অসমঅসমীয়াআন্তর্জাতিকআন্তঃৰাষ্ট্ৰীয়মুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনামসাহিত্য

History of Habung: ৰাজীৱ বৰুৱাৰ কলমত- হাবুঙৰ বুৰঞ্জী

Spread the love

হাবুঙৰ বুৰঞ্জী

পালবংশৰ ৰজা ৰত্নপালৰ চোৰাতবাৰী তামৰ ফলি(অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সৌজন্যত)

উজনি অসমৰ বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চল আৰু ধেমাজি জিলাৰ মাছখোৱা অঞ্চলৰ একাংশ এলেকা সামৰি অতীজত হাবুং নামৰ এখন ঠাই আছিল।এই হাবুংখন আছিল মধ্যযুগৰ এখন গুৰুত্বপূৰ্ণ নগৰ।অসমত আহোম সম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰি অসমীয়া জাতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰা প্ৰথমজন স্বৰ্গদেউ চাওলুং চ্যুকাফাই এই হাবুঙত আহি তিনিবছৰ থাকি খেতি-বাতি কৰিছিল। সেই সময়ত হাবুঙত জনবসতি আছিল সেৰেঙা।

খ্ৰীষ্টীয় দশম শতিকাৰ পৰাই উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ হাবুং অঞ্চলটো আছিল বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ। এই হাবুঙৰ ঐতিহ্যৰ বিষয়ে যিধৰনে অধ্যয়ন আৰু গৱেষণা হোৱাৰ প্ৰয়োজন আছিল; তেনেধৰনে হোৱা নাই যেন অনুভৱ হয়।সেয়ে আজিৰ প্ৰেক্ষাপটত “হাবুঙৰ বুৰঞ্জী”ৰ বিষয়ে এক অধ্যয়ন স্বৰূপে কিছু আলোচনা আগবঢ়োৱা হৈছে।

হাবুঙত পালবংশী ৰজাৰ শাসন*

মধ্যযুগৰ অসমত লুইত (ব্ৰহ্মপুত্ৰ)ৰ উত্তৰে চামপৰা আৰু সোৱণশিৰী নৈৰ সংগম স্থলত কটিকুচিৰ দক্ষিণে নৰোৱা আৰু সোৱণশিৰীৰ পূৱে থকা দ চানেকীয়া ভূখণ্ডই আছিল হাবুং।


বুৰঞ্জীৰ তথ্য অনুসৰি হাবুং অঞ্চলটো দীঘলে ৩০ মাইল আৰু বহলে ১৫ মাইল বিস্তৃত আছিল।এতিয়ালৈকে উদ্ধাৰ হোৱা পুৰাতাত্বিক সমলৰ তথ্য অনুসৰি হাবুং অঞ্চলত প্ৰথমে নৰকাসুৰৰ বংশৰ পাল ৰাজ
বংশৰ শাসন চলিছিল। ‘পাল’ শব্দৰ অৰ্থ হ’ল-পালক।অৰ্থাৎ ৰাজ্যৰ প্ৰজাক নিৰাপত্তা দি পালন কৰা লোকজনেই পাল।


এই পাল বংশৰ প্ৰথমজন ৰজা আছিল ব্ৰহ্মপাল। খ্ৰীষ্টীয় ১০০০ চনৰ পৰা কামৰূপৰ একাংশত ৰাজত্ব কৰিছিল।তেওঁ অতি সত্যপৰায়ণ আৰু ধাৰ্মিক ৰজা আছিল। সেয়ে একমাত্ৰ পুত্ৰ ৰত্নপালক ৰাজ্যৰ দায়িত্বভাৰ চমজাই দি তেওঁ জীৱনৰ বিয়লি সময়খিনি ধৰ্ম দৰ্শনৰ মাজতে বিলীন কৰি দিছিল। পিতৃ ব্ৰহ্মপালৰ বিয়োগৰ পিছত ৰত্নপাল পাল ৰাজ বংশৰ দ্বিতীয়জন ৰজা হয় ১০১০ খ্ৰীষ্টাব্দত। পিতৃ ৰজা ধাৰ্মিক আৰু শান্তিপ্ৰিয় হোৱাৰ বিপৰীতে এইজন ৰজা আছিল বৰ প্ৰতাপী আৰু যুদ্ধপ্ৰিয়।


