CYSA: ৪ অক্টোবৰত ১২ ঘন্টীয়া উজনি অসম বন্ধৰ আহ্বান চাইছা’ৰ
চুতীয়াকে ধৰি জনগোষ্ঠীক প্ৰতাৰণাৰ প্ৰতিবাদত এই কাৰ্যসূচী
DD TIMES ঢকুৱাখনা, ১৭ ছেপ্টেম্বৰঃ চাইছা’ অৰ্থাৎ চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিয়ে ৪ অক্টোবৰত ১২ ঘন্টীয়া উজনি অসম বন্ধৰ আহ্বান জনাইছে।

অসমৰ অন্যতম ভুমিপুত্ৰ চুতীয়াসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ লগতে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্ব শাসনৰ ব্যৱস্থা প্ৰদানৰ দাবীত আজি এই বন্ধৰ ঘোষণা কৰিছে চুতীয়া জনগোষ্ঠীৰ জাতীয় যুৱ সংগঠনটোৱে।
চুতীয়া যুৱ সন্মিলন অসম(চাইছা)ৰ (Chutiya Yuba Samilan, Assam. CYSA) কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়া,সাধাৰণ সম্পাদক পলাশ হাজৰিকা,আৰু প্ৰচাৰ সম্পাদক নবদ্বীপ চুতীয়াই মঙলবাৰে এক প্ৰেছ বিবৃতিযোগে অহা ৪ অক্টোবৰত ১২ ঘন্টীয়া উজনি অসম বন্ধৰ এই কাৰ্যসূচীৰ কথা ঘোষণা কৰে।

তদুপৰি চুতীয়া জনগোষ্ঠীৰ এই জাতীয় যুৱ সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই সদৰি কৰে যে-“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনতেই বিজেপি দল অসমত ক্ষমতালৈ আহিলে ১০০ দিনৰ ভিতৰতে ৰাজ্যখনৰ-চুতীয়া, আহোমকে ধৰি ৬টাকৈ জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ কৰিব বুলি তেওঁ ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছিল।
কিন্তু কেন্দ্ৰত যোৱা ১৫টা বছৰ আৰু ৰাজ্যত প্ৰায় ১০টা বছৰ শাসনৰ ক্ষমতাত থকাৰ পিছতো আজিকোপতি কেন্দ্ৰ,তথা ৰাজ্য চৰকাৰে এই খিলঞ্জীয়া জনগোষ্ঠীৰ সুৰক্ষাৰ বিষয়টোত অলপো গুৰুত্ব নিদিলে।
বিশেষকৈ শাসকীয় ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ লগতে কিছু নেতাৰ ৰাজনৈতিক কাৰচাজিৰ বাবেই
চুতীয়া জনগোষ্ঠীৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতীকৰণৰ বিষয়টো আজিও এটা নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ ইছু কৰি ৰাখিলে।
ইফালে নিজকে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি জাহিৰ কৰি ফুৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো
এই ভূমিপুত্ৰ চুতীয়া আৰু অন্যান্য জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে বুলিও ক্ষোভ প্ৰকাশ কৰে।
সেয়ে ৰাজ্যজুৰি উলিওৱা প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচীৰ সমান্তৰালভাৱে অহা ৪ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা গধূলি ৬ বজালৈ উজনি অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে।
স্বজাতিৰ সাংবিধানিক অধিকাৰ আজুৰি আনিবলৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
চাইছাৰ কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়াৰ লগতে প্ৰচাৰ সম্পাদক নৱদ্বীপ চুতীয়াই এই কাৰ্যসূচী সফল কৰি তোলিবলৈ উজনি অসমৰ চুতীয়া জাতিৰ জ্ঞাতি বৰ্গক আহ্বান জনাইছে।