Celebrating Chilarai Day: চিলাৰায় দিৱস উপলক্ষে কোচ ৰজাসকলক স্মৰণ
বৃহত্তৰ জাতি গঠন আৰু সমাজ সাহিত্য সংস্কৃতিলৈ কোচ ৰজাসকলৰ অৱদান
লিখিছে গুণকৃষ্ণ কোচে

অভিভক্ত ভাৰতবৰ্ষৰ উত্তৰ পূব খণ্ডৰ অন্যতম প্ৰাচীন অধিবাসী কোচসকল। ভূমিপুত্ৰ কোচসকল এই ভূখণ্ডত ইমান পূৰণি জনগোষ্ঠী যে তেওঁলোক ক’ৰ পৰা কেতিয়া এই ভূখণ্ডলৈ আহিল সেই কথা একে আষাৰতে ক’ব পৰা নাযায়। প্ৰাচীন সাহিত্য আৰু ঐতিহাসিক সমলসমূহৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে কোচসকল এই ভূখণ্ডৰ আদিম অধিবাসী।
পঞ্চম শতিকাৰ ৰজা শাংকল দ্বীপ বা শংকলাদ্বীপৰ পৰা আৰম্ভ কৰি প্ৰাচীন কামৰূপ কমতাৰ কোচ ৰজাসকলৰ পিছত এই ভূখণ্ডত কোচৰ শেষ অভ্যূত্থান আছিল মহাৰাজ বিশ্বসিংহৰ দ্বাৰা কোচ ৰাজ্য প্ৰতিষ্ঠা। আজিৰ আমাৰো আলোচ্য বিষয় কোচৰ এই শেষ অভ্যূত্থান অৰ্থাৎ মধ্যযুগৰ বিশ্বসিংহই প্ৰতিষ্ঠা কৰা কোচ সাম্ৰাজ্যৰ ৰজাসকলে এক বৃহত্তৰ জাতি গঠন আৰু আৰু সমাজ সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে।
ভগ্নপ্ৰায় কমতা ৰাজ্যৰ বুকুত গঢ়ি উঠা কোচ ৰাজত্বৰ ৰাজত্ব কাল আছিল সাহিত্য সংস্কৃতিৰ বিকাশৰ এক গৌৰৱোজ্জ্বল অধ্যায়। কোচ ৰাজবংশ প্ৰতিষ্ঠা হোৱাৰে পৰা কোচ ৰাজ্য বিলুপ্ত হোৱালৈকে কোচ ৰজাসকলে অসমীয়া সাহিত্য সংস্কৃতিৰ জগতখনলৈ ধাৰাবাহিকভাৱে পৃষ্ঠপোষকতা আগবঢ়াই গৈছিল। ষষ্ঠদশ শতিকাৰ শেষভাগত চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণে মূল ৰাজ্যৰ পৰা ফালৰি বিজয়নগৰত সুকীয়া ৰাজধানী পাতি নতুন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু কোচ ৰাজ্যলৈ সংকট নামি আহিছিল। মাত্ৰ সেই সময়ত কোচ ৰাজ্যত কিছু সময়ৰ বাবে সাহিত্য সংস্কৃতিৰ চৰ্চা কিছু বাধাগ্ৰস্ত হৈছিল অৱশ্যে ই স্থায়ী ৰূপ লোৱা নাছিল।
কোচবিহাৰৰ ৰাজসভাৰ পৰা বহু কেইজন পণ্ডিতে ৰঘুদেৱ নাৰায়ণৰ ৰাজসভাত স্থিতি লৈছিল। অৱশ্যে মাধৱদেৱ তেতিয়াও নৰনাৰায়ণৰ পুত্ৰ লক্ষ্মী নাৰায়ণৰ কোচ বিহাৰৰ ৰাজসভাতে আছিল। পৰৱৰ্তী সময়ত ৰঘুদেৱৰ ৰাজসভাত স্থিতি লোৱা পণ্ডিতসকলে ধৰ্ম নাৰায়ণে প্ৰতিষ্ঠা কৰা দৰঙী কোচ ৰাজ্যত থাকি অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছিল। কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কালৰে পৰা কোচ ৰজাসকলে অসমৰ সাহিত্য, সংস্কৃতি, শিক্ষা, সংগীত আদিৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই গৈছিল সিয়ে অসমৰ সাহিত্য আৰু সাংস্কৃতিক জগতখনৰ ভেঁটি নিৰ্মাণ কৰাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১৫১৫ চনত মহাৰাজ বিশ্বসিংহই প্ৰতিষ্ঠা কৰা কোচ ৰাজ্য পৰৱৰ্তী সময়ত দ্বিখণ্ডিত হৈ পৰিছিল যদিও পৰৱৰ্তী কোচ বিহাৰ ৰাজ্য, কোচ হাজো, দৰং ৰাজ্য আদিয়েও সাহিত্য সংস্কৃতিৰ দিশলৈ মহাৰাজ নৰনাৰায়ণ, চিলাৰায়ৰ সমানেই বৰঙণি আগবঢ়াই থৈ গৈছিল।
