অসমআন্তঃৰাষ্ট্ৰীয়ক্ৰীড়ামুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

দেউকন সোঁৱৰণী ১৭ বছৰ অনূৰ্ধ্বৰ ৰাজ্যিক স্কুল ফুটবলতগোলাঘাটৰ নুমলীগড় হাইস্কুল চেম্পিয়ন

Spread the love

গুৱাহাটী, ৩০ আগষ্টঃ গোলাঘাটৰ নুমলীগড় হাইস্কুলে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত দেউকন সোঁৱৰণী ১৭ বছৰ অনূধ্বৰ্ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন ট্ৰফী লাভ কৰিছে৷

ৰাজ্যিক জুনিয়ৰ প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা ফাইনেলত নুমলিগড় হাইস্কুলে ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰি এইচ এছ স্কুলক৷

গুৱাহাটীৰ উলুবাৰীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত চৰাউদেউৰ স্কুল দলটোৱে প্ৰথমে গল কৰিছিল যদিও গোলাঘাটে অনবদ্য প্ৰত্যাৱৰ্তন কৰি খিতাপ জয় কৰিবলৈ সক্ষম হয়৷

খেলৰ ১৫ মিনিটত চৰাইদেউৰ হৈ ছামৰাজ ডিব্ৰাগেডে মেচত প্ৰথমে গল কৰে৷ দলে এই অগ্ৰগতি ২৫ মিনিট ধৰি ৰাখিবলৈ সক্ষম হয়৷

কিন্তু ৪০ মিনিটত নুমলিগড় হাইস্কুলৰ হৈ পাৰ্থ বৰুৱাই গল কৰি মেচত সমতা স্থাপনৰে দলক প্ৰত্যাৱৰ্তন কৰায়৷

আনহাতে, ৬৭ মিনিটত পবিত্ৰ নাথে গোলাঘাটৰ হৈ বিজয়সুচক গলটো দি দলক চেম্পিয়ন কৰাৰ লগতে সুব্ৰত কাপলৈয়ো যোগ্যতা অৰ্জন কৰায়৷

উল্লেখ্য যে চেম্পিয়ন গোলাঘাটৰ দলটোৱে নতুন দিল্লীত অনুষ্ঠিত হ’বলগা ঐতিহাসিক সুব্ৰত কাপ ফুটবলত ল’ৰাৰ ১৭ বছৰ অনূধ্বৰ্ আন্তৰ্জাতিক প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ প্ৰতিযোগিতাখন অহা ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷

স্মৰ্তব্য যে এয়া গোলাঘাটৰ বিদ্যালয়ৰ দলটোৰ দ্বিতীয়টো সফলতা৷ ইয়াৰপূৰ্বে নুমলীগড় হাইস্কুল দলে এইবৰ্ষৰ পিলিক চৌধুৰী সোঁৱৰণী ১৫ বছৰ অনূধ্বৰ্ ল’ৰাৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাতো চেম্পিয়ন ট্ৰফী লাভ কৰি সুব্ৰত কাপত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে৷ অহা দুই ছেপ্টেম্বৰৰ পৰা বায়ু সেনাৰ এই প্ৰতিযোগিতা বাংগালুৰুত অনুষ্ঠিত হ’ব

ইফালে, আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকি ট্ৰফী প্ৰদান কৰে ক্ৰীড়া বিভাগৰ সঞ্চালক অংকুৰ ভড়ালী, আন্তৰ্জাতিক ফুটবল খেলুৱৈ দুৰ্জয় ব্ৰহ্ম, অসম খো খো সন্থাৰ উপ-সভাপতি প্ৰানজিত শইকীয়া, ডাঃ ৰেছমা বেগমে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!