Ajanta Ellora: অজন্তা ইলোৰাঃ এটা অনুভৱৰ যাত্ৰা
অজন্তা ইলোৰাঃ এটা অনুভৱৰ যাত্ৰা

DD TIMESত লিখিছে ৰুনা শৰ্মাই
শৈশৱত পঢ়িছিলোঁ “বিশ্ব ধৰোহৰ“, কিনো এই বিশ্ব ধৰোহৰ? ভাব হৈছিল হয়তো কোনো প্ৰাচীন কালৰ কিছু ভগ্নাংশ৷ লাহে লাহে বুৰঞ্জী এক আকৰ্ষণীয় বিষয় হৈ পৰিল৷ মোৰ অনুসন্ধিৎসু আৰু ভ্ৰমণ অভিলাষী মন টোৱে আহি পোৱালেহি মুম্বাই চহৰ৷ বাৰে বাৰে মনটো উৰা মাৰে গৈ ৰ্দশন কৰি আহিবলৈ মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰত স্থিত অজন্তা ইলোৰা গুহাসমূহলৈ৷ আকৌ ভাবো মাথোঁ কিছু ভগ্মাংশ জানো “বিশ্ব ধৰোহৰ “হব পাৰে? সেয়েহে এইবাৰ ওলালোঁ, উপস্থিত হলো এই ঐতিহাসিক চহৰত আৰু যি দেখিলোঁ, অনুভৱ কৰিলোঁ তাক শব্দৰে বৰ্ণনা নোৱাৰি৷ কিয়নো এই ধৰোহৰ অনন্য, অকল্পনীয় আৰু অবিস্মৰণীয়৷


মুম্বাইৰ পৰা মাথোঁ প্ৰায় ২৫০ কিঃমিঃ দূৰত্বত অবস্থিত ছত্ৰপতি সাম্ভাজি নগৰলৈ যাবলৈ সকলো ধৰণৰ যাতায়তৰ ব্যৱস্থা আছে৷ ভাৰতীয় ৰেইল সেৱা, বাছ আৰু অসংখ্য টেক্সিৰ দ্বাৰা সুচল পৰিবহণৰ যোগাযোগ আছে৷ বহু পৰ্যটকে অৱশ্যে নিজৰ ব্যক্তিগত বাহন লৈও যাতায়াত কৰে৷ এই চহৰত আমি থকা হোটেলৰ পৰা প্ৰায় ৩৫ কিঃমিঃ যাত্ৰা অতিক্ৰম আমি উপস্থিত হলোঁ স্বা চকুৰে প্ৰত্যক্ষ কৰিবলৈ এই প্ৰাচীন কলা আৰু ভাস্কৰ্য্যৰ উৎকৃষ্ট প্ৰদৰ্শনক৷ বহু গোপন ৰহস্যৰে ভৰা এই গুহাসমূহ বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ পুৰণি একক শিলৰ দ্বাৰা নিৃৰ্মিত পুৰাতাত্বিক সংৰক্ষণ৷ এই গুহাসমূহত আমি ভাৰতৰ কলা, ধৰ্ম আৰু ইতিহাসক নিচেই কাষৰপৰা নিৰীক্ষন কৰিব পাৰোঁ৷ ইতিহাস জীৱন্ত কৰা এই গুহাসমূহক সংৰক্ষণ কৰাটো অতি প্ৰয়োজন কিয়নো এই বিশ্ব ধৰোহৰ হৈছে আমাৰ গৌৰৱ৷


