অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

NEW BOOKS: মানুহৰ অভাৱ

Spread the love

মানুহৰ অভাৱ

DD TIMESৰ কবি কুলদীপ মেধি

মানুহৰ অভাৱ

ভীৰ বহুত
কিন্তু মনৰ মানুহ ক’ত?

কেতিয়াবা কাৰোবাৰ সৈতে
খুউব কথা পাতিবৰ মন যায়
মুকলিকৈ,
তেনে এগৰাকী মানুহ থকাটো
প্ৰতিজনৰে বাঞ্চনীয়।

ৰাতিৰ দৰে গহীন মানুহ, অথবা
ৰ’দৰ দৰে তেজাল মানুহ, নাইবা
গছৰ দৰে স্থিৰ মৌন মানুহ, বা
নৈৰ দৰে চঞ্চল, ভিতৰি
সাগৰৰ দৰে গভীৰ মানুহ,
যিয়ে বুজি পাই অখজা কথাবোৰ
যাৰ স’তে খিলখিলাব পাৰি
নষ্ট সময়ৰ কিছু মিনিট হয়তোবা
কিছু দিন।

কিন্তু আমি জীয়াই আছো
বিলাসীতাৰ কিছুমান আচবাবৰ সৈতে
নিস্তেজ এখনি ঘৰৰ লগত
হাঁহি আছো ৰীলবোৰৰ লগত
গুনগুনাই আছো ভিডিঅ’ৰ লগত
জীৱনটোক কেৱল সান্ত্বনা দিছো
মোবাইলটোৰ মাজত।

সেয়েহে আমি কথা পাতো গৈ থকা ৰাস্তাটোৰ লগত
নিজকে এৰি দিও একাকিত্বৰ কোমল বিছনাখনত
মমতাময়ী মাতৃৰ দৰে সাৱটি ধৰে গাৰুটোৱে,
ভীৰৰ মাজত স্ফটিকৰ হাঁহিবোৰ নিসংগতাৰ কোঠালিত
আমন-জিমনকৈ পৰি ৰয়।

কিন্তু আমি প্ৰত্যেকে বুকুত গোপনে কঢ়িয়াই লৈ ফুৰিছোঁ
ৰাতিবোৰ, ৰ’দবোৰ, গছবোৰ, নৈ, সাগৰ ইত্যাদি ইত্যাদি।

অপ্ৰিয় হ’লেও কথাবোৰ সঁচা।
কাৰণ আমাৰ কথা পাতিবলৈ মানুহ নাই
এই পৃথিৱীত মন খুলি কথা পতা মানুহৰ
তেনেই অভাৱ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!