Birangona Sadhoni and the Chutia kingdom: বীৰাঙ্গনা সাধনী আৰু চুতীয়া ৰাজত্বৰ ঐতিহাসিক তথ্য
বীৰাঙ্গনা সাধনী আৰু চুতীয়া ৰাজত্বৰ ঐতিহাসিক তথ্য

DD TIMESত লিখিছে ৰাজীৱ বৰুৱাই
(এক)
অৰুণাচল প্ৰদেশৰ কাষে কাষে উজনি অসমৰ শদিয়াৰ পৰা উত্তৰ অসমৰ বিশ্বনাথলৈকে বিস্তৃত আছিল প্ৰাচীন চুতীয়া ৰাজ্য। অসমত বসবাস কৰা যিবোৰ প্রাচীন ভূমিপুত্ৰ জনগোষ্ঠী আছে তাৰ ভিতৰত এক অন্যতম লেখত লবলগীয়া জনগোষ্ঠী হ’ল চুতীয়া। এই জনগোষ্ঠীটো আছিল মহা পৰাক্ৰমী,শৌর্য-বীর্যশালী।
বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰো অন্যতম মুখ্য অংশীদাৰ আছিল ভুমিপুত্ৰ চুতীয়াসকল।এসময়ত নিজৰ
স্বকীয় ধৰ্মীয় ৰীতি-নীতি, বিভিন্ন কৃষ্টি, সংস্কৃতিৰে সমৃদ্ধিশালী চুতীয়াসকলৰ অতীতৰ গৌৰৱ যেন আজি বহুখিনি ম্লান হৈ পৰিছে। এটা ৰাজকীয় জাতি হিচাপে আজি চুতীয়াসকলৰ যি ধৰনৰ প্ৰগতি আৰু উন্নতি হ’ব লাগিছিল; সেয়া হৈ উঠা নাই।বিভিন্ন ৰাজনৈতিক,ধৰ্মীয় আৰু আৰ্থসামাজিক কাৰকে চুতীয়াজাতিৰ লোকসকলক
সবলভাৱে মুৰ দাঙি থিয় হোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে যদিও সদৌ চুতীয়া জাতি সন্মিলনকে আদি কৰি ভাতৃ,ভগ্নী সংগঠনবোৰে কিন্তু অহৰহ জাতিৰ ন্যাৰ্য প্ৰাপ্য অধিকাৰৰ হকে যুজঁ দি আছে।

ৰাজ্য চৰকাৰে কিছু কিছু দিশত জাতিটোৰ উত্তৰণৰ বাবে দুই/এটা পদক্ষেপ গ্ৰহণ কৰিছে যদিও সেইয়া পৰ্যাপ্ত নহয়।
চুতীয়াসকলক জনজাতীয় মৰ্যদা প্ৰদানৰ লগত চুতীয়া সকলৰ ৰাজকীয় ঐতিহ্য আৰু বিভিন্ন ঠাইত উদ্ধাৰ হোৱা পুৰাতাত্বিক সমলবোৰ সংৰক্ষণ
কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ অতি প্ৰয়োজন আছে।
মধ্যযুগৰ অসমৰ সৌমাৰখণ্ডত (সধয়া ৰাজ্য)মহাভাৰতখ্যাত ৰজা,ৰুক্মিণীৰ পিতৃ ভীষ্মককে আদি কৰি কুবেৰ আর্শীবাদপুষ্ট চুতীয়া সকলৰ সর্বশ্রেষ্ঠ ৰজা ৰত্নধ্বজ পালৰ পৰা শেষজন চুতীয়া ৰজা নীতিপাললৈকে হেজাৰ বছৰৰো অধিক কাল উত্তৰ অসমৰ বৃহৎ ভুখণ্ডত ৰাজত্ব কৰা চুতীয়া সকলৰ এক গৌৰবোজ্জল ইতিহাস আছে।