ৰত্নাপালে ব্ৰহ্মপুত্ৰৰ দাঁতিত “দুৰ্জ্জয় নগৰ” নামেৰ এখন বৃহৎ ৰাজধানী পাতিছিল নতুনকৈ।
১.(পৃ-৩৮/ প:গো:ব:অ:বু)


এইজন ৰজাৰ ৰাজত্ব কালত মধ্যযুগৰ অসমৰ সৰু সৰু জনজাতীয় ৰজাবোৰৰ সৈতে ভালেমান ৰণ কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অবিভক্ত লখিমপুৰ জিলালৈকে তেওঁৰ ৰাজ্য বিস্তাৰ কৰিছিল। ৰত্নপালৰ ৰাজ্যত সেই কালত তাম আদি ধাতুৰ খনি আছিল বাবে প্ৰচুৰ অৰ্থ সম্পদ লাভ কৰিছিল। সেয়ে হয়তো কামৰূপ(গুৱাহাটী)ৰ পৰা এই সৌমাৰপীঠ (লখিমপুৰ)লৈকে ৰাজ্য বিস্তাৰ কৰিব পাৰিছিল।


ছাৰ এডৱাৰ্ড এলবাৰ্ট গেইটে (Sir Edward Albert Gait)পালবংশী ৰজা ৰত্নপালৰ বিষয়ে লেখিছে এইদৰে-‘Ratna pal built his capital on the bank of the Brahmaputra and surrounded it with a rampart and Strong palisade, whence he named it Durjaya,or ”Impregnable”. Many Wealthy merchants lived there in safety, and it boasted of many plastered turrets.Learned men, religious preceptors and poets, encourageed by the king,made it a place of resort.He is Said to have derived much wealth from his copper mine.’ 2.(P-47/A History of Assam) পাল বংশৰ দ্বিতীয়জন ৰজা ৰত্নপালে তেওঁৰ ৰাজত্বকালৰ ২৫ সংখ্যক বছৰটোত ভূমিদান কৰা আৰু দুখন তামৰ ফলিৰ কথা ছাৰ এডৱাৰ্ড এলবাৰ্ট গেইটে তেওঁৰ গ্ৰন্থত লেখিছে। কিন্তু এই তামৰ ফলি দুখনৰ দ্বাৰা কাক কিমান পৰিমাণৰ ভূমিদান কৰা হৈছিল সেইকথা উল্লেখ কৰা নাই। সেই তামৰ ফলি দুখন হ’ল-বৰগাওঁ
(Bargaon)আৰু শুৱালকুচি (Sualkuschi)ৰ তামৰ ফলি।


ৰত্নপালৰ পিছতো পাল ৰাজবংশৰ বহুকেইজন ৰজাই কামৰূপৰ বিভিন্ন অংশত শাসন কৰিছিল নিজৰ নিজৰ বুদ্ধি- পৰাক্ৰমেৰে। এইটো বংশৰ শেষৰজন ৰজা সুবাহুৰ মৃত্যুৰ লগে লগে ১২০০ খ্ৰীষ্টাব্দত পালবংশৰ ৰাজত্ব ওৰ পৰে প্ৰাচীন কামৰূপত। পাল বংশৰ অন্য ৰজাসকলে হাবুঙত শাসন কৰাৰ তথ্য এই পৰ্যন্ত পোৱা নগলেও ৰত্নপালে যে এসময়ত হাবুঙত শাসন চলাইছিল সেই তথ্য পোৱা গৈছে।

