অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

ZUBEEN GARG: জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায় বিচাৰৰ দাবীত নগাঁও নাগৰিক সভাৰ অৱস্থান ধৰ্মঘট

Spread the love

জুবিন গাৰ্গ হত্যাকাণ্ডৰ ন্যায় বিচাৰৰ দাবীত নগাঁও নাগৰিক সভাৰ অৱস্থান ধৰ্মঘট

DD TIMES নগাঁও, ৭ অক্টোবৰঃ নগাঁও নাগৰিক সভাৰ নেতৃত্বত আজি নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ জুবিন গাৰ্গ টাৱাৰৰ কাষৰ মতিৰাম বৰা আৱক্ষ মূৰ্তি ক্ষেত্ৰত অসম জাতীয় পৰিষদ, চিপিআই, চিপিআইএম, যুৱ কংগ্ৰেছ, এনএছইউ আইকে ধৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষৰ উপস্থিতিত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই আঁত ধৰা অনুষ্ঠানটো সুগায়ক পাৰ্থ শইকীয়াই জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি ‘মায়াবিনী ৰাতিৰ বুকুত…’ শীৰ্ষক গীতেৰে আৰম্ভ কৰে। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ লাগে, জুবিন গাৰ্গৰ হত্যাকাৰী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচীকাঠত ওলমাওক ইত্যাদি শ্লোগানেৰে মুখৰিত হৈ পৰে।

ধৰ্মঘটস্থলীৰ পৰাই নগাঁও নাগৰিক সভাৰ সম্পাদক বিৰিঞ্চি বৰাই তদন্ত নিৰপেক্ষ আৰু ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ দাবী তোলে।

তেওঁ কয় যে যিহেতু জুবিন গাৰ্গ হত্যাকাণ্ডৰে অভিযুক্ত শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে মুখ্যমন্ত্ৰী পত্নীৰ নাম সাঙোৰ খাই পৰিছে আৰু জনৈক ৰুদ্ৰাংকুৰ হাজৰিকা নামৰ এজন ভাস্কৰ্য শিল্পীয়ে ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধেও গোচৰ তৰিছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী হৈ থাকিলে তদন্ত সঠিকভাৱে আগবঢ়াৰ আশা কৰিব নোৱাৰি।

তেওঁ লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰো দাবী তোলে। ধৰ্মঘট কাৰ্যসূচীত উপস্থিত জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক ভৱেন দাসে চি বি আই তদন্তৰ দাবী তোলাৰ লগতে জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ বিৰুদ্ধে কৰা মুখ্যমন্ত্ৰীৰ তুলুঙা মন্তব্যৰো সমালোচনা কৰে।

নগাঁও নাগৰিক সভাৰ সভাপতি তথা চি পি আই এম দলৰ সম্পাদক অমৰেন্দ্ৰ শৰ্মাই আদানী, আম্বানীক এফালৰ পৰা মাটি ভেটি গটোৱা চৰকাৰখনে জুবিন গাৰ্গৰ গানহে নালাগে অসমীয়া সমাজ সংস্কৃতিৰ লগত সামান্যতম সম্পৰ্ক নথকা আদানীক মাতি আনি একপ্ৰকাৰ সাম্যবাদী ভাবধাৰাত দীক্ষিত আৰু নিজকে ছ’ছিয়েলিষ্ট বুলি চিনাকি দিয়া জুবিন গাৰ্গক চৰম অপমান কৰা বুলি ব্যক্ত কৰে।

ধৰ্মঘটত অংশগ্ৰহণ কৰি চি পি আইৰ সম্পাদক ৰাতুল বৰাই কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা জুবিনক ৰাজনৈতিক শত্ৰুতাৰ বাবেই শাসকীয় পক্ষই হত্যা কৰা বুলি অভিযোগ তোলে।

অনুষ্ঠানত উপস্থিত থকা এন এছ ইউ আইৰ কৰ্মকৰ্তা আবু হানিফা, বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত টুবুকী যুৱক সংঘৰ সভাপতি ছাদ্দাম হুছেইন, অধিবক্তা ইমদাদ হুছেইনকে আদি কৰি বহু কেইজন বক্তাই বক্তব্যৰে চৰকাৰী ষড়যন্ত্ৰ আৰু হাৰ্ট থ্ৰ’ব, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ নামত বিজেপি চৰকাৰৰ ভেকোঁভাওনা আৰু নিকৃষ্ট ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!