ষষ্ঠদশ শতিকাৰ প্ৰথমার্ধত চুতীয়া ৰাজপৰিয়ালৰ কিছুলোকে সাধাৰন ঘৰৰ লৰাৰ পৰা ৰজা হোৱা নীতিপালক কৰা অশ্রদ্ধাৰ লগতে বৃদ্ধ ৰজা ধীৰনাৰায়ণৰ ভাতৃ সুৰজিত পালে আহোমৰ লগত লগ লাগি ৰজা নীতিপালক সময়ৰ সুযোগ লৈ ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰৰ ফলস্বৰূপে চুতীয়া ৰাজ্য ধ্বংস হয়। ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগৰ দিনা চুতীয়া আৰু আহোমৰ শেষ ৰণত ৰজা নীতিপালৰ মৃত্যুৰ পিছত আহোম সৈন্যৰ ওচৰত বশ্যতা স্বীকাৰ নকৰি বীৰাঙ্গনা সাধনীয়ে ১২০ গৰাকী (ৰজা,ৰাজবিষয়াৰ কুঁৱৰী আৰু আন আন সাধাৰণ লোকৰ নাৰী)নাৰীক সংগঠিত কৰি লৈ নাৰী সৈন্যৰ দল সাজু কৰি চন্দনগিৰি পৰ্বতত প্রান পনে যুঁজ দিছিল।সেই যুজঁতে স্বদেশ স্বজাতিৰ গৌৰৱ আৰু আত্ম মর্যাদা অক্ষুন্ন ৰাখি কুবেৰ প্রদত্ত সম্পত্তি আনৰ হাতলৈ যাবলৈ নিদি আত্মত্যাগ কৰিছিল বীৰাঙ্গনা সাধনীয়ে।স্বজাতিৰ বাবে কৰা এই মহান আত্মত্যাগ আৰু বীৰত্বৰ বাবেই আজি আই সাধনী আমাৰ মাজত বীৰাঙ্গনা সাধনীৰূপে পূজিত আৰু বন্দিত।বীৰাঙ্গনা সাধনীৰ আত্মত্যাগৰ এই পবিত্র দিনটো চুতীয়া জাতিৰ ইতিহাসৰ এক স্বৰ্ণিল অধ্যায়।এইগৰাকী বীৰাঙ্গনা সাধনী অসমীয়া নাৰীৰ স্বাভিমান আৰু প্ৰেৰণাৰ প্ৰতীকস্বৰূপ।সাধনী ত্যাগ আৰু আদর্শ কেৱল চুতীয়া জাতিৰ বাবে নহয় সমগ্র নাৰী জাতিৰ বাবেই স্বাভিমানৰ উজ্জল নিদর্শন।বৃহত্বৰ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংশ হিচাপে চুতীয়া জনগোষ্ঠীৰ লোকসকলে চুতীয়া ৰাজবংশৰ মহিয়সী নাৰী,ৰাণী বীৰাঙ্গনা সাধনীৰ পবিত্র স্মৃতিত সেয়ে প্রতি বছৰে ৭ ব’হাগৰ দিনটো বীৰাঙ্গনা সাধনী দিৱসৰূপে উৎযাপন কৰে।এই মহিয়সী নাৰী গৰাকীৰ ত্যাগ,বীৰত্ব আৰু আত্মবলিদানক শ্রদ্ধাৰে স্মৰণ কৰি চুতীয়া জাতিৰ ঐক্য প্ৰদৰ্শন কৰা হয়।উল্লেখ্য যে অসমৰ ইতিহাসত এগৰাকী বীৰাঙ্গনাৰূপে প্ৰতিস্থিত হোৱা সাধনীৰ নামত অসম চৰকাৰে ২০১৭ চনৰ পৰাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে-“বীৰাঙ্গনা সাধনী বঁটা” প্ৰদান কৰি আহিছে।এইয়া চুতীয়াসকলৰ বাবে এক ডাঙৰ স্বীকৃতি।এইবাৰ সাধনী দিৱসটি কেন্দ্ৰীয়ভাৱে চুতীয়া যুৱ সন্মিলন অসম’ৰ উদ্যোগত অৰুণাচলৰ ভীষ্মক নগৰ পুৰাতাত্বিক স্থানত আয়োজন কৰিছে।এই পদক্ষেপ আদৰণীয় হৈছে।নিজৰ জাতীয় ঐতিহ্য সুৰক্ষাৰ প্ৰতি আৰু সজাগ হোৱা দৰকাৰ।

(দুই)