ছত্ৰপতি সাম্ভাজি নগৰৰ পৰা প্ৰায় ১০০ কিঃ মিঃ দূৰত্বত আছে অজন্তাৰ গুহাসমূহ৷ সাহায়াদ্ৰী পৰ্বতমালাৰে আবৃত এই গুহাসমূহ ঘন জংঘলেৰে ভৰা আৰু ইয়াৰ আকৃতি ঘোঁৰাৰ নলৰ দৰে৷ জ্বালামুখীৰ পৰা ওলোৱা কঠিন গ্ৰেণাইট আৰু বাছাল্ট শিল কাটি তৈয়াৰ কৰা অজন্তাৰ গুহাসমূহ মাথোঁঁ এটা শিল্প নহয়, ই একো একোটা কাহিনী৷ প্ৰাকৃতিক শান্ত মনোৰম পৰিবেশৰ মাজত ভিল জনজাতিৰে বসতি অজন্থা নামৰ এখন গাঁৱৰ নিলগত থকা এই গুহাসমূহ প্ৰায় ১০০০ বছৰমান অনাবৃিস্কিত অৱস্থাত আছিল৷ ১৮১৯ চনতজন স্মিথ নামৰ এজন ইংৰাজে চিকাৰ বিচাৰি জংগলৰ ভিতৰৰ এই গুহাসমূহত প্ৰবেশ কৰে এই ঐতিহাসিক ৰত্ন সমূহে তেওক বিস্মিত আৰু অভিভূত কৰি তোলে৷ কলা আৰু ভাস্কৰ্য্যৰ অদ্ভুত নিদৰ্শন ৰে ভৰপূৰ এই গুহাসমূহ পুনৰুদ্ধাৰৰ কামত তেও তৎপৰতাৰে নিয়োজিত হৈ পৰে৷ উল্লেখ্য যে চীনা ভ্ৰমণকাৰী ফা হিয়েন (চন্দ্ৰগুপ্ত দ্বিতীয়)আৰু হিৱেনছাংৰ (হৰ্ষবৰ্ধন) টোকা ত এই গুহাসমূহৰ উল্লেখ আছে৷ এই গুহাসমূহৰ প্ৰথম প্ৰয্যায় দক্ষিনৰ ভাকাটক বংশাৱলীৰ দ্বাৰা নিৰ্মাণ কৰোৱা হৈছিল আৰু দ্বিতীয় প্ৰয্যায় শাতবাহানা বংশাৱলীৰ দ্বাৰা ৰ্নিমান কৰোৱা হৈছিল৷ ভাকাটক বংশাৱলী প্ৰায় ১৫০ বছৰ ৰাজত্ব কৰিছিল আৰু তেওঁলোক ব্ৰাহ্মণ বাদ বিশ্বাসী আছিল৷ সম্পূৰ্ণ বৌদ্ধ ধৰ্মৰ ওপৰত আধাৰিত এই গুহাসমূহত কুশান যুগৰ, গান্ধাৰ আৰু মথুৰা কলাশৈলী পৰিলক্ষিত হয়৷ গুপ্ত যুগৰ সৰনাথ কলা., শাটভাৱনৰ এক্ষুক কলা শৈলী, অমৰাবতি কলা শৈলীৰ উত্তম নিদৰ্শন৷ এই কলাসমূহ শিলত খোদিত মূৰ্তি, চিত্ৰ, আদিৰে প্ৰদৰ্শন কৰা হৈছে৷ এই ভাস্কৰ্য্য সমূহে সেই সময়ৰ প্ৰজাৰ কৰ্তব্য, পূজা পাৰ্বন, দৈনন্দিন জীৱন, জীৱনৰ বাস্তৱিকতা আদিক পুৰ্ণ ৰূপত দাঙি ধৰিছে৷ শিক্ষা, সাধনা, পূজা আৰু বাসস্থানৰ বাবে ভিন্ন ভাগত বিভক্ত এই গুহাসমূহ অদ্ভুত চিত্ৰকলা, ভাস্কৰ্য্য, স্থাপত্য বিদ্যাৰ সংগম৷ গভীৰ অধ্যয়নৰ পাছত ১৯৫১ চনত ভাৰত চৰকাৰে এই ঐতিহাসিক কৃতিস্তমভ সমূহ নিজৰ অধিনলৈ আনে আৰু ১৯৮৩ চনত ইওনেস্কয়ে ইয়াক বিশ্ব ধৰোহৰ ঘোষণা কৰে৷

