APSC 2026: অসম লোকসেৱা আয়োগৰ ফলাফল পালে জলাহগাঁৱৰ ময়ূৰী শইকীয়াই
অসম লোকসেৱা আয়োগৰ ফলাফলত উজলিল জলাহগাঁৱৰ ময়ূৰী শইকীয়াঃ ওপজাভূমিত আনন্দৰ নিজৰা

DD TIMES বেবেজীয়া, ২৪ ফ্ৰেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফলে নগাঁও জিলাৰ জলাহগাঁৱলৈ কঢ়িয়াই আনিছে আনন্দোৎল্লাস ৷
গাঁওখনৰ নিবাসী সুনীল শইকীয়া আৰু কুমকুম শইকীয়াৰ কন্যা ময়ূৰী শইকীয়াই আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ অসামৰিক সেৱাৰ ৩৪ নং স্থান প্ৰাপ্তিৰে বিত্ত বিভাগৰ সেৱাত বাছনিভুক্ত হৈ গাঁওখনৰ লগতে সমগ্ৰ অঞ্চল তথা জিলাখনলৈ আনন্দৰ নিজৰা কঢ়িয়াই আনিছে৷

সৰুৰেপৰাই মেধাসম্পন্ন ময়ূৰীয়ে বিভিন্ন অনুষ্ঠানত ভিন্ন বিষয়ত বক্তৃতা প্ৰদান কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি শ্ৰোতা দৰ্শকৰ আদৰ-আশীৰ্বাদ লভিবলৈ সক্ষম হৈছিল ৷
নগাঁও কলেজ (বৰ্তমান বিশ্ববিদ্যালয়)ৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰা ময়ূৰীয়ে শেহতীয়াকৈ প্ৰদৰ্শন কৰা সাফল্যই নিজৰ ওপজাভূমি জলাহ গাঁওখনক গৌৰৱান্বিত কৰি তুলিছে ৷
তেওঁৰ এই সফলতাত অঞ্চলটোৰ শিক্ষাব্ৰতী সমাজে গভীৰ সুখ প্ৰকাশ কৰাৰ লগতে শুভানুধ্যায়ী সকল ময়ূৰীৰ ঘৰত উপস্থিত হৈ শুভেচ্ছাৰে উপচাই পেলোৱা আকৰ্ষণীয পৰিবেশত আপ্লুত হৈ অনাগত দিনত এই মৰম আৰু ৰাইজৰ আশীৰ্বাদে তেওঁক আৰু অধিক সচেতন কৰাৰ লগতে দায়বদ্ধও কৰি তুলিলে বুলি অভিমত ব্যক্ত কৰে ৷
অতিশয় বিনয়ী, নম্ৰ, সহজ-সৰল মনৰ ময়ূৰীলৈ আমাৰ ফালৰপৰাও শুভেচ্ছা যাচিলোঁ ৷