মধ্যযুগৰ হাবুং অঞ্চল আছিল ঢকুৱাখনা আৰু ধেমাজিৰ এক বিস্তৃত এলেকা সামৰি।হাবুঙং ভুখণ্ডত চ্যুকাফাৰ আগমনৰ পূৰ্বেই-চুতীয়াসকলে ৰাজত্ব কৰিছিল।তাৰো আগতে এই হাবুঙত পাল ৰাজবংশৰ ৰজাই
শাসন কৰিছিল।বুৰঞ্জীৰ তথ্য অনুসৰি-১২৪৪ খ্ৰীষ্টাব্দত স্বর্গদেউ চাওলুং চ্যুকাফাই
হাবুং এৰি থৈ গৈ কিছুবছৰ শিমলুগুৰিত থাকে।তাৰ পিছত চৰাইদেউলৈ গৈ পৰ্বতত আহোমৰ স্থায়ী ৰাজধানী পাতিছিল।ৰাজধানী স্থায়ী হোৱাৰ পিছতো ১৫১৪ খ্ৰীষ্টাব্দলৈকে লুইতৰ উত্তৰ পাৰৰ হাবুং অঞ্চলটো আহোম
সকলে অধিকাৰ কৰিব পৰা নাছিল।
হাবুঙত চুতীয়া ৰজাসকলে ৰাজত্ব কৰাৰ সম্ভেদ পোৱা যায় ১৯১০ চনত উদ্ধাৰ হোৱা এখন তামৰ ফলিৰ পৰা।ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ঘিলামৰাৰ ধেনুখনা-বাটমাৰী অঞ্চলৰ মাহধোৱা বিলৰ পাৰত উদ্ধাৰ হৈছিল চুতীয়া ৰজা সত্যনাৰায়ণ ওৰফে কৰ্ম ধ্বজ পালে ভূমি দানৰ উপলক্ষে ব্ৰাহ্মণক প্ৰদান কৰা এই তামৰ ফলিখন।ফলিখনৰ ৰচনাকাল হ’ল-১৩১৪ শক(১৩৯২চন)।এই তামৰ ফলিখনত লিখা পাঠত উল্লেখ থকা তথ্য অনুসৰি-
‘সধয়াপুৰী(শদিয়া)ৰ ৰজা সত্যনাৰায়ণে কাশ্যপ গোত্ৰৰ সঙ্কৰ্ষণ দ্বিজৰ পুত্ৰ নাৰায়ণ দ্বিজক এই তাম্ৰপত্ৰৰ যোগেদি খেতিৰ মাটি,খাটোৱাল মানুহ আৰু নাও ৰখা দুখন ঠাই দান কৰিছিল।’বিশিষ্ট লেখক,
ভাষাতত্ববিদ ড° মহেশ্বৰ নেওগে এইখন তামৰ ফলিত উল্লেখ থকা ‘সধয়াপুৰী’ক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।’বুলি মন্তব্য কৰাৰ বিপৰীতে ;কিন্তু প্ৰত্নতত্ববিদ, লেখক সৰ্ব্বেশ্বৰ বৰুৱাই বৰ্তমানৰ শদিয়াকে তামৰ ফলিৰ ‘সধয়াপুৰ’ বুলি কৈছিল।ফলিত উল্লেখ থকা ‘ধৱলিচ’ নৈ এই অঞ্চলৰ ধল বা কুমতীয়া নদী। ‘গোটাপৰা’ গাঁও বৰ্তমানৰ ঘটাপৰা বা ঘণ্টাপৰা,বাঘমৰা গাঁৱেই ফলিৰ ‘ব্যাঘ্রমাৰি’ আৰু ‘লুদুমীমাৰী’ পথাৰখন দুলিমেৰ বুলি অনুমান কৰিব পাৰি।এই তামৰ ফলিখনৰ পাঠ উদ্ধাৰ কৰিবলৈ ড° টি.ব্লক আৰু ৰাখাল দাস বন্দোপাধ্যায়ে যত্ন কৰিছিল যদিও সফল হ’ব নোৱাৰিলে। পাছত গৌৰীদত্ত মিশ্র বিদ্যাভূষণ নামৰ এগৰাকী পণ্ডিতে ইয়াৰ আংশিক পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। তেখেতৰ মতে এই তামৰ ফলিখনত-“স্বৰ্গনাৰায়ণ নৃপতিয়ে নাৰায়ণ বিপ্ৰক এশ ঘৰতকৈও সৰহ মানুহ খাই বৈ থাকিব পৰাকৈ ভূমি দান কৰিছিল”।পিছলৈ বিশিষ্ট প্রত্নতত্ববিদ,লেখক-সৰ্বেশ্বৰ বৰুৱাই দুজন সংস্কৃত পণ্ডিতৰ সহায় লৈ এই তামৰ ফলিৰ সম্পূৰ্ণ পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।সেই পাঠকে পৰৱৰ্তী কালৰ পণ্ডিত সকলেও মানি লৈছিল।ফলিত উল্লেখ