অজন্তাৰ প্ৰায় ৩০টা গুহাৰ ২৫টা বিহাৰ আৰু ৫টা চাইটিয়া গুহা আছে৷ এই গুহাসমূহৰ নিৰ্মাণ শটবাহন ৰাজবংশৰ দ্বাৰা দ্বিতীয় শতিকাৰ পৰা পৰা প্ৰথম শতিকাৰ সময়ছোৱাত কৰোৱা হৈছিল৷ পিছলৈ খ্ৰীষ্টাব্দ ৫ পৰা ৬ ৰ ভিতৰত ভাকাটাকা আৰু গুপ্তা ৰাজবংশৰ অধীনত পুনৰ নিৰ্মাণ কাৰ্য্য আগবঢ়োৱা হয়৷ গুহাবোৰ বিহাৰ (বৌদ্ধ ভিক্ষুসকলৰ বাসস্থান)আৰু চাইটিয় (ধৰ্মস্থান) হিছাপে গড় দিয়া হৈছে৷ গুহাসমূহত প্ৰাথনা, সভাগৃহসমূহ আৰু বহু সৰু সৰু বিশ্ৰাম গৃহ আৰু শয়ন কোঠা আছে৷ এই গুহা সমূহত প্ৰদক্ষিণ কৰা ষ্টুপা, চিত্ৰ আৰু মূৰ্তিৰে সজোৱা আছে৷ হীনযান আৰু মহাযান বুদ্ধ ধৰ্মৰ দুটা শাখাৰ গুহাসমূহ ভিন ভিন শতিকাত ৰ্নিমান কৰা হয়৷ হীনায়ান সকল প্ৰাচীন আৰু কঠোৰ যি বুদ্ধক ভগৱান নহয় মাথোঁঁ মুক্তিৰ এটা মাৰ্গ ৰূপে দেখুৱাই৷ এই সময়ৰ গুহা বোৰৰ কাৰুকাৰ্য সৰল আনহাতে মহায়ান সকলে বুদ্ধক ভগৱান ৰূপে গণ্য কৰে আৰু হীনায়ান সকলৰ তুলনাত তেওঁলোকৰ সিদ্ধান্ত হৈছে সৰল, সকলোৱে স্বীকাৰ কৰিব পৰা বিধৰ৷ এই সময়ৰ নিৰ্মিত গুহাসমূহৰ কলা শৈলী বৃস্তিত৷ বুদ্ধ ধৰ্মৰ ভেটিত নিৰ্মাণ কৰা এই গুহাসমূহ মাথোঁঁ গুহা নহয়, এক সম্পূৰ্ণ মঠ পৰিসৰ আৰু বৌদ্ধ শিক্ষাৰ এক বিশাল কেন্দ্ৰ আছিল৷ ঘন জংগলৰ মাজত থকা বাবে হয়তো খাদ্য আৰু পানীৰ অভাৱ তেওঁলোকৰ নাছিল আৰু সেয়েহে একাগ্ৰতাৰে চিত্ৰ আৰু মূৰ্তি কলাৰ এক অদ্ভুত ৰচনা সৃষ্টি কৰি যাব পাৰিছিল যি আজিও অজন্তাৰ ভাস্কৰ্য্যক পৃথিৱীত অন্যতম আৰু অসাধাৰণ কৰি ৰাখিছে৷ ইয়াত বিভিন্ন আকাৰ আৰু প্ৰকাৰত বুদ্ধৰ মূৰ্তিসমূহ প্ৰায় সকলো গুহাত ৰ্নিমান কৰা আছে৷ ইয়াৰ উপৰিও অসংখ্য পুৰুষ নাৰী , জীৱ জন্তু আদিৰ মূৰ্তি দেখা যায়৷ গুহা সমূহৰ ভিতৰচৰাত অসংখ্য দেৱাল চিত্ৰ আছে যিবোৰ বেৰ আৰু চিলিং সমূহ সেমেকা কৰি অংকন কৰা হৈছে৷ এই ৰঙীন চিত্ৰসমূহত ত ৰ্ফেস্ক আৰু টম্পেৰা চিত্ৰকলা ব্যৱহাৰ কৰা দেখা যায়৷ ৰ্ফেস্ক সকলোতকৈ পুৰণা চিত্ৰশৈলী যিবোৰ বেৰত সেমেকা কৰী প্লাষ্টাৰ লগাই বনোৱা হয় আনহাতে টেম্পেৰাত আঠাযুক্ত পদাৰ্থৰ লগত জৈৱিক পদাৰ্থ মিহলাই ৰং প্ৰস্তুত কৰা হয়৷ ইয়াত প্ৰাকৃতিক ৰং, ফুল, পাত আৰু কিছু ৰসায়ন প্ৰয়োগ কৰা থাকে যাতে চিত্ৰসমূহৰ উজ্জ্বলতা আৰু মসৃণতা বৃদ্ধি পায় লগতে দীৰ্ঘস্থায়ী হয়৷ এই চিত্ৰসমূহত মানৱ আকৃতি সমূহৰ উজ্জ্বল ৰূপৰেখা অংকিত কৰিছে যদিও আলফুলকৈ কৰা ৰঙৰ প্ৰভাৱে ইয়াৰ সৌষ্ঠৱ আৰু বৃদ্ধি কৰাত সহায় কৰিছে৷ চিত্ৰসমূহত জাতক কথা ডিওিত অংকিত কৰা হৈছে আৰু বুদ্ধৰ বহু কেইটা পৰ জনমৰ (বান্দৰ ৰজা) কাহিনী বৰ্ণোৱা হৈছে৷ এই চিত্ৰসমূহৰ ভিতৰত “ মৰ্ভিজয়“, বুদ্ধৰ তপস্যা আৰু ইয়াক ভংগ কৰাৰ প্ৰয়াস, বুদ্ধৰ বিজয়, “পদ্মপাণি“ ভাজ্ৰপনি “, “ থাউজেণ্ড বুদ্ধ“ “ ভাগাভাত৷“ , “ প্ৰসুতি““, “সমসৰচক্ৰ“ ’“ অবলুকেশ্বৰ“ হাতত নিলকমলৈ থকা চিত্ৰখনত কৰুণাৰ ভাৱ, “মধুপুৰ দম্পতী, “ “ভিক্ষাদান“, ৷“ “মহভি নীচ“ চিত্ৰ (মোহ ত্যাগ) “সুন্দৰৰ্চিত্ৰ“ “মৰ্ণাষণ ৰাজকুমাৰী“ এই সমূহ অনন্য৷ গুহা ২৬ হৈছে সকলোতকৈ বিশাল৷ এই গুহাত বুদ্ধৰ শয়ন মুদ্ৰা, পৰিনিৰ্ভান, মৃত্যুৰ পিছত মোক্ষ প্ৰাপ্তি, অনন্ত শান্তিৰ প্ৰতীক, অতিকৈ মনোৰম৷ ভিন্ন মুদ্ৰাৰ অসংখ্য নাৰীৰ ৰূপৰ অলংকাৰ আৰু ভাব প্ৰদৰ্শিত হৈ আছেএই গুহাৰ মূৰ্ সমূহত৷ সকলো চিত্ৰই লয় বোধ ভাবে জাতক কথাক ৰ্বণনা কৰিছে৷ এই গুহা চিত্ৰ সমূহে সু স্পষ্ট ৰূপত আৱেগিক প্ৰকাশভংগী দাঙি ধৰাৰ উপৰিও নিশ্চল প্ৰেম, উদাৰতা প্ৰকট কৰি চিত্ৰ সমূহক জীৱন্ত ৰূপত তুলি ধৰিছে আৰু মানৱতাক অনন্ত কাললৈ প্ৰচাৰ কৰাৰ প্ৰয়াস কৰিছে৷

অজন্তাৰ পৰা প্ৰায় ১০০ কিঃ মিঃ আৰু সম্ভাজি নগৰৰপৰা ২৮ কিঃ মিঃ দূৰত্বত অৱস্থিত আছে ইলোৰাৰ গুহাসমূহ। ইয়াত সৰ্বমুঠ ৩৪ তা গুহা আছে, তাৰে ১৭ ত হিন্দু আৰু ১২ তা বুদ্ধ ধৰ্ম আৰু ৫ ত গুহা জৈন ধৰ্মৰ ওপৰত আধাৰিত। শিলৰ পৰ্বত কাটি ওলোৱা গুহাসমূহ এই তিনিও ধৰ্মৰ যেন এখন ধাৰ্মিক সহিষ্ণু স্থল। প্ৰথমে হিন্দু গুহাসমূহ আৰু তাৰ পিছত প্ৰজ্যায়ক্ৰমে বৌদ্ধ আৰু জৈন গুহাসমূহ নিৰ্মাণ কৰা হৈছিল। বিভিন্ন ভাস্কৰ্য্য আৰু চিত্ৰকলাৰ সমাবেশ এই গুহাসমূহত চিত্ৰকলা আৰু ভাস্কৰ্য্য ৰ অলেখ শৈলী দেখা যায়। ইয়াৰ নিৰ্মাণকাৰ্য প্ৰায় ৬০০ পৰা ১০০০ খ্ৰীষ্টাব্দ ভিতৰত নিৰ্মাণ কৰা হয়।