জৰাবাৰী শংকৰদেৱ শিশু নিকেতনত বিচিত্ৰানুষ্ঠান
DD TIMES: নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ জৰাবৰীত জৰাবাৰী শংকৰদেৱ শিশু নিকেতনত আজি দিনজোৰা কাৰ্যসূচীৰে বিচিত্ৰানুষ্ঠান আয়োজন কৰা হয়।
অনুষ্ঠানত পুৱা ৯ বজাত পতাকা উত্তোলন কৰে নিকেতনৰ সম্পাদক প্ৰিয়নাথ হীড়াই। ৯.৩০ বজাত বন্তি প্ৰজ্বলন কৰে শ্বহীদ শুক্লেশ্বৰ কোঁৱৰ উচ্চ মাধ্যমিক প্ৰধান শিক্ষক দুৰ্গেশ্বৰ বৰাই।
বিচিত্ৰা অনুষ্ঠানৰ মুকলি সভাত উদ্বোধনী ভাষণ প্ৰদান কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপুল কুমাৰ নাথে কয় অপসংস্কৃতিয়ে গ্ৰাস কৰা বৰ্তমানৰ সমাজখনক সুশৃংখলিত ভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত শংকৰদেৱ বিদ্যা নিকেতনে এক অহোপুৰোষাৰ্থ ভূমিকা গ্ৰহণ কৰি আহিছে।

আৰু বৃহত্তৰ জৰাবাৰী আৰু ইয়াৰ আশে পাশে থকা অঞ্চলৰ শিক্ষাৰ এক প্ৰাণকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব।
লগতে তেখেতে কয় বৰ্তমান সময়ত আমাৰ অভিভাৱক অভিভাৱিকা সকলৰ দায়িত্ব আহি পৰিছে কণ কণ ছাত্ৰ ছাত্ৰী সকলক লক্ষীনাথ বেজবৰুৱা ভূপেনে হাজৰিকা বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে নমস্য ব্যক্তি সকলৰ অমৰ সৃষ্টিৰাজী সমূহৰ সৈতে চিনাকী কৰাই দিব লাগিব, তেতিয়াহে বৰ্তমানৰ শিশু ভৱিষ্যতৰ এজনৰ সু-নাগৰিক হব পাৰিব, জাতিৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৰ্ম্পকে বোধগম্য হ’ব।
ৰাজেন্দ্ৰ কুমাৰ নাথে সভাপতিত্ব কৰা সভাত বিশিষ্ট অতিথিৰূপে শিক্ষক ডম্বৰুধৰ কলিতা, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপুল কুমাৰ নাথ, মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰকে প্ৰমূখ্য কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
উল্লেখ্য অনুষ্ঠানটোত বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া, অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।