থকা হাবুঙৰ ‘গোটাপৰা’ নামে খ্যাত গাঁওখন বৰ্তমান উত্তৰ ঢকুৱাখনা অঞ্চলৰ ‘ঘটাপৰা’ বুলি চিনাক্ত হৈছে।এই গাঁৱৰ ওচৰত চাৰিসীমা নিৰূপণ কৰি ব্ৰাহ্মণক ভূমিদান কৰাৰ যি তথ্য তামৰ ফলিখনত লিপিবদ্ধ কৰা আছে;সেই ব্ৰাহ্মণ পৰিয়াটোৱে বসবাস কৰা ভেটি-বাৰীৰ চিন এতিয়াও স্পষ্ট হৈ আছে ঘটাপৰা গাঁৱৰ উত্তৰ পশ্চিম কোণত।সেই ভেটিটোৰ পশ্চিম দিশক বাদ দি এতিয়াও বাকী তিনিওফালে গড়ৰ চিন আছে।লগতে নাও ৰাখিব পৰা দুটা বৃহৎ পুখুৰীৰ অৱস্থিতি আছে।

অন্যহাতে সত্যনাৰায়ণৰ পুত্ৰ যুৱৰাজ ধৰ্মনাৰায়ণেও গৌৰাত্ৰেয় গোত্ৰৰ ব্ৰাহ্মণক পূৰ্বৰ ৰজাসকলে দিয়া গাঁও পথাৰ আৰু ঘৰ-বাৰীৰ ভূমি পুনৰ তাম্ৰপত্ৰ কৰি দান কৰিছিল।এই কথাৰ প্ৰমাণ পোহৰলৈ আনিছে; ঢকুৱাখনাৰ উত্তৰ-পূৱ কোণৰ সাপতীয়া অঞ্চলৰ বৰমূৰ্ত্তিয়া বিলৰ পাৰত উদ্ধাৰ হোৱা এখন তামৰ ফলিয়ে।এই তামৰ ফলি খন ১৯৪৮ চনত কলীয়া গগৈ নামৰ এজন লোকে বৰমূৰ্তিয়া বিলৰ পাৰত হালবাই থাকোতে উদ্ধাৰ কৰিছিল।তেখেতৰ পৰা ফলিখন কুলধৰ শইকীয়া নামৰ এজন লোকে আনি লেখক,
তথা বুৰঞ্জীৰ অনুসন্ধানকাৰী
সৰ্ব্বেশ্বৰ বৰুৱাক দিয়ে।” তেখেতে আংশিকভাৱে ফলিখনৰ পাঠ উদ্ধাৰ কৰি তেতিয়াই ‘মণিদীপ’ নামৰ এখন আলোচনীত ‘চতুর্দশ শতিকাৰ চুতীয়া ৰাজত্ব’ নামৰ এটি প্রবন্ধ প্রকাশ কৰিছিল।পৰৱর্তীকালত ড° মহেশ্বৰ নেওগে এই ফলিৰ সম্পূর্ণ পাঠ উদ্ধাৰ কৰি অসমীয়া অনুবাদ সহ ‘প্রকাশ’ নামৰ আলোচনীখনত ‘বৰমূর্তিয়া বিল তাম্রপত্র, ১৩১৪ শক’ শীর্ষক এটি প্রবন্ধও লেখিছিল।এই তামৰ ফলিখনৰ যোগেদি সধয়াদেশৰ নৃপতি সত্যনাৰায়ণ ৰজাৰ পুত্ৰ যুৱৰাজ ধৰ্মনাৰায়ণে গৌৰাত্রেয় গোত্ৰৰ ব্ৰাহ্মণ বাসুদেৱক পূর্বৰ ৰজাসকলে দান কৰা শাসনকে ১৩১৪ শকত দান কৰিছে।এই শাসনৰ যোগেদি গাঁও,পথাৰ আৰু বাৰী দান কৰা হৈছিল।
অন্যহাতে চুতীয়া ৰজা সত্যনাৰায়ণৰ অন্য এজন পুত্ৰ যুৱৰাজ লক্ষ্মীনাৰায়ণেও হাবুং অঞ্চলত ব্ৰাহ্মণক ভুমি দান কৰাৰ তথ্য পোৱা গৈছে;