, ২ কিঃ মিঃ ক্ষেত্ৰফল আগুৰি থকা এই গুহাসমূহ জ্বালামুখীৰ পৰা ওলোৱা বাছাল্ট শিলসমূহ কাটি নিৰ্মাণ কৰা হয়। ৰাষ্ট্ৰকূট, কলাসুৰি, চালুক্য আৰু যাদৱ ৰাজবংশ য়ে এইসমূহ নিৰ্মাণ কৰিছিল। ইয়াত ২,৩ মহলা গুহাও দেখা যায় যিবোৰ বহু কোঠালিত বিভক্ত। হিন্দু গুহাসমূহত শিৱ, দুৰ্গা আৰু বিষ্ণুৰ মূৰ্ত্তি পৰিলক্ষিত হয়। গুহাসমূহ ক্ৰম নিৰ্মাণ অনুসৰি দিয়া নাই আৰু এইসমূহ বেলেগ বেলেগ শতাব্দীত নিৰ্মাণ কৰা হৈছিল। বিভিন্ন মূৰ্তিৰ উপৰিও জটিল শিল্প কৌশল, দেৱাল চিত্ৰ আৰু ধাৰ্মিক বিজয়ৰ ওপৰত আধাৰিত পৌৰাণিক চিত্ৰ আৰু সেইবোৰ ক্ৰম অনুসৰি উপস্থাপন কৰা দেখা যায়। বৌদ্ধ গুহাসমূহ বৌদ্ধ ভিক্ষুসকলে নিৰ্মাণ কৰে। মহাত্মা বুদ্ধৰ জীৱন শৈলীৰ ওপৰত আধাৰিত বিভিন্ন বুদ্ধ ভগবানৰ চিত্ৰ, জন্ম, জ্ঞান প্ৰাপ্তি আৰু মোক্ষ প্ৰাপ্তিৰ ভাস্কৰ্য্য খোদিত কৰি থোৱা আছে। জৈন গুহাসমূহত তিৰ্থঙ্কৰৰ মূৰ্তিৰ লগতে জৈন ধৰ্মৰ বিভিন্ন ধাৰ্মিক আৰু দাৰ্শনিক চিত্ৰ আছে। (গুহা ৩২, ৩৩,৩৪ সকলোতকৈ প্ৰসিদ্ধ জৈন মন্দিৰ)। ৰাষ্ট্ৰকূট ৰাজবংশৰ পতনৰ পাছত এই গুহাসমূহৰ নিৰ্মাণ কাৰ্য্য ত্যাগ কৰা হয। ১৯ শতিকাত পুনৰুদ্ধাৰ কৰা এই গুহাসমূহ ভাৰতীয় পুৰাতত্ব বিভাগে অধ্যয়ন কৰি পুনৰ মেৰামতি কৰে আৰু পৰ্য্যটকৰ ৰ্দশনৰ বাবে তৈয়াৰ কৰে।এই গুহাসমূহত বুদ্ধ ৰ বিশাল মূৰ্তি, চিত্ৰকলা, ৰাৱণ, মহিষাসুৰ, দুৰ্গা, শিৱ পাৰ্বতী, লক্ষ্মী বৰাহ অৱতাৰ, গণপতি, সূৰ্য আদি খণ্ডিত কৰা আছে, ফুল, পাত, সাপ আদিৰে খণ্ডিত কৰা ভাস্কৰ্য্য সমূহ সজীৱ, জীৱন্ত আৰু প্ৰাণৱন্ত। গুহাসমূহ দশাৱতাৰ গুহা, ইন্দ্ৰসভা, ৰামেশ্বৰ,জগ্গনাথ আদি নামেৰেও জনা যায়। একক মূৰ্তিসমূহৰ উপৰিও শিবয়ে ৰাৱণক বৰ প্ৰদান কৰা, নটৰাজ নৃত্য , শিব পাৰ্বতীৰ বিবাহ , বিশাল নন্দীৰ মূৰ্তিও দেখা যায়। এই সুক্ষ্ম কলা আৰু ৰচনা সমুহে আমাৰ সমৃদ্ধ পৰম্পৰা সমূহ পদৰ্শিত কৰে। অবিশ্মৰণীয় এই নিভাজ শিল্প কৌশলতায়ে ইতিহাসক জীৱন্ত কৰি তোলে।