অসম তথা ভাৰতবৰ্ষৰ মধ্য যুগৰ ৰাজ্য, সাম্ৰাজ্যবোৰলৈ চকু ফুৰালে দেখা যায় যে কোচ ৰজাসকলৰ দৰে ৰাজনৈতিক দিশটোৰ লগতে সাহিত্য সংস্কৃতিৰ দিশলৈ সমানে অৱদান আগবঢ়োৱা ৰাজবংশ ইতিহাসত বিৰল। কিন্তু তাৰ পিছতো কোচ ৰজাসকল বিষয়ে চৰ্চা সীমিত।
মহাৰাজ নৰনাৰায়ণ, চিলাৰায়ে ৰাজ্য বিস্তাৰত ব্যস্ত থকা সময়তো নৰনাৰায়ণৰ ৰাজসভা বিক্ৰমাদিত্যৰ ৰাজসভাৰ দৰে বিদ্বান লোকেৰে সদায় সজীৱ আছিল।
শক্তিৰ উপাসক কোচ ৰজাসকলে এফালে অনাৰ্যমূলীয় ধৰ্ম সংস্কৃতিৰ পৃষ্ঠপোষকতা কৰাৰ লগতে আনফালে পৃষ্ঠপোষকতা কৰিছিল শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মক যিয়ে এখন উদাৰ, বৃহত্তৰ সমাজ গঠনৰ বুনিয়াদ ৰচনা কৰিছিল।
একেদৰে চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণে নতুনকৈ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছতো ৰাজনৈতিক দিশটোৰ লগতে সাহিত্য সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ বাবে পৃষ্ঠপোষকতা অব্যাহত ৰাখিছিল। আহোম ৰজাৰ সহযোগত দৰঙী ৰাজ্য প্ৰতিষ্ঠা কৰা বলিনাৰায়ণেও (পিছলৈ ধৰ্মনাৰায়ন) মোগলৰ সৈতে গোটেই জীৱন সংঘাতত লিপ্ত থকাৰ পিছতো সাহিত্য সংস্কৃতিৰ উত্তৰণৰ হকে কাম কৰিবলৈ পাহৰা নাছিল।
কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা অতিশয় বিদ্যানুৰাগী মহাৰাজ বিশ্বসিংহই তেওঁৰ ৰাজ্য প্ৰতিষ্ঠাৰ পিছতে ব্ৰাহ্মণ পণ্ডিতসকলক সংস্থাপিত কৰিছিল। তেওঁলোকৰ ভিতৰত অন্যতম আছিল পীতাম্বৰ দ্বিজ, বল্লভাচাৰ্য, দুৰ্গাবৰ, মনকৰ আদি। তেওঁৰ ৰাজত্বকালতে বহু বিখ্যাত তন্ত্ৰ শাস্ত্ৰ যোগিনী তন্ত্ৰ ৰচনা কৰা হৈছিল। কবি দুৰ্গাবৰে বিশ্বসিংহৰ পৃষ্ঠপোষকতাতে ৰচনা কৰিছিল গীতি ৰামায়ণ। বিশ্বসিংহৰ দৰেই তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ ৰাজত্বকালত কোচবিহাৰ অসমীয়া ভাষা সাহিত্যৰ অন্যতম প্ৰধান কেন্দ্ৰস্বৰূপ হৈ পৰিছিল। অসমৰ বিক্ৰমাদিত্য খ্যাত নৰনাৰায়ণৰ শাসনকালত বিক্ৰমাদিত্যৰ দৰেই নৱ ৰত্নই ৰাজসভা শুৱনি কৰিছিল। সেইসকলৰ ভিতৰত আছিল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী, পুৰুষোত্তম বিদ্যাবাগীশ, বকুল কায়স্থ, শ্ৰীধৰ, কবি কৰ্ণপুৰ, ভট্টদেৱ, পীতাম্বৰ সিদ্ধান্ত বাগীশ আদি। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱা নৰনাৰায়ণৰ ৰাজসভাত কটাই শংকৰদেৱে অসমীয়া জাতিটোক সাহিত্য, সংস্কৃতি সকলো দিশৰ পৰাই সমৃদ্ধ কৰি তুলিছিল। এফালে নৱ বৈষ্ণৱ ধৰ্ম আৰু আনফালে তাৰ আলমত সাহিত্য, গীত মাত ৰচনাৰে শংকৰদেৱে জাতিটোৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। এই কথা নক’লেও হ’ব যে এয়া কেৱল ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতহে সম্ভৱ হৈছিল। মন কৰিবলগীয়া যে শংকৰদেৱ মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে ৰচনা কৰা পুথি, গীত, পদ, নাটসমূহ সাহিত্যিক সুষমাৰে মহিমামণ্ডিত হোৱাৰ লগতে ই অসমীয়া সাহিত্যক এক উচ্চ স্তৰলৈ লৈ গৈছিল। কোচ ৰাজ পৃষ্ঠপোষকতাতে
