশ বন্তি প্ৰজ্বলন
DD TIMES উত্তৰ গুৱাহাটী,১৮ অক্টোবৰঃ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত শ্ৰী শ্ৰী আউনীআটী সত্ৰ প্ৰতিষ্ঠা কালৰে কাতি বিহুৰ দিনা ২১ যোৰ আকাশ বন্তি প্ৰজ্বলন কৰা প্ৰথা পৰম্পৰাগত ভাবে চলি আহিছে।

তদনুৰূপে ১৯১৭ চনত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ শাখা সত্ৰ উত্তৰ গুৱাহাটীত প্ৰতিষ্ঠা হোৱা কালৰে পৰা কাতি বিহুৰ দিনা আকাশ বন্তি প্ৰজ্বলন কৰা প্ৰথা পৰম্পৰাগত ভাবে চলি আহিছে ।
আজি সেই পৰম্পৰা ৰক্ষা কৰি উত্তৰ গুৱাহাটী আউনীআটী সত্ৰ শাখা সত্ৰটো সত্ৰৰ ভকত বৈষ্ণৱ সকলৰ উপস্থিতিত আকাশ বন্তি প্ৰজ্বলন কৰা হয়।
আজি সন্ধিয়া সত্ৰৰ শালগ্ৰাম মহাপ্ৰভুক সত্ৰৰ গায়ন বায়নে মূল মণিকূটৰ উলিয়ায় আকাশ বন্তি প্ৰজ্বলন কৰা স্থানত স্থাপন কৰে।
ইয়াৰ পিছতে আকাশ বন্তি প্ৰজ্বলন কৰা স্থানত ৰোপন কৰা তুলসী পুলিৰ লগতে শালগ্ৰাম মহাপ্ৰভুক সত্ৰৰ বৰপূজাৰী ভৱেন্দ্ৰ নাথ শৰ্মাই পূজা অৰ্চনা কৰে। উপস্থিত ভকত বৈষ্ণৱ সকলে নাম কীৰ্তন কৰে।
নাম কীৰ্তনৰ অন্তত সত্ৰৰ বৰপূজাৰীয়ে সমূহ ৰাইজৰ মঙ্গল কামনা কৰি আশীৰ্বাদ প্ৰদান কৰে। ইয়াৰ পিছতে সমূহ ভকত বৈষ্ণৱৰ উপস্থিতিত বৰপূজাৰীয়ে আকাশ বন্তি প্ৰজ্বলন কৰে।
আকাশ বন্তি প্ৰজ্বলন কৰাৰ অন্তত সত্ৰৰ তৰফৰ পৰা মাহ প্ৰসাদ বিতৰণ কৰা হয়।