গুহা ১৬, কৈলাস মন্দিৰ ভাৰতীয় স্থাপত্য কলাৰ অদ্ভুত আৰু অন্যতম কীৰ্তি চিন্৷ দেশৰ শিল্প ইতিহাসৰ পৰা অনুপ্ৰেৰণা লৈ শ শ স্থাপত্য বিদে গঢ় দিয়া এই ভাস্কৰ্য্য মাত্ৰ এটা পাথৰৰ দ্বাৰা নিৰ্মিত বিশ্বৰ সবাতোকৈ ডাঙৰ একক গঠন৷ ই এটা যেন জীৱন্ত ভৱিষ্যত! এখন সম্পূৰ্ণ পাহাৰ কাটি মাথোঁঁঁ হাতুৰী আৰু বটালী ব্যৱহাৰ কৰি, প্ৰায় ২ লাখ টন পাথৰ আঁতৰাই ওপৰৰ পৰা তললৈ নিৰ্মাণ কৰা এই কৈলাস পুৰ্বত ৰ্দশন কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহু পৰ্যটক ইয়ালৈ আহে৷ এই মন্দিৰ আৰু ইয়াৰ চৌহদ ভগৱান শিৱৰ কৈলাস পৰ্বতৰ দৰে আকাৰ দিয়াৰ চেষ্টা কৰিছিল৷ প্ৰায় ৩০০ ফিট দীঘল, ১০০ ফিট ওখ, ১৭৫ ফিট বহল এই কৈলাস পৰ্বত সঁচাই বিভ্ৰান্তিকৰ৷ অসংখ্য হিন্দু ভগবানৰ মূৰ্তিৰে এই পৰিসৰ একক শিল কাটি বনোৱা এই বহুমহলা স্থাপত্য৷ ইয়াৰ নিৰ্মাণ কাৰ্য্য আনুমানিক ১০০ বছৰমানত সমাপ্ত হৈছিল আৰু ৭০০০ মজদুৰৰ দিন ৰাতিৰ অৱদান আছিল৷

বিনা আধুনিক মেচিনেৰে এটা জীৱন্ত শিলক কেনেদেৰ এনে গাম্ভিয্য আৰু আৰ্কষনিয় ৰূপত সজায় তুলিব পাৰে এই প্ৰশ্নয়ে সকলো পৰ্যটকক আচম্বিত কৰি তোলে৷ মাথোঁঁঁঁ একেটা পাথৰত মূৰ্তি, মিনাৰ, মন্দিৰ আৰু কতো একো ভুল নাই? চাই থাকিলে হেঁপাহ নপলোৱা এই ৰচনা যেন অসাধাৰণ মনিষীৰ সপোন, শক্তি আৰু অবধিৰিত সৈন্দৰ্য্য? বহু লোকে ইয়াক উচ্ছ ষ্টৰৰ আভিযাণ্টিক আৰু কাৰিকৰী বিজ্ঞানৰ সংযোজন বুলি কয় আৰু বহুলোকে অপৰিসীম কৃপা কৰা ঐছৰিক শক্তি আৰু সৃস্থিৰ চমৎকাৰ বুলিও কয়৷ ভাৰতীয় স্থাপত্যবিদ্যাৰ ইয়াতকৈ ডাঙৰ আৰু কোনো কৃতি চিন আজিলৈকে ৰ্নিমান কৰা দেখা নাযায়৷ কোৱা বাহুল্য যে মোগল সম্ৰাট ঔৰংগজেেবে প্ৰায় ৩ বছৰ ৩০০ হাতী লগাই ক্ষতি সাধন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় আৰু ই আজিও মানৱতাৰ আৰু ধৰ্মীয় সহিষ্ণুতাৰ নিদৰ্শন ৰূপে স্থিত হৈ আছে৷ এই কৈলাস পৰ্বত নিৰ্মাণত ৪০০পৰা ১০০০ ভিন্ন সাহিত্যৰ ৰসৰ সমাবেশ হৈছিল৷ প্ৰায় ১০ বছৰ অলেখ কলাৰ সমাবেশেৰে বনাইছিল ইয়াৰ প্ৰবেশ দ্বাৰ৷ এই দ্বাৰত নন্দী, হাতী আৰু স্তমভ সমূহ আছে৷ ইয়াৰ খুঁটা সমূহত বৌধিছি, পৰিয়াৰো