ঘিলামৰাৰ মেৰকাঠনী বিলৰ
পাৰত ১৯৩২ চনত উদ্ধাৰ হোৱা এখন তামৰ ফলিৰ পৰা।এই
তামৰ ফলিৰ ৰচনাকাল
আছিল-১৩২৩ শক(১৪০১চন)।
এই তামৰ ফলিখনৰ জড়িয়তে চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে শাণ্ডিল্য গোত্ৰৰ হৰিদেৱৰ পুত্ৰ ৰবিদেৱক বাসুদেৱৰ পূজা-
অৰ্চনাৰ্থে সোৱণশিৰী নৈৰ
পূ্ৱত চামপৰা নৈৰ পশ্চিমত পোকামাৰী সুঁতিৰ ওচৰত পূৰ্ণ্য বিহুৰ দিনা দুশ পুৰা মাটি বখনা-
গ্ৰামৰ সৈতে দান কৰিছিল।তামৰ ফলিখনত উল্লেখ থকা বখনা-গ্ৰাম(বৰ্ষামুখ)ৰ লগতে
সোৱণশিৰি আৰু চামপৰা নৈৰ অৱস্থিতি এতিয়াও আছে যদিও ব্ৰাহ্মণক দান কৰা ভূমিৰ চিন-মোকাম পাবলৈ নাই।সেই ভেটি-মাটি সোৱণশিৰিয়ে খহাই নিশেষ কৰিলে কেইবাবাৰো গতি পথ সলাই।বৰ্তমানৰ বাসুদেৱ থানখনেই চুতীয়া ৰাজত্বৰ কালত বৰ্ষামুখৰ ওচৰত সোৱণশিৰিৰ পাৰত আছিল।ঘিলামৰাৰ লৰাম বৰুৱা নামৰ এগৰাকী লোকে এই ফলিখন দীর্ঘদিন ধৰি সংৰক্ষণ কৰি ৰাখিছিল।পিছত প্ৰত্নতাত্ববিদ,লেখক সৰ্ব্বেশ্বৰ বৰুৱাই ফলিখন নি পাঠ উদ্ধাৰ কৰে।ফলিখনৰ আখৰবোৰ স্পষ্ট যদিও তিনিটা চুক আৰু প্ৰথম পিঠিৰ সোঁ হাতে দাঁতিকণ ভগা অৱস্থাত পোৱা গৈছিল।এইখন তামৰ ফলিত চুতীয়া ৰজা লক্ষ্মীনাৰায়ণে শাণ্ডিল্য গোত্ৰৰ হৰিৰ পুত্ৰ ৰবিদেৱক পুণ্য বিহুৰ দিনা দুশ পুৰা মাটি বখনা গ্ৰামৰ সৈতে উছৰ্গি দিছিল।ইয়াৰ পূৱে স্বৰ্ণদী আৰু দক্ষিণে পোকামৰী সুতি আছিল।বুৰঞ্জীৰ অনুসন্ধান কাৰী,লেখক সৰ্বেশ্বৰ বৰুৱাই-
ফলিত উল্লেখ থকা-“স্বৰ্ণদী”ক সোৱণশিৰী,”বখনা-গ্ৰাম”ক সোৱণশিৰীৰ পশ্চিম পাৰৰ বৰ্ষামুখ আৰু “পোকামৰী”ক মৰনৈ বেবেজীয়া অঞ্চলৰ দক্ষিণৰ পকীমুৰী বিল বুলি ঠাৱৰ কৰিছে।ইফালে চম্পাৱতী নৈক বৰ্তমানৰ চামপৰা নৈ বুলি মত ব্যক্ত কৰিছে।উল্লিখিত তিনিওখন তামৰ ফলিৰ বিষয় বস্তুৱে চতুর্দশ-পঞ্চদশ শতিকাৰ হাবুং অঞ্চলৰ ঘিলামৰা,
ঢকুৱাখনা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ অনেক তথ্যৰ সম্ভেদ দিয়ে।অন্যহাতে তামৰ ফলিকেইখনৰ পৰা এটা কথা স্পষ্ট হয় যে-সেই সময়ত এই হাবুং অঞ্চলটো চুতীয়া ৰাজ্যৰ ভিতৰুৱা আছিল।ভূমিদান কৰা
