অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: আকাশ সাহাৰ গৱেষণাধৰ্মী গ্ৰন্থ ‘প্ৰাচ্যপ্ৰভা’

Spread the love

আকাশ সাহাৰ গৱেষণাধৰ্মী গ্ৰন্থ ‘প্ৰাচ্যপ্ৰভা’

DD TIMESত লিখিছে কাব্যনীলে
অধ্যক্ষ, ভট্টদেৱ যোগ মহাবিদ্যালয়, সৰভোগ

ভাৰতীয় সনাতন ধৰ্মৰ মূল বৈদিক গ্ৰন্থ- বেদ, উপনিষদ, ইয়াৰ মূল বিষয়বস্তু ব্রহ্ম আৰু আত্মাৰ স্বৰূপ সম্পৰ্কে গভীৰ দার্শনিক আলোচনা, যাব পৰা ব্যক্তি এজনে জীৱনৰ জাগতিক দুখৰ পৰা পৰিত্ৰাণ পাবলৈ ইয়াক এক ইতিবাচক আধাৰ বা মাধ্যম হিচাপে বাছি লব পাৰে।হয়তো যি সকলে ইয়াক মাৰ্গ দৰ্শন হিচাবে গ্ৰহণ কৰে তেওঁলোকে তাৰ পৰা জীৱনত আধ্যাত্মিক মুক্তি লাভৰ এটা সুন্দৰ পথও বিচাৰি পায়।


নব প্ৰজন্মৰ লেখক আকাশ সাহাৰ সদ্য প্ৰকাশ পোৱা গ্ৰন্থখন অতি গুৰুত্বপূৰ্ণ বৈদিক যুগৰ পৰা আৰম্ভ কৰি শেষলৈ ভাৰতীয় দর্শন, আধ্যাত্ম আৰু ইয়াৰ ঐতিহ্যৰ গভীৰ ৰহস্য উন্মোচন কৰা গৱেষণা মূলক তত্ত্বগধুৰ মননশীল গ্ৰন্থ। য’ত বেদৰ জ্ঞানৰ পৰা আৰম্ভ কৰি বুদ্ধ, মহাবীৰৰ চিন্তাধাৰাৰ উপৰি ভক্তি আন্দোলন আৰু আধুনিক শিক্ষাৰ প্ৰাসংগিকতা সম্পৰ্কে যি ধৰণে আলোকপাত কৰিছে ই আমাৰ সচেতন পঢ়ুৱৈ সমাজৰ বাবে এক ইতিবাচক পদক্ষেপ।


তেওঁ অতি জটিল বিষয়বস্তু এটাক অতি সহজ সৰল ভাষাত সকলোৱে হৃদংঙ্গম কৰিব পৰাকৈ ক্ৰম অনুসৰি আত্মতত্ত্বমূলক, তত্ত্বগধুৰ মননশীল বক্তব্য দাঙি ধৰিবলৈ সক্ষম হৈছে।


মানুহৰ জীৱনৰ সৃষ্টি, স্রষ্টা ইয়াৰ গভীৰ ৰহস্য উন্মোচন কৰা এই গ্ৰন্থ খনৰ পৰা আমি ভাৰতীয় সনাতন ধৰ্মৰ মূল বৈদিক যুগৰ পৰা আৰম্ভ কৰি শেষলৈ সকলো যুগৰ ৰহস্য উন্মোচন কৰাত সাৰ্থক প্ৰচেষ্টা বুলি কব পাৰো।লগতে তেওঁ নিজস্ব দৃষ্টিৰে ইয়াক পৰীক্ষা নিৰীক্ষা কৰি অৱলোকন কৰাত সফল হৈছে।

ইয়াৰ উপৰি আত্মজ্ঞান আৰু পৰম সত্যেৰ যি অনুসন্ধানমূলক বিশ্লেষণ তাৰ পৰা অনুমান কৰিব পাৰি যে ই ভৱিষ্যতে সমাজত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে গৱেষণাৰ বিষয় হ’ব পাৰে বুলি বিশ্বাস কৰিব পাৰি।

সকলোতকৈ জটিল বিষয় হল বেদান্ত ,যাৰ প্রধান বিষয়বস্তু ব্ৰহ্ম আৰু আত্মা আনহাতে উপনিষদৰ কেন্দ্রবিন্দু হল -পৰমাত্মা (ব্রহ্ম) ইয়াৰ গভীৰ ৰহস্য, স্বৰূপ, প্রকৃতি উপলব্ধি কৰা এক জটিল সাধনা।