শংকৰদেৱৰ সমসাময়িক কবি ৰাম সৰস্বতীয়ে অসমীয়া কবিসকলৰ ভিতৰত আটাইতকৈ সৰহ সংখ্যক পদ ৰচনা কৰি থৈ গৈছে।
শংকৰদেৱতকৈও অধিক পদ ৰচনা কৰা ৰাম সৰস্বতীক তেওঁৰ ৰচনাৰাজিৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ চাই অসমীয়া ব্যাস আখ্যা দিয়া হৈছিল। ৰাম সৰস্বতীয়ে জীৱনৰ প্ৰথমচোৱা সময় কোচবিহাৰত কটোৱাৰ বিপৰীতে জীৱনৰ পিছৰছোৱা সময় দৰং কোচ ৰাজ্যত কটাইছিল। ৰাম সৰস্বতীয়ে নৰনাৰায়ণ, ৰঘুদেৱ নাৰায়ণ, পৰিক্ষীতনাৰায়ণ আৰু ধৰ্ম নাৰায়ণ এই চাৰিওজন কোচ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। আচলতে মহাৰাজ নৰনাৰায়ণেহে কবিগৰাকীক ৰাম সৰস্বতী নাম দিছিল। কোচবিহাৰত প্ৰায় ত্ৰিশ হাজাৰৰো অধিক আৰু দৰঙী ৰাজ্যত প্ৰায় ছয় হাজাৰৰো অধিক পদ ৰচনা কৰিছিল ৰাম সৰস্বতীয়ে।
মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাৰ অন্যতম সভাসদ অনন্ত কন্দলিয়েও বহুতো গ্ৰন্থ ৰচনা কৰিছিল তেখেতৰ ৰচনাৱলীৰ ভিতৰত ৰামায়ণ, কুমৰ হৰণ কাব্য, ভাগৱত ষষ্ঠ স্কন্ধৰ বৃত্তাসুৰ বধ, মধ্য আৰু শেষ দশম, মহীৰাৱন বধ কাব্য, সীতাৰ পাতাল প্ৰৱেশ আদি অন্যতম আছিল।
সেই সময়ৰ আন এজন পণ্ডিত পীতাম্বৰ সিদ্ধান্ত বাগীশে মহাৰাজ নৰনাৰায়ণ আৰু লক্ষ্মী নাৰায়ণ দুয়োৰে পৃষ্ঠপোষকতা লাভ কৰিছিল।
ৰজা নৰনাৰায়ণ আৰু চিলাৰায় দুয়োজনেই গুণগ্ৰাহী বিদ্বান পুৰুষ আছিল। চিলাৰায় নিজে আছিল একোজন বিশিষ্ট সংস্কৃত পণ্ডিত। সেয়ে হয়তো তেওঁ কেৱল আন বিদ্বান, পণ্ডিতসকলক পৃষ্ঠপোষকতা কৰিয়েই দায়িত্ব সামৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ নিজেও সাহিত্য ৰচনাত মনোনিবেশ কৰিছিল। তাৰ প্ৰমাণস্বৰূপে চিলাৰায়ে সংস্কৃত ভাষাত ৰচনা কৰা সাৰৱতী টীকা নামৰ গ্ৰন্থখনৰ কথা উল্লেখ কৰিব পাৰি। তাৰোপৰি চিলাৰায়ৰ সংগীত শাস্ত্ৰৰ ২৪ টা ৰাগ তালৰ ওপৰতো বিশেষ দখল আছিল বুলি জনা যায়।
মহাৰাজ নৰনাৰায়ণৰ পিছত কোচ ৰাজ্যৰ সিংহাসনত বহা পুত্ৰ লক্ষ্মী নাৰায়ণৰ শাসনকালতো আহোম ৰাজ্য আৰু কামৰূপ পৰিত্যাগ কৰি যোৱা মাধৱদেৱ আৰু দামোদৰদেৱক সসন্মানে আশ্ৰয়দান কৰিছিল।
ধৰ্ম নাৰায়ণে প্ৰতিষ্ঠা কৰা আৰু প্ৰায় দুশ বছৰতকৈও অধিক কাল বৰ্তি থকা দৰঙী ৰজাসকলেও তেওঁলোকৰ পূৰ্ব পুৰুষসকলৰ দৰেই গুণী আৰু বিদ্বান জনৰ পৃষ্ঠপোষকতা কৰিছিল আৰু ইয়ে অসমীয়া সাহিত্য সংস্কৃতিক আৰু এখোজ আগুৱাই লৈ গৈছিল। দৰঙী কোচ ৰাজ্যত ৰাম সৰস্বতীৰ ওপৰি তেওঁৰ পুত্ৰ গোপীনাথ পাঠকেও মহাভাৰতৰ সভাপৰ্ব, দ্ৰোণপৰ্ব, স্বৰ্গাৰোহন খণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল। ইয়াৰোপৰি শুভনাথ দ্বিজ, দামোদৰ দ্বিজ আদি কবিসকলেও দৰঙী কোচ ৰজাৰ ৰাজসভা শুৱনি কৰিছিল।
দামোদৰ দ্বিজে মহাভাৰতৰ শল্য পৰ্ব অসমীয়ালৈ অনুবাদ কৰিছিল। দৰঙী ৰজাসকলৰ দিনতে আন এজন মহা কবি বিদ্যা পঞ্চাননে মহাভাৰতৰ বিৰাট পৰ্ব, ভীষ্ম পৰ্ব আদি অধ্যায়সমূহ ৰচনা কৰাৰ উপৰি ৰামায়নৰ পাতালী কাণ্ড লিখি উলিয়াইছিল।