ৰজা সত্যনাৰায়ণ,যুৱৰাজ ধৰ্মনাৰায়ণ,আৰু লক্ষ্মী নাৰায়ণ আদি আছিল চুতীয়া ৰাজ্যৰ ৰজা।তেওঁলোকৰ মুল ৰাজধানী সধয়াপুৰ বা বৰ্তমানৰ শদিয়াত আছিল যদিও শাসন চলাইছিল পশ্চিলে বিশ্বানাৰ জীয়াভৰলীৰ উত্তৰ পাৰলৈকে আৰু দক্ষিণে মাজুলীৰ লুইত পৰ্যন্ত।
(তিনি)
পৰবৰ্তী সময়ৰ চুতীয়া ৰজাসকল কিছু দুৰ্বল হোৱাত কোঁচসকলে তেওঁলোকক পৰাস্ত কৰি-নাৰাণপুৰ,পানবাৰী,হাবুং,আৰু মাজুলী আদি অঞ্চল ১৪২৮ খ্ৰীষ্টাব্দত কমতা(কোঁচ)ৰ ৰজা দুৰ্লভনাৰায়ণে নিজৰ দখললৈ নিছিল।কোঁচসকল হাবুঙত কিছুদিন থকাৰ পিছত সমৰ সিংহ বৰপাত্ৰ(কিছু মানৰ মতে বৃহৎপাত্ৰ)নামে এজন বিষয়া নিয়োগ কৰিছিল হাবুং অঞ্চলত কোঁচৰ শাসন চলাই ৰাখিবলৈ।এইজন বৰপাত্ৰৰ
অধীনত স্থানীয় বাৰ ভূঞা
সকলৰ কিছুলোকক কোঁচৰ কৰতলীয়াৰূপে বিষয়াৰ দায়িত্ব
দি কমতালৈ উভটি গৈছিল কোঁচ ৰজাৰ সৈন্য আৰু সেনাপতি।১৫০৫ খ্রীষ্টাব্দত আহোম ৰজা চুহুমুং ওৰফে স্বর্গনাৰায়ণ দিহিঙীয়া ৰজাই ব্রহ্মপুত্রৰ উত্তৰ পাৰলৈ আহি প্ৰথমে বাৰ ভূঞাসকলৰ শাসনত থকা পানবাৰী দখল কৰে।তাৰ পিছত আইতনীয়া নগাৰ ৰাজ্য মাৰি পুনৰ ১৫১৫ খ্ৰীষ্টাব্দত উত্তৰ পাৰলৈ আহি চুতীয়াসকলৰ সৈতে যুদ্ধ কৰি হাবুংপুৰ অঞ্চল নিজৰ দখললৈ সম্পূৰ্ণৰূপে নিয়ে।সেই কালত হাবুঙত দক্ষিণ পাৰৰ ৰাজধানীৰ পৰাই শাসন চলাবলৈ অসুবিধা আছিল বাবে আহোম স্বৰ্গদেউ চুহুমুং ওৰফে স্বর্গনাৰায়ণ দিহিঙীয়া ৰজাই ডাঙৰীয়া সকলেৰে আলোচনা কৰি আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা পানবাৰী আৰু হাবুঙত শাসন চলাবলৈ একাংশ ভূঞা জমিদাৰকে কোঁচসকলৰ দৰে কৰতলীয়া ৰূপে বিষয়-বাব দি উভতি গৈছিল ৰাজধানীলৈ।
এই দুৰ্বলতাৰ সুযোগ গ্ৰহণ চুতীয়া ৰজা ধীৰনাৰায়ণে পুনৰ ভূঞাসকলৰ সহযোগত হাবুঙত অঞ্চলত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ প্ৰমাণ পোৱা গৈছে ২০০১ চনত ঢকুৱাখনা নগৰ উত্তৰ দিশৰ কোঁৱৰ গাঁৱত উদ্ধাৰ হোৱা চুতীয়া ৰজা ধীৰনাৰায়ণৰ তামৰ ফলিৰ পৰা।চুতীয়া ৰজা ধীৰনাৰায়ণে-১৪৪৪ শক(১৫২২ চন)ত প্ৰদান কৰা এই তাম্ৰপত্ৰৰ জড়িয়তে ৰাজ্যৰ বিভিন্ন বাধা-বিঘিনি উপসমাৰ্থে ৰস্মিকৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক গজহস্ত(গজৰ হিচাপে)পৰিমাণে ১০০০ পুৰা মাটি দান দি প্ৰজাসহ বসবাস কৰি থকা হিপুৱাল নামৰ এখন ঠাই প্ৰদান কৰিছিল।ইয়াৰ চাৰিসীমা উল্লেখ আছে এইদৰে-পূৱে দণ্ডীবৰীবিন্ধ,