জন্ম-মৃত্যুৰ চক্রৰ পৰা মানুহে মুক্তি (মোক্ষ) প্ৰাপ্তিৰ মাৰ্গ প্ৰাচীন কালৰে পৰাই অন্বেষণ কৰি আহিছে কিন্তু সময়ে -সময়ে ইয়াৰ মূল উদ্দেশ্য বা লক্ষ্য অন্য ফালে গতি কৰাৰ বাবেই আজি বিশ্বায়নৰ পৃথিৱীত মানুহে নিজক উপলব্ধি কৰিব পৰা নাই, যাৰ ফলত ধৰ্মীয় সংকট, ব্যভিচাৰ সমাজত বৃদ্ধি পাইছে।


সনাতন ধৰ্মৰ মূল উদ্দেশ্যক এটা শ্ৰেণীয়ে অন্য ফালে লৈ যোৱাৰ বাবে মানুহে উপনিষদৰ ব্রহ্মজ্ঞান বা আত্ম-উপলব্ধিৰ পথৰ পৰা আঁতৰি বিভ্ৰান্ত কিছুমান ধাৰণা লৈ নিজকে পণ্ডিত বুলি প্ৰচাৰ কৰিছে।

লেখকে অতি সুন্দৰ ভাবে প্ৰাচীন কালৰ পৰা চলি অহা আমাৰ সনাতন বিশ্বাসৰ আধাৰত ৰহস্যময় আত্ম-উপলব্ধিৰ পথৰ এক ইতিবাচক সন্ধান দিয়াত সফল হোৱা বুলি ক’ব পাৰি, অন্য অৰ্থত ইয়াক এক দার্শনিক অনুসন্ধান বুলিও ক’ব পাৰি।

ভাৰতীয় বৈদিক পৰম্পৰাৰ উপনিষদ্ এক বিশেষ ধৰনৰ হিন্দু ধর্মগ্রন্থসমূহৰ সমষ্টি। তেওঁ গ্ৰন্থৰ মাজত হিন্দুধর্মৰ তাত্ত্বিক ভিত্তি সম্পৰ্কে তেওঁ অতি সুন্দৰভাৱে উপস্থাপন কৰিছে। হিন্দু ধৰ্মৰ মূল -বেদ, উপনিষদ, গীতা, ভাগৱত লগতে বেদৰ শেষ ভাগৰ সাৰমৰ্ম “বেদান্ত ” ৷

এই সম্পৰ্কে তেওঁ নিজস্ব দৃষ্টি ভংগীৰে ইয়াৰ তাত্বিক গুৰুত্ব ছাত্ৰ ছাত্ৰী সকলে জানিবলগীয়া অতি গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কে বিষদ আলোচনা কৰি তাৰ মাজত লুকাই থকা যি ৰহস্য উন্মোচন কৰাৰ বাবে অধ্যয়ন কৰি সকলোৱে বুজিব পৰাকৈ দাঙি ধৰিবলৈ সক্ষম হৈছে তাৰ বাবে আমি তেওঁৰ এই গ্ৰন্থখন নব প্ৰজন্মৰ মাজত নিশ্চিত ভাবে আলোচনা হ’ব বুলি কব পাৰো।

লগতে প্ৰাচীন সনাতন ধৰ্ম বিশ্বাস, জ্ঞান, প্ৰজ্ঞাৰ সাধনা, ব্রহ্ম, জীব, জগৎ, আত্মা,পৰমাত্মাৰ ধাৰণা, হিন্দুধর্মৰ প্রাচীনতম ধর্মগ্রন্থ হিচাপে বেদৰ ৰহস্য, ইয়াৰ প্ৰয়োজনীয়তা, প্ৰাচীন গ্রন্থসমূহত লুকাই থকা হিন্দুধর্মৰ তাত্ত্বিক ভিত্তি কি, নিশ্চিত ভাবে ইয়াৰ পৰা কিছু হলেও উপলব্ধি কৰিব পাৰিব।

ইয়াৰ আলোচিত প্ৰতিটো বিষয় ছাত্ৰ ছাত্ৰী সকলৰ বাবে গৱেষণাৰ বিষয় হৈ পৰিব বুলি আশা কৰিব পাৰি। শেষত লেখকৰ যি সাধনা তাৰ শলাগ লৈ জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।


সংগ্ৰহ কৰিবলৈ যোগাযোগ কৰকঃ
লেখকৰ যোগাযোগঃ ৯৩৬৫৮৩২৩৪৮
প্ৰকাশকঃ জাগৰণ সাহিত্য প্ৰকাশন৷ পদাংক দ্য বুককেফে, লাষ্টগেট, নুনমাটি৷
ডাকযোগেও উপলব্ধ৷

✍ কাব্যনীল
অধ্যক্ষ, ভট্টদেৱ যোগ মহাবিদ্যালয়, সৰভোগ

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!