ৰজা ধৰ্ম নাৰায়ণৰ ৰাজত্বকালতে পাঁচালী কবিসকলৰ ভিতৰত প্ৰখ্যাত কবি সুকবি নাৰায়ন দেৱে পদ্ম পুৰাণ ৰচনা কৰিছিল।
আন এজন বিখ্যাত কবি গোবিন্দ মিশ্ৰই শ্ৰীমদ্ভাগৱত গীতাৰ উপৰি ভট্টাদেৱৰ ভক্তি বিবেক নামৰ সংস্কৃত বিবেক নামৰ গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰিছিল। ধৰ্ম নাৰায়ণৰ ৰাজত্বকালতে সাগৰখড়ি দৈৱজ্ঞ নামৰ এগৰাকী বিশিষ্ট পণ্ডিতে অশ্ব নিদান নামেৰে এখন ঘোঁৰাৰ চিকিৎসা শাস্ত্ৰও প্ৰণয়ন কৰিছিল।
লগতে তেওঁ মহাভাৰতৰ কাহিনীৰ আধাৰত ৰচনা কৰিছিল কৰ্মাৱলী কাব্য।
সেই সময়ৰ ধৰ্মীয় ভিত্তিৰ গণ্ডীৰ ভিতৰত থকা গতানুগতিক সাহিত্য চৰ্চাৰো অগতানুগতিক পৰম্পৰা আৰম্ভ কৰিছিল ৰজা ধৰ্ম নাৰায়ণৰ পুত্ৰ ভোগনাৰায়ণ কোঁৱৰে। ৰজা ভোগনাৰায়ণ কোঁৱৰে সেই সময়তে ৰচনা কৰিছিল ৰাজনীতিৰ লক্ষণ নামৰ এখন গ্ৰন্থ য’ত উল্লেখ আছিল ৰাজনীতিৰ কঠিন আৰু জটিল দিশসমূহ।
দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত ৰচিত সবাতোকৈ উল্লেখযোগ্য অৱদান আছিল ব্ৰহ্মবৈৱৰ্ত পুৰাণ ৰ সম্পূৰ্ণ অনুবাদ। এই সৃষ্টিৰো মূলতে আছিল ৰাজকুমাৰ হয়নাৰায়ণৰ পৃষ্ঠপোষকতা যাৰ ফলস্বৰূপে ৰত্নকান্ত দ্বিজ, নৰোত্তম দ্বিজ, নন্দেশ্বৰ দ্বিজ, খগেশ্বৰ দ্বিজ নামৰ চাৰিজন লেখকৰ যৌথ প্ৰচেষ্টাত সম্পূৰ্ণ হৈছিল ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।
ৰত্নকান্ত দ্বিজৰ আন এক অনন্য সৃষ্টি হৈছে ৰজা বিষ্ণু নাৰায়ণৰ ভাতৃ খৰ্গনাৰায়নক উপহাৰ দিয়া খড়গনাৰায়নৰ বংশাৱলী। এই কাব্য গ্ৰন্থখনে কোচ ৰাজবংশৰ উত্থান পতনৰ লগতে সমসাময়িক আহোম, মোগল তথা দাঁতিকাষৰীয়া ৰাজনৈতিক শক্তিসমূহৰ ভূমিকাৰ কথা বৰ্ণনা কৰিছে। সেইফালৰ পৰা গ্ৰন্থখনি অসমৰ এখন অন্যতম ঐতিহাসিক গ্ৰন্থ।
ৰজা ধৰ্মনাৰায়নৰ নাতি চন্দ্ৰনাৰায়নৰ সময়ৰ অন্য এজন কবি ভবানন্দ মিশ্ৰই গোবিন্দ চৰিত্ৰ ৰচনা কৰিছিল। মূলত খটৰা সত্ৰ, ৰজা চন্দ্ৰনাৰায়নৰ কৰ্মৰাজিৰ বিৱৰণ, সমসাময়িক সমাজ জীৱন আৰু সত্ৰলৈ ৰাজপৰিয়ালৰ পৃষ্ঠপোষকতা সন্দৰ্ভত বহু তথ্যসমৃদ্ধ এই গ্ৰন্থখনিৰ সাহিত্যিক গুণৰাজিৰ লগতে ঐতিহাসিক গুৰুত্বও অধিক।
দৰঙী ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰা আন এজন কবি শুভনাথ দ্বিজে ৰচনা কৰিছিল ধৰ্ম সংবাদ, স্বপ্নাধ্যায় আদি গ্ৰন্থ যিসমূহে ধৰ্মীয় গণ্ডী অতিক্ৰম কৰি সাহিত্যিক গুণৰাজি অধিক আহৰণৰ দিশে ধাৱমান হৈছিল।
আগতেই উল্লেখ কৰা হৈছে যে দৰঙী কোচ ৰজাসকলৰ পৃষ্ঠপোষকতা কেৱল ধৰ্মীয় সাহিত্যই ৰচনা হোৱা নাছিল। ই ধৰ্মীয় গণ্ডীৰ পৰা ওলাই সাহিত্যিক গুণৰাজিৰ দিশে অধিক ধাৱমান হোৱাৰ লগতে ধৰ্ম নিৰপেক্ষ সাহিত্যৰ দিশেও ধাৱমান হৈছিল।
এই ধৰ্ম নিৰপেক্ষ সাহিত্যৰ ভিতৰত বুৰঞ্জী সাহিত্যই আছিল প্ৰধান। সূৰ্যখড়ি দৈৱজ্ঞৰ দৰঙ্গ ৰাজবংশাৱলী, ৰত্নকান্ত দ্বিজৰ খড়গনাৰায়নৰ বংশাৱলী, সূৰ্যদেৱতাই সিদ্ধান্তবাগীশৰ গন্ধৰ্বনাৰায়নৰ বংশাৱলী আদি বুৰঞ্জী সাহিত্যৰ কথা বিশেষভাৱে উল্লেখযোগ্য। লগতে ভোগনাৰায়ণৰ ৰাজনীতিৰ লক্ষণ আৰু সাগৰখড়ি দৈৱজ্ঞৰ অশ্বনিদানৰ কথাও ক’ব পাৰি।