পাল বংশী ৰজা ৰত্নপালে তেওঁ শাসন কাৰ্য পৰিচালনা কৰাৰ দ্বাদশ বৰ্ষ (১০২২ খ্ৰীষ্টাব্দত) ব্ৰাহ্মণক ভূমিদান কৰিছিল হাবুং অঞ্চলত। ‘হড়পাকা’ (বৰ্তমান তেজপুৰ অঞ্চলত) নামৰ ঠাইত তেওঁৰ ৰাজধানী থকাৰ সময়তে চোৰাতবাৰী (নগাঁৱত উদ্ধাৰ হোৱা) তামৰ ফলিৰ যোগেদি ৰত্নপালে-‘হাবৃঙ্গ বা হাবুং বিষয়ৰ অন্তৰ্গত শান্তিদাস আৰু ভট্টীয় পাটকত সিদ্বিপাল নামে যজুৰ্বেদি বিদ্বান তথা দ্বিজৰাজ স্বৰূপ এক ব্ৰাহ্মণক ৪০০০ দোন পৰিমাণৰ ধান উৎপাদন হোৱা কৃষি ভূমি দান কৰিছিল।’ এই তামৰ ফলিৰ তথ্যই প্ৰমাণ কৰে যে হাবুং অঞ্চলটো পাল ৰাজ বংশৰ শাসন কালত পুৰণি কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ আছিল। অসম চৰকাৰৰ সংগ্ৰহালয়, সঞ্চালকালয়ে প্ৰকাশ কৰা এখন পুষ্টিকাত-
দশম শতিকাৰ প্ৰথমাৰ্ধৰ এই চোৰাতবাৰী তামৰ ফলিৰ বিষয়ে আছে এনেদৰে-This Charter Consists of three Copper Plates,28 cm.×19 cm. bound together and attached to a royal seal.Through this charter king Ratnapala granted a land capable of yielding 4000 units of paddy from the Santidasa Pattaka an Bhantaya Pattaka belonging to Havinga Visaya to a donee named Siddhapala, son of Nidhipala and Dattayika and grandson of Jayapala.
The grant was issued in the 12 th rental year of king Ratnapala (Acc.No.ASM2384)৩.(P-5/Catalogue of The Inscriptions in The Assam State Museum’) এইখন তামৰ ফলিৰ তথ্যৰ পৰাই হাবুঙৰ সভ্যতাৰ প্ৰথম সম্ভেদ পাব পাৰি।


কিন্তু ১৮৪৪ চনত জন্মলাভ কৰা এগৰাকী ইংৰাজ ভ্ৰমণকাৰী কুটনীতিবিদ তথা বুৰঞ্জীবিদ Ney Elias-ৰ লেখাত উল্লেখ আছে যে-‘হাবুং অঞ্চলটো খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ মাজভাগৰ পৰা ‘মুংকুলা’ অৰ্থাৎ হিন্দু ৰাজ্যৰ অন্তৰ্গত আছিল। এইখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আহোমৰ পূৰ্বজ খুনলুং। খুনলুং পুনৰ স্বদেশলৈ ঘুৰি যোৱাত এই ৰাজ্য পৰিতক্ত হয়। ইয়াৰ পিছতহে চুতীয়াসকলৰ আদিৰজা বুলি চৰ্চিত অসমভিন্ন আহি এই মুংকুলা ৰাজ্যৰ ৰজা হয়। এইজনা ৰজাৰ শাসনকালতে ভাটিৰ ফালৰ পৰা এজন বাহ্মণ আহি চুতীয়াসকলৰ আদি ৰজা আৰু তেওঁৰ ৭ জন ভায়েকক হিন্দু ধৰ্মত দীক্ষিত কৰে।পৰৱৰ্তী সময়ত এইজন ব্ৰাহ্মণ ৰজাও হৈছিল।

অসমভিন্নই প্ৰতিষ্ঠা কৰা এই ৰাজ্যখন টাই শ্যান বংশীয় চামলুংফাই আনুমানিক ১৩ শতিকাৰ আৰম্ভণিতে আক্ৰমণ চলাইছিল। এই চামলুংফাৰ আক্ৰমণৰ সময়লৈকে সেই সময়ৰ ‘মুংকুলা’ ৰাজ্যত অসমভিন্ন বংশৰ ৪০জন ৰজাই ৰাজত্ব কৰিছিল। ৪.(P-7-10/Ney Elias, Introducetory Sketch of the History of the Shans in Upper Burma and Western Yunnan,Calcutta,-1876)
উল্লেখ্য যে উল্লিখিত ‘মুংকুলা’ নামৰ প্ৰাচীন হিন্দু ৰাজ্য বা পিছৰ কালৰ অসমভিন্নই আৰু এজন ব্ৰাহ্মণে শাসন কৰা চুতীয়া ৰাজ্যখনৰ ভেটিতে বিবৰ বা বীৰপালে সোণাগিৰি আৰু ভদ্ৰসেনে ছোটগিৰি (হাবং) ৰাজ্য প্ৰতিষ্ঠা কৰি শাসন চলাইছিল।

