অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

NEW BOOKS: পুৰুলিল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত জ্যেষ্ঠ সাংবাদিক ভূপেন মহন্তৰ ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ উন্মোচন

Spread the love

পুৰুলিল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত জ্যেষ্ঠ সাংবাদিক ভূপেন মহন্তৰ ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ উন্মোচন


আজিৰ দিনত জাতি সেৱা কৰিবলৈ হ’লে সাহিত্য চৰ্চাই সৰ্বোত্তমঃ বিশিষ্ট সাহিত্যিক ডাঃ অঞ্জনজ্যোতি চৌধুৰী


‘সংবাদ মাধ্যমৰ সৈতে জড়িত এগৰাকী সাংবাদিকে যেতিয়া কমল হাতত তুলি লয়, তেতিয়া প্ৰতিটো বিষয় গভীৰ হয়ঃ বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ


আজিৰ দিনত ভাষা আৰু সংস্কৃতিৰ লগতে অৰ্থনৈতিক বিষয়টোৱে গুৰুত্ব লাভ কৰিছেঃ ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা


নতুন প্ৰজন্মই কিতাপ পঢ়িবলৈ হ’লে অভিভাৱকসকলে ঘৰুৱাভাৱে এক পৰিৱেশ দিব লাগিবঃ ‘দৈনন্দিন বাৰ্তা’ৰ সম্পাদক শংকৰ গোহাঞি

DD TIMES গুৱাহাটী, ১৩ জুলাইঃ ‘আজিৰ দিনত জাতি সেৱা কৰিবলৈ হ’লে সাহিত্য চৰ্চাই সৰ্বোত্তম৷ জাতিৰ ভাষা আৰু সংস্কৃতি ধৰি ৰাখিব পাৰিলেহে সময়ৰ অনুপাতত জিলিকি থাকিব৷’– বিশিষ্ট সাহিত্যিক তথা ৰসাগাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ১০ জুলাইত জ্যেষ্ঠ সাংবাদিক তথা লেখক ভূপেন মহন্তৰ গ্ৰন্থ ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ উন্মোচন কৰি কয়৷ আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ডাঃ চৌধুৰীয়ে উন্মোচন কৰাৰ পূৰ্বে লেখক-সাংবাদিক ভূপেন মহন্তৰ জন্মদিন উপলক্ষে কেক কাটি শুভেচ্চা জনোৱা হয়৷ লেখক মহন্তৰ সহধৰ্মিনী বিষ্ণুপ্ৰিয়া মেধিয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান শুভাৰম্ভ কৰে৷

লেখক-সাংবাদিক ভূপেন মহন্তৰ গ্ৰন্থ উন্মোচন কৰে ৰসাগাৰ ডাঃ অঞ্জনজ্যোতি চৌধুৰী, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা লেখক থানেশ্বৰ মালাকাৰ, ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্তাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞি, ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, ‘দৈনিন্দন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক যুগল কিশোৰ মহন্ত৷

গুৱাহাটীৰ পুৰুলিল প্ৰকাশনে প্ৰকাশ কৰা ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰে কয়– ‘সংবাদ মাধ্যমৰ সৈতে জড়িত এগৰাকী সাংবাদিকে যেতিয়া কমল হাতত তুলি লয়, তেতিয়া প্ৰতিটো বিষয় গভীৰ হয়৷ তেওঁৰ হাতত বিষয়টোৱে আৰম্ভ হয় আৰু লেখটো শেষ হোৱালৈকে তথ্যই ইটোৰ পিছত সিটো সোমাই এটা অতি গুৰুত্বপূৰ্ণ লেখা হৈ পৰে৷ আৰু এনে লেখাই সমাজৰ প্ৰতিটো স্তৰক প্ৰতিনিধিত্ব কৰিব পাৰে৷’

আনহাতে ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই কয়– ‘আজিৰ দিনত ভাষা আৰু সংস্কৃতিৰ মাজত আৰু এটা বিষয় গুৰুত্ব লাভ কৰিছে৷ সেই বিষয়টো হ’ল অৰ্থ– অৰ্থনৈতিক বিষয়টোৱে যেতিয়া এটা জাতিৰ বাবে সৱল হ’ব, তেতিয়াই জাতিটোৱে পোন হৈ থাকিব পাৰিব৷’

যুৱ সাংবাদিক তথা লেখিকা দৰ্শনা বৰুৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ‘দৈনন্দিন বাৰ্তা’ৰ স্বত্তাধিকাৰী তথা সম্পাদক শংকৰ গোহাঞিয়ে লেখক-সাংবাদিক ভূপেন মহন্তক জন্মদিনৰ শুভেচ্চা দি কয়– ‘ভাষা আৰু জাতিটোৱে সংগ্ৰাম কৰি কৰি আজিৰ এই অৱস্থা পাইছেহি৷ ভাষাটোৱে ধ্ৰুপদী স্বীকৃতি পোৱাটো শুভলক্ষণ৷ নতুন প্ৰজন্মই কিতাপ পঢ়িবলৈ হ’লে অভিভাৱকসকলে ঘৰুৱাভাৱে এক পৰিৱেশ দিব লাগিব৷ চৰকাৰে হিতাধিকাৰী বনাই ল’বই যদি পাৰে, আমিনো কিয় নোৱাৰো হিতাধিকাৰী বনাই কাকত পঢ়োৱাবলৈ আৰু কিতাপ পঢ়োৱাবলৈ৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ লগে লগে ভৱিষ্যতে শিক্ষা বিনামূলীয়াকৈ লাভ কৰিলেও পাঠ্যপুথিৰ পৰা আহৰণ কৰা শিক্ষাৰ দৰে হ’ব নোৱাৰে৷’ আজি উন্মোচন কৰা লেখক মহন্তৰ গ্ৰন্থ ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ত অন্তৰ্ভূক্ত হোৱা লেখাবোৰৰ সম্পৰ্কত অতিথিসকলে এখন উল্লেখযোগ্য গ্ৰন্থৰ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰে৷