কোচবিহাৰ, দৰং আদি ৰাজ্যৰ বাহিৰেও কোচ ৰাজ্যৰ আন আন ৰাজ্য যেনে বিজনী, বেলতলা, ৰাণী আদি শাখা ৰাজ্যসমূহৰ ৰজাসকলেও বহুজন পণ্ডিতক পৃষ্ঠপোষকতা কৰিছিল যিসকলে অসমীয়া ভাষা সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে।
সূৰ্যখড়ি দৈৱজ্ঞই ৰচনা কৰা দৰঙ্গ ৰাজবংশাৱলীয়ে কোচ ৰাজ্যৰ বুৰঞ্জী পুনৰ্নিমাণ কাম কৰিছিল। এই গ্ৰন্থখনিৰ সন্দৰ্ভত নবীন চন্দ্ৰ শৰ্মাই লিখিছে দৰঙ্গ ৰাজবংশাৱলী এখন অনুপম কাব্য। ড০ মহেশ্বৰ নেওগে লিখিছে বংশাৱলীখনৰ ধৰ্মানুৰাগ অনুপ্ৰাণিত অংশবোৰ বাদ দিলে ঐতিহাসিক মূল্য সোণৰ দৰে ওলাই পৰিব।
পণ্ডিত বলদেৱ সূৰ্যখড়িয়ে জ্যোতিষ বিষয়ক ৰাজমাৰ্তণ্ড নামৰ এখন পুথি ৰচনা কৰিছিল যিখন গ্ৰন্থই বুৰঞ্জী সাহিত্যৰো গণ্ডী পাৰ কৰি জ্যোতিষ চৰ্চাৰ দিশত এখোপ আগুৱাই গৈছিল।
কবি সূৰ্যখড়ি সিদ্ধান্তবাগীশক ৰাজবংশাৱলী লিখিবলৈ উৎসাহিত কৰা ৰজা জগতনাৰায়নৰ পুত্ৰ মধুনাৰায়ণ কোঁৱৰে “জমৰ ঘৰত জিয়ন্তা মনুষ্য” নামেৰে এখনি সৰু কাব্য ৰচনা কৰিছিল।
কোচবিহাৰৰ দৰে দৰঙী ৰাজ্যৰ ৰাজধানী মংগলদৈ অসমীয়া সাহিত্য সংস্কৃতি চৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ হৈ পৰিছিল। সাহিত্যৰ অন্যান্য দিশবোৰৰ দৰেই কোচ ৰজাসকলে লোক সাহিত্যৰো পৃষ্ঠপোষকতা কৰিছিল। সুকবি নাৰায়নদেৱে ৰচনা কৰা সুকন্নানী গীতসমূহ আছিল লোক সাহিত্যৰ অন্যতম নিদৰ্শন।
কোচসকলে নিজস্ব স্থাপত্য ৰীতিৰে স্থাপত্য ভাস্কৰ্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছিল। তেওঁলোকৰ সৃষ্টি সীমিত আছিল যদিও সেই সৃষ্টিৰে তেওঁলোকে আন ৰাজবংশৰ সৃষ্টিশৈলীতো প্ৰভাৱ বিস্তাৰ কৰিছিল। মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে পুনৰনিৰ্মাণ কৰা কামাখ্যা মন্দিৰৰ নিৰ্মাণশৈলীৰ পৰাই অসমৰ শেষ মধ্যযুগীয় স্থাপত্যৰ ধাৰা আৰম্ভ হৈছিল বুলি ক’ব পাৰি। সেই শৈলী পৰৱৰ্তী আহোম ৰজাসকলেও অনুসৰণ কৰিছিল। উদাহৰণস্বৰূপে গদাধৰ সিংহই নিৰ্মাণ কৰা উমানন্দ মন্দিৰত কোচ ৰজা ৰঘুদেৱে নিৰ্মাণ কৰা হাজাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰভাৱ দেখা যায়। একেদৰে স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰতিষ্ঠা কৰা জয় দ’লত কামাখ্যা মন্দিৰৰ নিৰ্মাণশৈলীৰ প্ৰভাৱ দেখা যায়।
বৰ্তমান নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ কোচ ৰাজবংশৰ অন্যতম কীৰ্তি। কামাখ্যা মন্দিৰৰ নিৰ্মাণশৈলীত যি নিপুণতা দেখিবলৈ পোৱা যায় সেয়া সেই সময়ৰ অসম আৰু বংগৰ মন্দিৰবোৰতহে দেখিবলৈ পোৱা যায় যিটোৱে প্ৰমাণ কৰে যে এই শৈলী কোচসকলৰ নিজা সৃষ্টি যাক নামকৰণ কৰা হৈছিল নীলাচল পদ্ধতি বুলি। কামাখ্যা মন্দিৰৰ অন্যতম বৈশিষ্ট্য আছিল যে এই মন্দিৰৰ চাৰিওফালে থকা গড়। মন্দিৰৰ পশ্চিম সীমাত থকা তোৰণ আৰু উত্তৰত থকা সৌভাগ্যকুণ্ড নামৰ পুখুৰীটোও কোচ ৰজাসকলৰে সৃষ্টি বুলি প্ৰমাণ হৈছে।
