অসমঅসমীয়াআন্তর্জাতিকমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

শিক্ষা সেতু এপত সর্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীর্ষ তিনিখন জিলা ধেমাজি, শিৱসাগৰ আৰু মাজুলী

Spread the love

গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ বিদ্যালয় শিক্ষা ব্যৱস্থাত অভূতপূৰ্ব পৰিৱৰ্তনৰ অন্যতম নিদৰ্শন আছিল শিক্ষা সেতু এপৰ ব্যৱহাৰ।

বিদ্যালয়ত শিক্ষক-শিক্ষাৰ্থীৰ নিয়মিত উপস্থিতি নিৰীক্ষণৰ লগতে বিভিন্ন তথ্য সন্নিৱিষ্টকৰণেৰে বিদ্যালয় পৰিচালনা প্ৰক্ৰিয়া অধিক স্বচ্ছ আৰু সুচল কৰাৰ ক্ষেত্ৰত এই এপে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে।

শিক্ষক দিৱসত শিক্ষা সেতু এপত সর্বাধিক উপস্থিতি দিবলৈ সক্ষম হোৱা শীর্ষ তিনিখন জিলা ধেমাজি, শিৱসাগৰ আৰু মাজুলীৰ লগতে বিভিন্ন জিলাৰ উপস্থিতিৰ শীৰ্ষত থকা বিদ্যালয়সমূহক সম্বৰ্ধনা জ্ঞাপন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।

বিদ্যালয় আৰু জিলাসমূহে শৈক্ষিক ক্ষেত্ৰত সদায়ে নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাৰ কামনাৰে অভিনন্দন আৰু শুভেচ্ছাও জনায় মন্ত্ৰী ডাঃ পেগুৱে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!