চুতীয়া ৰজা বীৰপালৰ পুত্ৰ ৰত্নধ্বজ পাল ওৰফে গৌৰীনাৰায়ণে (সোণাগিৰি পালে) ভদ্ৰসেন ৰজাৰ ৰাজ্য ছোটগিৰি (হাবুং) আক্ৰমণ কৰি নিজৰ অধীন কৰি এখন নগৰ পাতিছিল-“ৰত্নপুৰ”(ৰতনপুৰ) নামে।চুতীয়াৰ শ্রেষ্ঠ ৰজাৰূপে বিবেচিত গৌৰীনাৰায়ণ ওৰফে ৰত্নধ্বজপালে নতুনকৈ প্রতিষ্ঠা কৰা-“ৰত্নপুৰ”(ৰতনপুৰ) নগৰখন মাজুলীৰ ৰতনপুৰ অঞ্চল বুলি বহুতে ক’ব খোজে যদিও;সেই সময়ৰ ভৌগোলিক পৰিৱেশ আৰু পৰিস্থিতিৰ কথালৈ মন কৰিলে এই কথা মানি ল’বলৈ
অসুবিধা আছে।কিয়নো ১৭৩৫ খ্রীষ্টাব্দৰ আগলৈকে মাজুলী এটা নদীদ্বীপ নাছিল।

মাজুলীৰ উত্তৰ পাৰত ভৰা লুইত আৰু দক্ষিণ পাৰত আছিল দিহিং নদী। সেই ভৌগোলিক অৱস্থান লক্ষ্য কৰিলে চুতীয়া ৰজা ৰত্নধ্বজপালে লুইতৰ উত্তৰ পাৰত অর্থাৎ হাবুঙতহে “ৰত্নপুৰ” নামৰ নতুন নগৰখন পাতিছিল বুলি অনুমান হয়। অন্য এটা কথা এই সন্দৰ্ভত উল্লেখ কৰিব পাৰি যে-“বর্তমান ঢকুৱাখনাৰ কঢ়া আৰু চামপৰা নৈৰ সংযোগস্থলৰ ওচৰত ‘গৰখীয়া দ’ল’ নামৰ যিটো চুতীয়া ৰাজত্বকালৰ ঐতিহাসিক কৃৰ্ত্তিচিহ্ন আছে; তাৰ সমীপত আমগুৰি কাঠনি বুলি এক পুৰণি অঞ্চল আছে। এই ঠাইতে এখন বৃহৎ নগৰৰ অৱয়ব আছে;য’ত অসংখ্য ঘৰৰ ভেটি,পুখুৰী,পাট নাদ, পথ আদি দেখা যায়। আপাত দৃষ্টিত ঠাইখন এখন বৃহৎ পৰিকল্পিত নগৰৰ দৰে দেখা যায়। সম্ভৱতঃ এইখনেই “ৰত্নপুৰ”(ৰতনপুৰ) নগৰ আছিল।” ৫.(প্ৰবন্ধ- “হাবুঙৰ ইটো সিটো”-নৃপেন
শইকীয়া,স্বৰ্ণাদী,স্মৃতি গ্ৰন্থ-সম্পাদনা-দেৱজিৎ ৰাজখোৱা,,৪৯৩ সংখ্যক সাধনী দিৱস,ঢকুৱাখনা) কিয়নো এই ঠাইৰ পৰা মাজুলীৰ বৰ্তমানৰ ‘ৰতনপুৰ’ অঞ্চল বেছি দূৰত্বত নাই। তদুপৰি মাজুলীৰ “ৰতনপুৰ”ত বৰ্তমান বসবাস কৰা গৰিষ্ঠসংখ্যক লোকেই ঢকুৱাখনাৰ-কেকুৰী বেবেজীয়া অঞ্চলৰ পৰা উঠি যোৱা লোক।
আৰব দেশৰ পৰিব্ৰাজক ইবন বটুটাই-‘চফৰ নামা’ত উল্লেখ কৰা যোৱা হাবুঙৰ নদীৰ পাৰৰ জনবহুল নগৰখন সম্ভৱতঃ এইখনেই আছিল। এই নগৰখনৰ একাংশ চামপৰা (চম্পাৱতী) নদীৰ পাৰত আৰু অন এটা অংশ চেলা চাৰিকড়ীয়া নদীৰ পাৰত অৱস্থিত। য’ত এতিয়াও ৰাজকাৰেঙৰ দুৰ্গ আৰু বহুতো মাটিৰ দুৰ্গৰ অৱস্থিতিৰ চিন বিদ্যমান।