কোচ ৰজাসকলৰ আন এক অন্যতম নিদৰ্শন হৈছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। ৰজা ৰঘুদেৱে ১৫৮৩ চনত নিৰ্মাণ কৰা এই মন্দিৰটোৰ নিৰ্মাণ কামাখ্যা মন্দিৰৰ দৰে উন্নতমানৰ নহয় যদিও ইও অসমৰ স্থাপত্য শিল্পলৈ বিশেষ বৰঙনি আগবঢ়াই থৈ গৈছে।
ইয়াৰ উপৰি ৰজা ৰঘুদেৱে ১৫৮৫ চনত নীলাচল পাহাৰৰ পশ্চিম পাদদেশত ব্ৰহ্মপুত্ৰৰ থিয় গড়াত পাহাৰৰ নিম্নভাগত পাণ্ডুনাথ মন্দিৰ নিৰ্মাণ কৰিছিল।
ইয়াৰোপৰি দৰং জিলাৰ কলাই গাঁৱৰ ওচৰত থকা মূৰদেৱৰ মন্দিৰ বা দেৱালয়খন মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰিছিল বুলি জনশ্ৰুতি আছে।
কোচ ৰজাসকলৰ অন্যতম সৃষ্টি আছিল কমতাপুৰ দুৰ্গ। ১৮০৮ চনত কমতাপুৰ দূৰ্গ ভগ্নাৱশেষ পৰিদৰ্শন কৰাৰ পিছত ডাঃ হেমিলটন বুকাননে মন্তব্য কৰিছিল যে বিশালতা আৰু নিৰ্মাণ কৌশলত কমতাপুৰ দুৰ্গৰ দৰে দুৰ্গ সমগ্ৰ ভাৰততে বিৰল আছিল।
মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ে গোৱালপাৰা জিলাৰ ভৈৰৱ পাহাৰত নিৰ্মাণ কৰিছিল ভৈৰৱ থান। এই ভৈৰৱ থানৰ আৰ্হিও কামাখ্যা মন্দিৰৰ দৰেই আছিল।এই থানত ভৈৰৱ, ভৈৰৱী, ৰাধা-কৃষ্ণ আৰু অন্যান্য কিছুমান মূৰ্তিও আছিল। তাৰোপৰি কোচবিহাৰতো কিছুমান মন্দিৰ কোচ ৰজাসকলে নিৰ্মাণ কৰিছিল।
ইয়াৰ বাহিৰেও গোৱালপাৰা চহৰৰ পৰা ৭ কিলোমিটাৰ দক্ষিণ পূব দিশে শ্ৰী সূৰ্য পাহাৰত এটি মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। মহাৰাজ নৰনাৰায়ণে কোচবিহাৰত বাণেশ্বৰ শিৱৰ এটি মূৰ্তি প্ৰতিষ্ঠা কৰিছিল যিটো আছিল কোচ স্থাপত্য ভাস্কৰ্যৰ অন্য এক নিদৰ্শন।
মহাৰাজ নৰনাৰায়ণে জনসাধাৰণৰ মঙ্গলৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল যিসমূহ আধুনিক কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ লগতহে মিলে। বহুতো আলি পদূলি, চিকিৎসালয় নৰনাৰায়ণে নিৰ্মাণ কৰাৰ কথা বিভিন্নজন ঐতিহাসিকৰ বৰ্ণনাৰ পৰা জনা যায়। নৰনাৰায়ণৰ ৰাজত্বকালত তেওঁৰ ভাতৃ গোহাঁই কমলৰ দ্বাৰা নিৰ্মিত কোচবিহাৰৰ পৰা নাৰায়ণপুৰ পৰ্যন্ত প্ৰায় ৩৬০ মাইল জুৰি থকা গোহাঁই কমল আলি অন্যতম। মহাৰাজ নৰনাৰায়ণৰ নিৰ্দেশত মহাবীৰ চিলাৰায়ে হাজোৰ ওচৰত থকা ব্ৰহ্মপুত্ৰৰ বেঁকা অংশক ফোন কৰি এক অসাধ্য সাধন কৰিছিল। যাৰ ফলস্বৰূপে হাজো অঞ্চলত হোৱা সঘন বানপানীৰ পৰা তাৰ প্ৰজাসকল ৰক্ষা পৰিছিল। নৰনাৰায়ণে কেৱল মানুহৰ বাবে চিকিৎসালয় প্ৰতিষ্ঠা কৰি সন্তুষ্ট থকা নাছিল, তেওঁ জীৱ জন্তুৰ বাবেও চিকিৎসালয় প্ৰতিষ্ঠা কৰিছিল। সোতৰ শতিকাত কামৰূপলৈ অহা ইংৰাজ পৰিব্ৰাজক ৰালফ ফিটচে তেওঁৰ ভ্ৰমণ টোকাত উল্লেখ কৰিছে যে সেই সময়ৰ কোচ ৰাজ্যত ভেড়া, ছাগলী, কুকুৰ, মেকুৰী, চৰাই আৰু সকলো প্ৰাণীৰ বাবে চিকিৎসালয় আছিল। এনে মহানুভৱতা মধ্যযুগৰ শাসকসকলৰ ক্ষেত্ৰত বিৰল আছিল।