অপ্সৰা ৰ মূৰ্তি খোদিত হৈ আছে৷ ইয়াৰ কিছু গুহা ২, ৩ মহলা৷ গুহা ১৩ পৰা ২৭ প্ৰায় ১২০০ বছৰ পুৰণা৷ কৈলাস মন্দিৰত লক্ষ্মী, হাতী, প্ৰতিমা, বিজয়স্তমভ, মহাভাৰত আৰু ৰামায়ণৰ কাহিনীসমূহ খোদিত কৰা আছে৷ গৰ্ভ গৃহত শিৱক সমৰ্পিত পূজা আৰু বহু নৃত্য কৰা হৈছিল৷ লিংগৰ দুইফালে গংগা আৰু যমুনা নৈ বৈ থকা দেখা যায়৷

শিৱৰ ৰৌদ্ৰ ৰূপৰ বৰ্ণনা থকা এই মন্দিৰৰ পিছফালে বহু হাতীৰ মূৰ্তি এনেদৰে নিৰ্মাণ কৰা আছে যেন বহু হাতীয়ে মন্দিৰৰ মহান বোজা পিঠিত বহন কৰিছে এনে অনুমান হয়৷ এই মন্দিৰৰ তিনিওফালে থকা গেলেৰী সমূহত ভগৱান শিৱ পাৰ্বতীৰ বহু প্ৰসংগ, ভগৱান বিষ্ণু আৰু দশাৱতাৰৰ বৰ্ণনা আছে৷ ইয়াৰ উপৰিও পুৰাণৰ কাহিনী, ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী, মন্দিৰৰ দুফালে থকা দুটা বিশাল স্তমভ, এই স্তমভিত অতি সূক্ষ্ম ভাবে খোদিত কৰা শিৱ পূজাৰ শিল্পকৰ্ম, প্ৰচুৰ অলংকাৰ যোগ কৰি ৰচা জটিল কিন্তু সুখ্ম ৰচনাসমূহে স্থ্াপত্যকলা আৰু ভাস্কৰ্য্য কলাৰ উচ্চতম উদাহৰণ দাঙি ধৰে এই আৰু মাষ্টাৰপিছে প্ৰমাণ কৰে যে হাজাৰ বছৰ আগতেও ভাৰতৰ সভ্যতা ৰহস্য ৰোমাঞ্চ, আৰু সমৃদ্ধিৰে ভৰপূৰ আৰু এই সামঞ্জস্য থকা আৰু ভিন্নতা আৰু দিব্যতাৰ বাবেই ই অন্তভুক্ত হৈছে ইউনেস্কোৰ বিশ্ব ধৰোহৰ হিচাপে৷ আহকচোন এবাৰ অজন্তা ইলোৰা থকা এই নগৰলৈ গৈ অজন্তা ইলোৰা উৎসৱত ভাগ লওক আৰু কিতাব ৰ পৰা উলাই আহি মানৱ ৰ্নিমিত এই অদ্ভুত ইতিহাস নিজ চকুৰে প্ৰত্যক্ষ কৰি ৰোমাঞ্চিত হওক কিয়নো ইয়াতকৈ ডাঙৰ পৌৰাণিক আশ্চৰ্য্য ভাৰতীয় স্থ্যাপত্যকলত আৰু দ্বিতীয়তো হয়তো দেখা পোৱা নাযাব৷


ছত্ৰপতি সম্ভজী নগৰলৈ আহি ইলোৰা নিচেই সমীপত থকা জ্যোতি লিংগ “ গিস্নেশ্বৰ“ দৰ্শন কৰিবলৈ নাপাহৰিব৷ ইয়াৰ উপৰিও ঔৰেংজেৱৰ দ্বাৰা নিৰ্মিত তাজ মহল সদৃশ “বিবি কা মকবৰা“ ও ৰ্দশন কৰিব পাৰিব৷ এই ভ্ৰমণ সূচিত মাথোঁঁ এযোৰ ভাল জোতা আৰু অলপ পানী লগত ৰাখি ভমণটো আৰু আৰামদায়ক কৰি তোলক আৰু লৈ যাওক অলেখ জ্ঞান, আশ্চৰ্য্য আৰু বিশ্ময়৷