আন এগৰাকী অতিথি ‘দৈনন্দিন বাৰ্তা’ৰ মুখ্য সম্পাদক নৰেন হাজৰিকাই লেখক মহন্তক এগৰাকী অভিজ্ঞপুষ্ট সাংবাদিক বুলি উল্লেখ কৰি কয় যে– ‘যিকোনো বিষয়া এটা উপযুক্তভাৱে উপস্থাপন কৰি লিখিবলৈ হ’লে বিষয়টোৱ সম্পৰ্কত লেখকজনৰ জ্ঞান থাকিবই লাগিব৷ এইক্ষেত্ৰত প্ৰতিগৰাকী লেখকেই গুৰুত্ব দিব লাগিব৷ তেতিয়াহে লেখকগৰাকী গুৰুত্ব পাঠক সমাজত বৃদ্ধি পাব৷’

৷অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী বিশিষ্ট ব্যক্তি দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক যুগল কিশোৰ মহন্তই কয়– ‘আজিৰ দিনত পথাৰ আৰু বজাৰ আমাৰ হাতৰ পৰা ওলাই যাবলৈ ধৰাৰ মূল কাৰণ হ’ল হিতাধিকাৰী ব্যৱস্থাৰ ফলত ক্ৰমে হ্ৰাস পোৱা কৰ্মস্পৃহা আৰু নিৰ্ভৰশীলতা৷ যাৰ বাবে জাতিটোৱে কোঙা হৈ পৰিবলৈ গৈ আছে৷ আনহাতে ভাষাৰ সম্পৰ্কত ক’বলৈ গৈ তেওঁ কয় সংস্কৃত ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পালেও ইয়াৰ চৰ্চা লাহে লাহে কমি অহাৰ ফলত ভাষাটো সংকুচিত হৈ আহিছে আৰু ই এদিন হেৰাই যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷’

অসমীয়া সাহিত্যত এখন উল্লেখযোগ্য গ্ৰন্থ হ’ব পাৰে বুলি উল্লেখ কৰি ‘ভাষা-সংস্কৃতি আৰু প্ৰজন্মৰ প্ৰীতি সংবাদ’ৰ লেখক ভূপেন মহন্তক সকলোৱে শুভেচ্চা জনায়৷ গ্ৰন্থ উন্মোচনৰ পূৰ্বে পুৰুলিল প্ৰকাশনৰ স্বত্বাধিকাৰী তথা ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াই কয় যে– ‘জীৱনৰ উপলব্ধিৰ পৰাই বহু কথাই শিকিব পাৰি আৰু এনে উপলব্ধিয়ে কোনো ব্যক্তিক সৃষ্টিৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰে৷ আৰু এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক ভূপেন মহন্তৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাই লেখাবোৰত গুৰুত্ব বঢ়াইছে৷’

লেখক ভূপেন মহন্তই গ্ৰন্থখনৰ সম্পৰ্কত কয়– ‘এখন গ্ৰন্থ প্ৰকাশ পোৱাৰ আগৰ যি যন্ত্ৰণা, সেই যন্ত্ৰণা এটা লেখা লিখাৰ পূৰ্বৰ অভিজ্ঞতা ভিন্ন৷ আৰু এনে অভিজ্ঞতাই লিখি যাবলৈ যি অনুপ্ৰেৰণা যোগাই সেয়া অতি গুৰুত্বপূৰ্ণ৷’

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে লেখকৰ বন্ধু তথা সাংবাদিক প্ৰবীণ দাস, ‘জনকল্যাণ বাৰ্তা’ৰ সম্পাদক কুমুদ নাথ, ‘দ্য আছাম ৰাইজিং’ৰ কাৰ্যবাহী সম্পাদক দুলাল মিশ্ৰ, ‘আলোকপ্ৰভঞ্জন’ৰ সম্পাদক (অবৈতনিক) মহীধৰ কলিতা, ‘দৈনন্দিন বাৰ্তা’ৰ জ্যেষ্ঠ সাংবাদিক মণি মহন্ত, ‘আমাৰ অসম’ৰ সহকাৰী সম্পাদক মণ্টু শইকীয়া, ডি বি নিউজৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতা, প্ৰবীণ সাংবাদিক জয়ন্ত শৰ্মা, উৎপল শইকীয়া, মনোৰঞ্জন কলিতা, কবি ভূবন দাস, কবি জুৰিমণি মুদৈ, পলবিকা মহন্ত, কবি দীপক কুমাৰ বৰ্মন, যুৱ সাংবাদিক নিপা কাকতি, সমাজ সেৱিকা ববিতা মিশ্ৰ, অসম চাৰু কাৰু কলা পৰিষদৰ শৈক্ষিক সম্পাদক তথা বিশিষ্ট চিত্ৰশিল্পী কমল মহন্ত, গ্ৰন্থৰ বেতুপাত শিল্পী প্ৰশান্ত পাঠক, ভৱানী ডেকা, ৰীতা বৰুৱা, চয়নিকা দুৱৰা, অনুপমা ডেকা, নুৰুল হক, সুনীল বড়ো, সত্যেন্দ্ৰ চহৰীয়াকে ধৰি আৰু বহু লোক উপস্থিত থাকে৷ সভাৰ শেষত জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিৱেশন কৰি অনুষ্ঠান সামৰণি মৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!