মহাৰাজ নৰনাৰায়ণে আনকি শাসনৰ সুবিধাৰ্থে অস্থায়ী ৰাজধানী পৰ্যন্ত নিৰ্মাণ কৰিছিল। কোচ ৰাজ্যত পাইক প্ৰথাৰো প্ৰচলন আছিল। নৰনাৰায়ণে কোচ ৰাজ্যত এক সুকীয়া ভূমি নীতিৰো সূচনা কৰিছিল। এনেবোৰ কথাই নৰনাৰায়ণকে ধৰি কোচ ৰজাসকলৰ সমাজ পৰিচালনাৰ দক্ষতা তথা এই ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ কথা প্ৰমাণ কৰে।
মহাৰাজ নৰনাৰায়ণৰ ৪৭ বছৰীয়া শাসনকাল সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ মধ্য যুগৰ ইতিহাসৰ এক স্মৰণীয় অধ্যায় আছিল। ৰাজ্যখনৰ উন্নতিৰ বাবে তেওঁ কৰা কামৰ তুলনা নাছিল। ৰাজকাৰ্য সঠিক ৰূপত পালন কৰি তেওঁ প্ৰজাৰ আনুগত্য লাভ কৰিছিল। এটা কথা ৰাখিব লাগিব যে কোচসকল নিজে আছিল জনজাতি। সেয়ে হয়তো ৰাজ্য প্ৰতিষ্ঠা কৰি ৰাজবংশ প্ৰতিষ্ঠাৰ পিছতো কোচ ৰজাসকলে পাহৰি যোৱা নাছিল নিজস্বতা। এফালে অনাৰ্য দেৱতা শিৱ তথা শক্তিৰ উপাসক কোচ ৰজাসকলে আৰ্য সংস্কৃতিৰো পৃষ্ঠপোষকতা কৰিছিল আৰু আনফালে জনজাতীয় লোকসকলৰ ধৰ্ম, সংস্কৃতি ৰক্ষাটো গুৰুত্ব দিছিল। ভাৰতৰ ইতিহাসৰ আনবোৰ শাসকৰ দৰে ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম নীতি তেওঁ অলপো বিশ্বাস কৰা নাছিল। তাৰ পৰিৱৰ্তে প্ৰজাৰ ধৰ্মই ৰজাৰ ধৰ্ম নীতিহে তেওঁ মানি চলিছিল। এডৱাৰ্ড গেইটৰ A history of Assam ৰ উল্লেখ আছে যে Naranarayan issued an edict setting aside the tract north of the Gosai Kamal Ali for the practice of aboriginal forms of worship. অৰ্থাৎ গোঁসাই কমল আলিৰ উত্তৰপাৰে বাস কৰা পুৰণি জনজাতিসকলক নিজৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰাৰ অধিকাৰহে প্ৰদান কৰিছিল।
মহাৰাজ নৰনাৰায়ণে ভৈৰৱকুণ্ডৰ ওচৰৰ চণ্ডিকা বিহাৰ দৰ্শন কৰাৰ পিছত তাৰ ওচৰতে নলখামাৰ নামৰ এটি মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পূজাৰী হিচাপে স্থানীয় কছাৰী লোককহে নিযুক্ত কৰিছিল।
আহোম ৰাজ্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তো নৰনাৰায়ণে নিজৰ কছাৰী সৈন্যসকলক সোণকোষ নদীৰ পাৰত নিজৰ ৰীতি অনুসৰি পূজা অৰ্চনা কৰিবলৈ উৎসাহ যোগাইছিল। এনেবোৰ কথাই এটা বৃহত্তৰ জাতি গঠনত এইগৰাকী শাসকৰ উদাৰতা তথা মহানতাৰ প্ৰমাণ দিয়ে।
কোচ ৰাজ্যত ধৰ্ম নিৰপেক্ষতাৰ কথা ক’বলৈ গৈ
আমি আগতেই উল্লেখ কৰিছিলো যে কোচ ৰজাসকল আছিল উদাৰ আৰু অতি সহিঞ্চু। কোচ ৰজাসকলে কেৱল শাক্ত, বৈষ্ণৱ আদি ধৰ্মৰ ক্ষেত্ৰতেই সহিঞ্চুতা দেখুওৱা নাছিল আনকি ইছলাম ধৰ্মৰ ক্ষেত্ৰতো সহিঞ্চুতা দেখুৱাইছিল। কোচ কমতা তথা কোচ ৰজাৰ অধীনত ইছলাম ধৰ্মীয় স্থানসমূহ সদায় সুৰক্ষিত আছিল। এফালে যেনেকৈ মুছলমান সেনাপতি কালাপাহাৰে কোচ ৰাজ্যৰ মঠ মন্দিৰসমূহ ধ্বংস কৰিছিল আনফালে আকৌ কোচ ৰজাসকলে আন ধৰ্মীয় স্থানসমূহক সুৰক্ষাহে দিছিল। কোচ ৰাজ্যৰ ৰাজধানী কমতাপুৰ, ধলিয়াবাৰী, কোচ বিহাৰ আদিত মুছলমান পীৰসকলৰ অৱস্থান সমূহ আছিল। কোচ ৰাজ্যৰ অন্তৰ্গত কোচ বিহাৰ নগৰৰ প্ৰান্তত থকা তোৰসা পীৰৰ ধাম, হাজোৰ পোৱামক্কা, ধুবুৰীৰ পাঁচপীৰৰ দৰগাহ ( ৰঙামাটি(পাণবাৰী) মছজিদ) ৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি।
