অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়বিনোদনমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

FOLKSINGER: লোকশিল্পী তৰাৱতী মিলি বড়িক ‘বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা’ প্ৰদান

Spread the love

অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ যৌথ উদ্যোগত গোগামুখত কেন্দ্ৰীয়ভাৱে উদযাপিত হ’ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস

তৰাৱতী মিলি বড়িক ‘বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা’ প্ৰদান

DD TIMES গোগামুখ, ২ জুলাইঃ অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত, ধেমাজি জিলা সাহিত্য সভা আৰু ধেমাজি জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সহযোগত তথা গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত ২০ জুনত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি দিৱস উদযাপন কৰা হয়।


দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰনজিৎ চিৰিঙে পতাকা উত্তোলনৰ মাধ্যমেৰে। ইয়াৰ পিছতে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জিতেন শইকীয়াই স্মৃতি তৰ্পণ কৰে। তেখেতৰ পিছতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰা, অসম সাহিত্য সভাৰ পৰিৱেশ্য কলা উপ-সমিতিৰ আহ্বায়ক ছৈয়দ মাৰুফ হুছেইন, মঙ্গলচণ্ডী ব্ৰহ্ম গৱেষণা কেন্দ্ৰৰ আহ্বায়ক অখিল কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে কলাগুৰুৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট শিল্পী অৰুণজ্যোতি বৰুৱাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত “লগন উকলি” পৰিৱেশন কৰি উপস্থিত সকলক আপ্লুত কৰে। ইয়াৰ পিছতে নন্দেশ্বৰ বৰগোহাঁইয়ে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে।


মূল সভাখন ধেমাজি জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাই বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰে। সভাখন উদ্বোধন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ড° ভবেন্দ্ৰনাথ ডেকাই কয়— “বিষ্ণুপ্ৰসাদ ৰাভা আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী। মাৰ্ক্স-লেনিনৰ আদৰ্শত উদ্বুদ্ধ হৈ তেওঁ বাওঁপন্থী ভাবধাৰাৰে বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল।” তেখেতে লগতে কয় যে, বহুমুখী প্ৰতিভাৰ অধিকাৰী ৰাভাদেৱে অসম জননীক গভীৰভাৱে ভাল পাইছিল আৰু তেওঁৰ জীৱনৰ অন্তিম গীত ‘এয়ে মোৰ শেষ ৰাগিণী কল্যাণ খৰমান’ত সেই দেশপ্ৰেমৰ স্পষ্ট প্ৰকাশ ঘটিছে। শোষিত-নিস্পেষিত জনসাধাৰণৰ অধিকাৰৰ বাবে তেওঁ সদায় সংগ্ৰাম কৰিছিল বুলিও তেখেতে উল্লেখ কৰে।


অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সভাপতিৰ ভাষণত তেখেতে কয়— “শিল্পীয়ে ভাবি থকা বহু কথা আমি সাধাৰণতে ভাবিব নোৱাৰোঁ। সমাজক নতুন চিন্তা আৰু দৃষ্টিভংগী দিয়াৰ ক্ষেত্ৰত শিল্পীৰ ভূমিকা অতুলনীয়।” তেখেতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বহুমুখী অৱদানৰ প্ৰসংগ উল্লেখ কৰি তেওঁৰ আদৰ্শ নতুন প্ৰজন্মৰ মাজত বিস্তাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।


অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱা আৰু বিশিষ্ট শিক্ষাবিদ, শিল্পী-সাহিত্যিক ড° বনজিৎ ভট্ট। তেওঁলোকে কলাগুৰুৰ জীৱন, দৰ্শন, সাংস্কৃতিক চেতনা আৰু জাতীয় জীৱনলৈ আগবঢ়োৱা অনন্য অৱদানৰ বিষয়ে বিশদভাৱে আলোকপাত কৰে।


অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী সন্মানপ্ৰাপক যাদৱ পায়েং, অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া।

আনহাতে আমন্ত্ৰিত অতিথি হিচাপে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰমানন্দ চায়েঙীয়া, হৰেন বৰা, জিতেন শইকীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন-সংগ্ৰাম, সাহিত্য-সংস্কৃতি আৰু সমাজচিন্তাৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য আগবঢ়ায়।


গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিল্পীসকলে “চিৰ চেনেহী মোৰ ভাষা জননী” গীতেৰে অনুষ্ঠানৰ সাংস্কৃতিক পৰ্ব উদ্বোধন কৰে। এই অনুষ্ঠানতে ২০২৬ বৰ্ষৰ “কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মাৰক বঁটা” বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বড়িক প্ৰদান কৰা হয়। বঁটাৰ সৈতে মানপত্ৰ, গামোচা আৰু চেলেং আগবঢ়োৱা হয়।


উল্লেখযোগ্য যে, ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই কেন্দ্ৰীয় অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া, ধেমাজি জিলা সাহিত্য সভা আৰু বিভিন্ন শাখা সভাৰ বিষয়ববীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সভা, জিলা আৰু শাখা পৰ্যায়ৰ সদস্য, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।


আদৰণী সমিতিৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰে শলাগৰ শৰাই আগবঢ়োৱা সভাখন জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!