দক্ষিণে পৰ্ক্কটী,পশ্চিমে খশীত্ত আৰু উত্তৰে দেয়ামন্বে সম বান্ধকাষা।হাবুঙৰ হিপুৱাল অঞ্চল কোন ঠাইত আছিল সেইয়া এতিয়াও সঠিক নিৰ্ণয় কৰিব পৰা হোৱা নাই।কিন্তু কঢ়া নৈৰ পশ্চিম পাৰে বাসুদেৱথানৰ পূৱে থকা ঘাঁহিবাৰী অঞ্চলেই এই ‘হিপুৱাল’ হোৱাৰ সম্ভাৱনা আছে।ঘাঁহিবাৰী অঞ্চলত অসংখ্য পুৰণি পুখুৰী আৰু ওখ ওখ ভেটি আছে। গাঁওখনত ১৯৯৫ চনত পুৰণি নামঘৰ থকা বৃহৎ ভেটিটোৰ পূৱ দিশৰ এঘৰ মানুহৰ বাৰীত ধাতুৰ বিষ্ণু মূৰ্ত্তি উদ্ধাৰ হৈছিল।গাঁওখনৰ কাষত ‘লাহোৱাল’ বা ‘লেহাল’ পথাৰ বুলি এখন বৃহৎ পথাৰ আছে।পথাৰখনৰ দক্ষিণ পশ্চিম কোণতো বহুকেইটা পুৰণি পুখুৰী আৰু ওখ ওখ ভেটি আছে।এইবোৰ দিশ চালি জাৰি চাই এই ‘লাহোৱাল’ পথাৰখনৰ অঞ্চলটোৱেই ‘হিপুৱাল’ আছিল বুলি অনুমান কৰা হৈছে।এইখন তামৰ ফলিত মুঠ-১৫ শাৰী পাঠ আছিল।কিন্তু প্ৰথমশাৰীটো কটা গ’ল বাবে ১৪ শাৰী পাঠহে পোৱা গৈছে।এই কটা যোৱা শাৰীটোত কি লিখা আছিল জানিব পৰা নগ’ল।চুতীয়া বংশৰ ৰজা ধীৰনাৰায়ণৰ ৰাজত্বৰ সময়তে আহোমে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে গৈ বৃহৎ সৈন্যৰে আক্ৰমণ কৰি-১৫২৩ খ্ৰীষ্টাব্দত শদিয়া ৰাজ্য দখল কৰে আহোমে।
(চাৰি)
হাবুঙত এসময়ত বহুলভাৱে এই কড়িৰ প্ৰচলন আছিল।ইয়াৰ সম্ভেদ দিয়ে দুখন নদী(লুইতৰ পূৰণি সূঁতি)ৰ নামে।হাবুঙৰ দক্ষিণফালে পূৱৰ পৰা পশ্চিম লৈ বৈ থকা চাৰিকড়িয়া নৈ পাৰ হ’বলৈ তাহানিতে ঘাটৈক ৪ টা ফুটা কড়ি দিব লাগিছিল।ঠিক সেইদৰে চাৰিকড়িয়াৰ পৰা
কিছু দক্ষিণ লৈ আৰু এটা
সুঁতি আছিল;নাম একড়িয়া
(একৈয়া)।এই সুঁতি পাৰ হ’বলৈ ঘাটৈক দিব লাগিছিল এটা ফুটা কড়ি।২০০৫ চনত ঢকুৱাখনাৰ দক্ষিণ-পশ্চিম দিশৰ ভাটি
জালভাৰীৰ সমীপত চাৰিকড়িয়া নৈৰ পাৰৰ এঠাইত বহুখিনি ফুটা কড়িৰ দ’ম উদ্ধাৰ হৈছিল।বহু বছৰ ধৰি মাটিৰ তলত পৰি থকাত সেইবোৰ পচি
বেয়া হ’ল।সেই ঠাইৰ স্থানীয় বুঢ়ালোকৰ ভাষ্যমতে-হাবুঙত ভূঞা-চুতীয়াসকলৰ ৰাজত্বৰ সময়ৰ পৰাই ইয়াত চাৰিকড়িয়া নদীৰ এটা প্ৰধান ঘাট আছিল।
দেশে স্বাধীনতা লাভ কৰা বহু বছৰৰ পিছতহে দলং হৈছে।
উল্লেখ্য যে এই ঘাটতো আছিল হাবুঙৰ পৰা মাজুলীয়েদি লুইত পাৰ হৈ গড়গাঁওলৈ যোৱাৰ পথত।মাজুলীৰ সীমান্তৰ পৰা হাবুঙৰ মাজেদি মনিপুৰ