ধুবুৰীত শিখ গুৰু টেগবাহাদুৰে স্থাপন কৰা গুৰুদ্বাৰো সদায় কোচ ৰজাসকলৰ শ্ৰদ্ধাৰ ধৰ্মস্থলী হিচাপে পৰিগণিত হৈ আহিছে। আনকি পশ্চিম অসমত কোচ ৰজাসকলৰ ধৰ্মীয় সহিঞ্চুতাৰ বাবেই দেশী মুছলমান আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভাতৃত্ববোধৰ ভাব ভাব আজিও বিদ্যমান।
কোচসকলে কেৱল শৈৱ, শাক্ত বা শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মকে পৃষ্ঠপোষকতা কৰা নাছিল, কোনো কোনো গৱেষকৰ মতে কোচ ৰজাসকলে বৌদ্ধ ধৰ্মৰো পৃষ্ঠপোষকতা কৰিছিল। তিব্বত, নেপাল আৰু ভূটানৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ মতে হয়গ্ৰীৱ মাধৱ মন্দিৰ বৌদ্ধ মন্দিৰহে। মন্দিৰত থকা মাধৱৰ মূৰ্তিক তেওঁলোকে বৌদ্ধৰ মূৰ্তি বুলি বিশ্বাস কৰে। সেই কথালৈ চাই অনুমান কৰিব পাৰি যে হয়তো ৰঘুদেৱ নাৰায়ণৰ দিনত হয়গ্ৰীৱ মাধৱ মন্দিৰত হিন্দু আৰু বৌদ্ধ দুয়োটা ধৰ্মৰে পূজা অৰ্চনা চলিছিল। এয়া অসম্ভৱ নহয় কিয়নো হিন্দু ধৰ্ম আৰু মহাযান বৌদ্ধধৰ্মৰ প্ৰভেদ খুব কম। এনেবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই কথা ক’ব পাৰি কোচ ৰজাসকলে এক ধৰ্মনিৰপেক্ষ সমাজ গঠনৰো পোষকতা কৰিছিল।
এখন সুস্থ সমাজৰ বাবে সমাজত নাৰী আৰু পুৰুষৰ স্থান যে সমান হোৱা উচিত সেই কথা কোচ ৰজাসকলে অনুভৱ কৰিছিল আৰু নাৰীৰ সামাজিক প্ৰস্থিতি উন্নত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল।
জনজাতীয় চৰিত্ৰ থকা কোচসকলৰ ৰাজ্যত নাৰীৰ স্থান সেই সময়ৰ ভাৰতীয় নাৰীৰ তুলনাত উচ্চ আছিল। নাৰীৰ স্থান পুৰুষতকৈ তলত আছিল যদিও নাৰীয়ে সামাজিক স্বাধীনতা লাভ কৰিছিল। অভিজাত ঘৰৰ নাৰীয়ে ধৰ্মীয় সাহিত্যৰ জ্ঞান আহৰণ কৰাৰ লগতে সংগীত চৰ্চাৰো সুবিধা লাভ কৰিছিল। নাৰীয়ে পৈতৃক সম্পত্তিৰ উত্তৰাধিকাৰ লাভ কৰা নাছিল যদিও স্বামীৰ মৃত্যুৰ পিছত সম্পত্তিৰ উত্তৰাধিকাৰ লাভ কৰিছিল। কোচ ৰাজবংশৰ কোনো কোনো নাৰীয়ে শাসনকাৰ্যতো অংশগ্ৰহণ কৰিছিল। মহাৰাজ নৰনাৰায়ণৰ শাসনকাৰ্যত তেওঁৰ প্ৰধান ৰাণীৰ পৰামৰ্শ গ্ৰহণ কৰাৰ কথা কেইবাখনো কোচ বুৰঞ্জীত উল্লেখ থকা দেখা যায়। কোচ ৰাজ্যত যৌতুক আৰু পৰ্দা প্ৰথাৰ দৰে কু প্ৰথাৰো প্ৰচলন নাছিল।
এনেদৰে দেখা যায় যে সাহিত্য, সংস্কৃতি, সমাজ সকলো দিশতে কোচ ৰজাসকলৰ এক বৃহত্তৰ জাতিগঠন পক্ৰিয়ালৈ অনবদ্য অৱদান আছিল। কিন্তু তাৰ পিছতো কোচ ৰজাসকলৰ অৱদানৰ বিষয়ে চৰ্চা একেবাৰে সীমিত হোৱাটো অত্যন্ত দূৰ্ভাগ্যজনক।
সহায়ক গ্ৰন্থঃ
A History of Assam: Sir Edward Gait
দৰঙ্গ ৰাজবংশাৱলীঃ সূৰ্যখড়ি দৈৱজ্ঞ
কোচ ৰাজ্যৰ বুৰঞ্জীঃ ড০ অজিৎ কুমাৰ বৰুৱা
কোচবিহাৰৰ ইতিহাসঃ খাঁ চৌধুৰী আমানতউল্লা আহমদ (অনুবাদ অঞ্জন শৰ্মা)
ইতিহাসে ৰিঙিয়ায় নৰনাৰায়ণ চিলাৰায়ঃ অঞ্জন শৰ্মা

