NEW BOOKS: কবি ৰয়েল পেগুৰ ‘সূৰ্যসম্ভৱা সময়’ কাব্যপুথি উন্মোচন
কবি ৰয়েল পেগুৰ ‘সূৰ্যসম্ভৱা সময়’ কাব্যপুথি উন্মোচন

DD TIMED জোনাই, ২ জুলাইঃ জোনাই প্ৰেছ ক্লাবত ২৯ জুনত লেখক-সাংবাদিক, কবি ৰয়েল পেগুৰ ‘সূৰ্যসম্ভৱা সময়’ শীৰ্ষক কাব্যপুথি এখন উন্মোচন কৰা হয়।

মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় সদস্য তথা বিশিষ্ট লেখক বিজয় বৰিৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব, বিশিষ্ট সাহিত্যিক ড° দীপক কুমাৰ দলে আৰু জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগুৱে যৌথভাৱে ৰয়েল পেগুৰ ‘সূৰ্যসম্ভৱা সময়’ শীৰ্ষক কাব্যপুথিখন উন্মোচন কৰে।

উন্মোচনী ভাষণত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলেয়ে ৰয়েল পেগু এগৰাকী মানৱ দৰদী আৰু বিপ্লৱী কবি বুলি উল্লেখ কৰি বৰ্তমান জাতীয় জীৱনৰ সংকটৰ সময়ত ৰয়েল পেগুৱে বৈপ্লৱিক চেতনাযুক্ত শব্দশিল্প কবিতাৰে সূৰ্যসম্ভৱা সময়ৰ আহ্বান কৰা বুলি মন্তব্য কৰে।

জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগুৱে ৰয়েল পেগু এগৰাকী সাহসী সংগ্ৰামী সাংবাদিক-লেখক, কবি বুলি উল্লেখ কৰি বাস্তৱ সমাজ জীৱনৰ সঁচা ছবি নিৰ্ভীকতাৰ কবিতাৰ মাধ্যমেদি প্ৰকাশ কৰা বুলি মন্তব্য কৰে।
ৰয়েল পেগুৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত অসম সাহিত্য সভাৰ জোনাই শাখাৰ সভাপতি প্ৰদীপ গগৈ, মুৰ্কংচেলেক বাংকে আগম কেবাঙৰ সভাপতি চেনিৰাম পাংগিং, শিক্ষয়িত্ৰী নীলিমা টায়ে ৰেগন, অমৰাৱতী দলে পেগু, জোনাই বালিকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিৰণ্য পেগু, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক জলেন্দ্ৰনাথ দলে, শিক্ষক খগীৰাম পেগু, উপেন পেগু, পুতুল পেগু, সাংবাদিক ভাস্কৰজ্যোতি টায়েং, মনোজ কুমাৰ প্ৰজাপতি, প্ৰাণজিৎ দলে, কৰৱী দলে আদিয়ে ৰয়েল পেগুৰ উন্মোচিত ‘সূৰ্যসম্ভৱা সময়’ শীৰ্ষক কাব্যপুথিত উচ্চমানৰ কবিতা সন্নিৱিষ্ট কৰা বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে ৰয়েল পেগু সাম্প্রতিক অসমীয়া কবিতাৰ সুস্থ, সবল, প্রগতিশীল ধাৰাটোক প্রতিনিধিত্ব কৰা সূক্ষ্ম জীৱন-এষণাৰ এগৰাকী শক্তিশালী কবি। তেখেতৰ প্ৰথম কাব্যগ্রন্থ ‘ৰৌদ্রোজ্জ্বল প্রভাত’-এ কাব্যপ্রেমীৰ সমাদৰ লাভ কৰাৰ পিছত প্ৰকাশ পাইছে দ্বিতীয় কাব্যপুথি ‘সূর্যসন্তৱা সময়’।
ৰয়েল পেগু আজন্ম মানৱদৰদী আপোচহীন বিপ্লৱী কবি। ৰয়েল পেগু অসমৰ এগৰাকী নির্ভীক সাংবাদিক-লেখক আৰু বিপ্লৱী কবি হিচাপে নিপীড়িত জনতাৰ অধিকাৰৰ বাবে সততে কলমেৰে যুঁজ দি আহিছে।
কবি পেগুৰ বৈপ্লৱিক চেতনাপুষ্ট কবিতাই নিপীড়িত জনতাৰ মন-মগজুত নতুন দিনৰ চিন্তা-চেতনা জগাই তোলে। ৰাষ্ট্ৰযন্ত্ৰ তথা শাসকপক্ষৰ দমন-নিপীড়ন, গণতন্ত্ৰৰ নামত ধনতন্ত্ৰ আৰু পুঁজিবাদৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে অমোঘ শব্দৰে জনগণৰ অধিকাৰৰ হকে থিয় দিছে।
‘সূৰ্যসম্ভৱা সময়’ কাব্যপুথিৰ প্ৰায়বোৰ কবিতাই পেগুৰ বৈপ্লবিক চেতনাৰ বাৰ্তা বহন কৰিছে। ৰয়েল পেগুৰ ইতিমধ্যো মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি, অৰণ্য-জনাৰণ্য, বৰ্ষাৰণ্য পবা, সমাজ-সংস্কৃতি আৰু অন্যান্য, বর্ষাৰণ্য পবা— শতিকাগৰকা দুলুঙৰ জীৱ-বৈচিত্র্য, ৰৌদ্ৰোজ্জ্বল প্ৰভাত, ৰূপালী জয়ন্তী গৰকা- জোনাই প্ৰেছ ক্লাব, জাতীয়তাবাদ- প্ৰকৃতি আৰু অন্যান্য, নিৰ্বাচিত সম্পাদকীয়, পবা বন্যপ্ৰাণী অভয়াৰণ্য, জ’নাই-মুৰ্কংচেলেকৰ ইতিবৃত্ত আদি গ্ৰন্থ প্ৰকাশ পাইছে।
ৰয়েল পেগুৰ ‘সূৰ্যসম্ভৱা সময়’ কাব্যপুথিৰ প্ৰকাশক অসম বুক ট্ৰাষ্ট আৰু মূল্য ১৫০ টকা। ইপিনে সভাতে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলেক সভাপতি, বিজয় বৰিক উপ-সভাপতি, ৰয়েল পেগুক সম্পাদক আৰু ভাস্কৰজ্যোতি টায়েঙক সহকাৰী সম্পাদক হিচাপে লৈ চিয়াং-লালীপৰীয়া সাহিত্য গোষ্ঠী নামে সাহিত্যানুষ্ঠান গঠন কৰে।