(বৰদলনি)নগৰ হৈ শদিয়াৰ
পৰা নাৰায়ণপুৰলৈ সংযোগ থকা ৰাজগড়(ডফলাগড়)ত
লগাকৈ এটা ৰজা দিনীয়া পুৰণি আলিবাট আছিল ঢকুৱাখনাত।
এই আলিবাটৰ চিন ঢকুৱাখনাৰ
কঢ়া নৈৰ পূৱ পাৰে এতিয়াও বিভিন্ন ঠাইত স্পষ্ট হৈ আছে।
এই পুৰণি আলিবাটটো
আহোম ৰাজত্বৰ কালত ডেকা বৰবৰুৱাৰ বাব পোৱা এজন বিষয়াই পুনৰ নিৰ্মাণ কৰিছিল।সেয়ে আলিটোক তেতিয়া ডেকা বৰবৰুৱা আলি বুলিছিল।বৃটিছৰ আমোলত আলিটোৱে নাম পাইছিল হাঁহ খোৱা আলি।
হাবুঙত আহোমসকলে ৰাজত্ব চলোৱাৰ পূৰ্বৰে পৰাই গৰু,মহৰ বেপাৰ চলিছিল।সেই সময়ত চুতীয়া ৰজাসকলৰ অধীনত শাসন চলা লুইতৰ উত্তৰ পাৰলৈ
আহোম ৰাজ্যৰ ৰাজধানীৰ পৰা
গৰু,ম’হ কিনিবলৈ বেপাৰী আহিছিল।১৩৮৯ খ্ৰীষ্টাব্দত আহোম ৰাজ্যৰ পৰা হাবুঙত গৰু,ম’হ কিনিবলৈ বেপাৰী অহাৰ তথ্য-ছাৰ এডৱাৰ্ড এলবাৰ্ট গেইটৰ -A History of Assam গ্ৰন্থত উল্লেখ আছে এনেদৰে-‘Some years later,a man named Thao Cheoken went across the Brahmaputra to trade in Cattle , and there,in a Habung Village,…’এই গৰু,
ম’হ কিনিবলৈ অহা বেপাৰীৰ পৰাহে হয়তো চুতীয়া ৰাজ্যত প্ৰথম সোণ বা ৰূপৰ মুদ্ৰাৰ প্ৰচলন হৈছিল।প্ৰাচীন অসমত নদী পথেদিয়েই যিহেতু বিভিন্ন দেশৰ-সাউদ,বণিক,আৰু
সদাগৰবোৰে বৰ বৰ নাৱেৰে
বেহা-বেপাৰ কৰিছিল।সেই সময়তেই গৌৰদেশ,বঙ্গদেশ আদি সাগৰৰ ওচৰত থকা
দেশৰ বণিকবোৰেই হয়তো কড়িবোৰ অসমলৈ আনি
সৰু সৰু বস্তুৰ মূল্যৰ মান
ৰূপে প্ৰচলন কৰিছিল।
এসময়ত এই ফুটাকড়িবোৰ
সৰু লৰা-ছোৱালীক ডিঙি আৰু কঁকালত মণিৰূপেও পিন্ধোৱা হৈছিল।বিশেষকৈ এতিয়াও অসমৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা মানুহৰ হাতত টকা-পইচা নেথাকিলে-‘জেপত ফুটাকড়ি এটাও নাই।’ বুলি দুখ কৰা প্ৰবচন এফাঁকি প্ৰচলিত আছে।
এই প্ৰবচনটোৱেই প্ৰমাণ কৰে যে এসময়ত অসমৰ গাঁওবোৰত এটা ফুটাকড়িৰ মূল্য কিমান গুৰুত্বপূৰ্ণ আছিল ! ৰজাৰ দিনত নগৰলৈ গৈ নোপোৱা গাঁৱৰ সাধাৰণ কৃষক,পাইক,
আৰু হজুৱাবোৰৰ মাজত
বস্তুৰ বেছা-কিনা কৰিবলৈকে বাহিৰৰ সদাগৰ-বণিকবোৰে ফুটাকড়িৰ প্ৰচলন ঘটাইছিল।অন্যহাতে ‘কড়ি খেল’ বুলি এবিধ পুৰণি খেলৰো প্ৰচলন আছিল অসমত।

