Celebrating National Science Day: চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন
চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন

DD TIMES গুৱাহাটীৰ, ২৮ ফেব্ৰুৱৱাৰীঃ গুৱাহাটী মহানগৰীৰ লাচিত নগৰস্থিত চৰকাৰী বাণীকান্ত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন কৰা হয়।

কাৰ্যসূচীৰ আৰম্ভণিতে মহান পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষা ড° মৌচুমী বৰদলৈয়ে।

প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শিত হোৱা বিজ্ঞান আৰ্হি, পোষ্টাৰ প্ৰস্তুত প্ৰতিযোগিতাৰ দ্বাৰ মুকলি কৰি অধ্যক্ষা ড° মৌচুমী বৰদলৈয়ে কয় যে এইধৰণৰ বিজ্ঞান বিষয়ক প্ৰদৰ্শনীয়ে প্ৰশিক্ষাৰ্থীসকলৰ উদ্ভাৱনীমূলক কৰ্মক উৎসাহিত কৰাৰ লগতে বিজ্ঞান বিষয়ক অধিক জনপ্ৰিয় কৰাত সহায় কৰে।

বিজ্ঞান প্ৰদশনীত পঁচিছগৰাকী আৰু পোষ্টাৰ প্ৰস্তত কৰণত ওঠৰগৰাকী প্ৰশিক্ষাৰ্থীয়ে নিজৰ নিজৰ বিষয় সমূহ বিচাৰকৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰি বিশ্লেষণ আগবঢ়ায়।

প্ৰদৰ্শনীৰ সমান্তৰালভাৱে প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিজ্ঞানবিষয়ক আকস্মিক বক্তৃত্বা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মুকলি আৰু বঁটা বিতৰণী সভাৰ উদ্দেশ্য বাখ্যা কৰে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উপেন গোস্বামীয়ে।

এই বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ মূল বিষয় ‘বিজ্ঞানত মহিলাঃ বিকশিত ভাৰতৰ অনুঘটক’ সন্দৰ্ভত এক সুন্দৰ পাৱাৰ পইণ্ট পেজেণ্টেছন আগবঢ়ায় প্ৰৱক্তা মিতালী বৰুৱাই।’
প্ৰৱক্তা ড° উৎপল গোস্বামীয়ে ‘বিজ্ঞান জগতলৈ ভাৰতীয় বিজ্ঞানীৰ অৱদান’ শীৰ্ষক বক্তৃত্বা প্ৰদান কৰাৰ লগতে এটা বিজ্ঞান বিষয়ক স্বৰচিত কবিতাও পাঠ কৰে।
কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে অনুষ্ঠানত অসমীয়া-ইংৰাজী কবিতা আবৃৰ্তি কৰাৰ লগতে গীতো পৰিৱেশন কৰে।
শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সমূহ প্ৰৱক্তাই প্ৰতিযোগিতাৰ বিচাৰৰ ভূমিকা গ্ৰহণ কৰাৰ লগতে স্থানপ্ৰাপ্ত বিজয়ী প্ৰতিযোগীসকলক প্ৰমান পত্ৰ আৰু বঁটা প্ৰদান কৰে।
প্ৰশিক্ষাৰ্থী শিখামনি কলিতাই আঁত ধৰা সভাখনৰ অন্তত শলাগৰ শৰাই আগঢ়াই প্ৰশিক্ষাৰ্থী অসীম কুমাৰ চৌধুৰীয়ে।

