অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

উভতি নহাৰ বাটেৰে (জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰে)

Spread the love

DD TIMED কুলদীপ মেধি

উতনুৱা চৰাইজাকক হুৰাই দি
বেপৰোৱা গান এটা বাজি উঠিছিল
মেঘৰ আলেঙে আলেঙে
দিহিঙে দিপাঙে
ৰ’দৰ দৰে
জোনৰ দৰে
দূৰে দূৰে, সীমনাৰ সিপাৰে
বতাহৰ স’তে সুহুৰিয়াই সুহুৰিয়াই গানটি
পথাৰে পথাৰে, চহৰে নগৰে
আলিয়ে পদুলিয়ে, ঘৰে ঘৰে
বাজি বাজি ক্ৰমান্বয়ে
ইউকেলিপটাছ গছৰ দৰে ওখ হৈ গৈ আছিল
গৈ গৈ হঠাৎ সাগৰীয় ঢউত মিলি গ’ল গানটি
সাগৰ তলিৰ ব্ৰঞ্জৰ ঢেঁকীয়াবোৰে
সোণালী ফিছাৰ মাছবোৰে
গানটোক সাৱটি ফেঁকুৰি ফেঁকুৰি চিঞৰিলে,
চকু মেলা, সাৰ পোৱা, আমালৈ চোৱা !

সন্ধিয়াৰ আকাশ
জুইকুৰা নুমাই ছাঁই হৈ গ’ল।

কিন্তু, কাহানিবা উভতি আহিবানে
ৰ’দৰ উমাল চিঠি এখনি হৈ
আহিবানে তুমি?

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!