হাবুঙত ভূঞা, চুতীয়াসকলৰ শাসন

পালবংশী ৰজাসকলৰ ৰাজত্বৰ অন্ত পৰাত হাবুঙত ভূগিৰি ভূঞা (বাৰভূঞা)সকলে শাসন কাৰ্য চলাইছিল যদিও তেওঁলোকৰ ৰজা নাছিল। ভূঞাসকলৰ শাসনৰ সময়ত প্ৰথমে কোঁচ সকলে আক্ৰমণ কৰিছিল। কিন্তু ভূঞাসকলক পৰাভূত কৰি হাবুং দখল কৰিব পৰা নাছিল। ভূঞাৰ শাসন চলি থকাৰ সময়ত হাবুঙৰ পূৱ সীমান্তৰ পৰা শদিয়াৰ ওপৰে সোণগিৰি পৰ্বত পৰ্যন্ত চুতীয়া সকলৰ ৰজা ৰত্নধ্বজ পালে শাসন কৰিছিল।১২২৩ খ্ৰীষ্টাব্দত ৰাজ্য বিস্তাৰৰ বাবে ৰত্নধ্বজ পাল
(গৌৰীনাৰায়ণ) শদিয়াৰ পৰা নামনিলৈ ব্ৰহ্মপুত্ৰ (উত্তৰে)
উপত্যকালৈ আহে। সেই কালত এই ব্ৰহ্মপুত্ৰ (উত্তৰে) উপত্যকাত ভদ্ৰসেন নামৰ এগৰাকী পোৱালী ৰজাই ৰাজত্ব কৰি আছিল।

ৰত্নধ্বজ পালে যুদ্ধত এই ভদ্ৰসেন ৰজাক পৰাজিত কৰি তেওঁৰ ৰাজ্যৰ শ্বেতগিৰি পৰ্বতৰ নগৰ আক্ৰমণ কৰি বহু সম্পদ আৰু মানুহ পালে। সেই ঠাইতে ৰত্নধ্বজ পালে এটা সেনাৰ দুৰ্গও স্থাপন কৰিলে। এইজন ৰজাই ‘ৰত্নপুৰ’ নামে ঠাইত নতুনকৈ ৰাজধানী নিৰ্মাণ কৰিছিল বুলিও জনা যায়।এই ‘ৰত্নপুৰ’ ৰাজ্যখন বৰ্তমান মাজুলীৰ ‘ৰতনপুৰ’ অঞ্চলত আছিল বুলি বিভিন্ন বুৰঞ্জীবিদে মত প্ৰকাশ কৰা দেখা যায়। সেয়ে হ’লে ৰজা ভদ্ৰসেনে ৰাজত্ব কৰা ঠাইখন নিশ্চয় হাবুং অঞ্চলৰ আশে পাশে আছিল নাইবা হাবুঙেই আছিল। কিয়নো মাজুলীৰ ৰতনপুৰত ৰাজধানী পাতিবলৈ হাবুং অঞ্চলৰ মাজেদি নগলে সেই সময়ত চুতীয়া ৰাজ্য শদিয়াৰ পৰা বিনা বাধায়ে যাবলৈ অন্য বিকল্প আৰু সহজ পথ নাছিল। প্ৰথমগৰাকী চুতীয়া ৰজাৰূপে প্ৰখাত ৰত্নধ্বজ পালে তেওঁৰ বৰ পুত্ৰ বিজধ্বজ পাললৈ কোঁচ ৰজাৰ এগৰাকী কুঁৱৰী খুজিবলৈ কটকী পঠিয়াইছিল।সেই সময়ৰ কোঁচ ৰজা নীলধ্বজে কটকীক অপমান কৰি ঘুৰাই পঠিয়ালত ক্ষোভিত চুতীয়া ৰজাই কোঁচ ৰাজ্য আক্ৰমণৰ পৰিকল্পনা কৰে। সেয়ে ৰত্নধ্বজ পালে চুতীয়া ৰাজ্যৰ ৰাজধানী (শদিয়া)ৰ পৰা কমতাপুৰলৈকে এটা আলি বন্ধাইছিল দিনটোৰ বাটৰ দূৰত্বত ঠাইয়ে ঠাইয়ে কোঠ দি। ৬. (পৃ-১৮৭/প:গো:ব:অ:বু:)


উল্লেখ্য যে চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়াৰ পৰা কোঁচ ৰাজ্য কমতাপুৰৰ সীমান্তলৈকে বন্ধোৱা এই আলিটোৰ অৱশেষ এতিয়াও লখিমপুৰ-ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ বনাঞ্চল আৰু জনবসতি থকা গাঁৱৰ মাজত পোৱা যায়। উত্তৰ লখিমপুৰত এই আলিটোৰ নাম ৰাজগড় আলিৰূপে জনাজাত।


চুতীয়া ৰজা ৰত্নধ্বজ পালে বৃহৎ সৈন্য-বাহিনীৰে যুদ্ধ আয়োজনৰ খবৰ পায় কোঁচ ৰজা নীলধ্বজ শঙ্কিত হৈ পৰি নিজৰ এগৰাকী কন্যাক চুতীয়া ৰাজ কোঁৱৰ বিজয়ধ্বজ পাললৈ বিয়া দিছিল। ইয়াৰ ফলত ভাটিৰ
কোঁচ ৰাজবংশৰ সৈতে উজনিৰ চুতীয়া ৰাজবংশৰ মিতিৰৰূপে এক মধুৰ সম্পৰ্ক গঢ়ি লৈছিল।


কোঁচৰ সৈতে মিতিৰ হোৱাৰ ফলত সেই সময়ত কোঁচ ৰাজ্যৰ মাজেদি গৈ গৌৰদেশৰ ৰজাৰ সৈতেও চুতীয়া ৰজা ৰত্নধ্বজ পালে সখী বন্ধাই এটা ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। যুদ্ধৰ পৰিবৰ্তে বৈবাহিক
সম্পৰ্কৰ জড়িয়তে অন্য এখন দেশৰ সৈতে বেহা-বাণিজ্যৰ পথ সুগম কৰি;নিজ ৰাজ্যৰ ৰজাঘৰ আৰু প্ৰজাঘৰৰ অৰ্থনৈতিক অৱস্থা সবল কৰাত চুতীয়া ৰজা ৰত্নধ্বজ পালৰ যি বিচক্ষণতা তাক শলাগিব লগীয়া আছিল।


১৩০৪ খ্ৰীষ্টাব্দত ৰত্নধ্বজ পাল ৰজাই গৌৰদেশৰ ৰজাৰ ওচৰত নিজৰ সৰু পুত্ৰক শিক্ষা বিদ্যা গ্ৰহণৰ বাবে থৈ আহিছিল। ৰত্নধ্বজ পাল তাৰ পৰা ওভটি অহাৰ কিছুদিনৰ পিছতেই সেই সৰু পুত্ৰৰ বিয়োগ ঘটে অসুখত। গৌৰৰ ৰজাই ল’ৰাটিৰ শৱ অতি যতনেৰে চুতীয়া ৰাজ্যৰ ৰাজধানীলৈ পঠিয়াই দিছিল। সেই সময়ত সিন্ধক্ষেত্ৰত এখন নতুন নগৰ পাতিবৰ বাবে যো-জা চলি আছিল। পুতেকৰ শৱ আহি পোৱাত বেজাৰ আৰু সোঁৱৰণীতে নগৰ নিৰ্মাণৰ কাম স্থগিত ৰাখিলে। নগৰ নিৰ্মাণৰ সেই ঠাইখনতে সৰু পুত্ৰৰ শৱদেহ সৎকাৰ কৰিলে।
সেয়ে ঠাইখনৰ নাম ‘পাল-শৱ-দিয়া’ৰূপে জনাজাত হয়।এই ‘পাল-শৱ-দিয়া’ ঠাইখনেই বৰ্তমান শদিয়াৰূপে বিখ্যাত।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!