Nagaon District Employees Council: নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন
নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
যজ্ঞেশ্বৰ ৰাজখোৱাক সভাপতি, আজিজুৰ ৰহমানক সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন

DD TIMES বঢ়মপুৰ, ১০ জানুৱাৰীঃ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৩৮সংখ্যক বাৰ্ষিক অধিৱেশনখন আজি বৰবাৰীস্থিত পাৰুলবালা গোস্বামী বামুণী-বৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়।

কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মচাৰী পৰিষদৰ নগাঁও জিলা সমিতিৰ বাৰ্ষিক অধিবেশনৰ কাৰ্যসূচী অনুসৰি আজি দ্বিতীয় দিনা বিয়লি অনুষ্ঠিত হয় এখনি মুকলি সভা।
নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি যজ্ঞেশ্বৰ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মাই ভাষণত কয়- ৰাজ্য চৰকাৰৰ সফলতা বহু পৰিমাণে কৰ্মচাৰী সকলৰ ওপৰতে নিৰ্ভৰশীল।
আমি সৎভাৱে কাম কৰিলে চৰকাৰ সফল হয়। এই মানসিকতা লৈয়েই আমি নিশ্চিত ভাৱে কাম কৰিম, তাত কোনো সন্দেহ বা অৱকাশ নাই।
কৰ্মচাৰী পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্যামন্ত দাস আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক তথা শিক্ষক কুলপ্ৰদীপ দাসে আঁত ধৰা সভাখনত কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মাই ভাষণত আৰু কয়- ৰাজ্যৰ কৰ্মচাৰী সমাজৰ বিভিন্ন বিষয়, স্বাস্থ্য, অনিশ্চিত ভৱিষ্যতৰ শংকা দূৰ কৰা আৰু কিছু কিছু জটিল বিষয় নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ লগত সহাৱস্থান আৰু সহমত কৰি আন্দোলন বৰ্জিত পৰিবেশৰ মাজেৰে আমি আগবাঢ়িবলৈ যত্ন কৰি আছো।
এনপিএছ আৰু অ’পিএছ বিষয়টো ৰাজ্যখনৰ কৰ্মচাৰী সমাজে কোনো কাৰণতে পৰিহাৰ কৰিব নোৱাৰে। ইয়াক আমি যি ধৰণে আগুৱাই নিব খুজিছো, সেই ধৰণে আমি আগুৱাই লৈ যাম। আমাৰ দাবী চনদত এইটো দাবী এক নম্বৰত থাকিব। ইয়াৰ পৰা আঁতৰি থকাটো আমাৰ বাবে কোনো কাৰণতে সম্ভৱ নহ’ব।
এটি সমবেত সঙ্গীতেৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে কয়- এখন ৰাজ্যক তৰাম্বিতকৰণৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ অৱদান অতুলনীয়।
কৰ্মচাৰীসকলৰ এই চেষ্টাৰ বাবেই ৰাজ্যত চৰকাৰখন টিকি থাকে। ৰাজ্যত যেতিয়া কৰ্মচাৰীসকলে সুকলমে, নিয়াৰিকৈ কাম কৰিব আৰু নিজৰ সুৰক্ষা অনুভৱ কৰিব, সেইখন চৰকাৰতেই প্ৰত্যেকটো আঁচনি খুব সুন্দৰকৈ ৰূপায়ণ হ’ব আৰু ৰাজ্যখন আগুৱাই যাব।
সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে ভাষণত ৰাজ্যখনৰ কৰ্মচাৰী সকলৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ বাবে কৰ্মচাৰী পৰিষদে গ্ৰহণ বিভিন্ন দাবী চনদ সম্পৰ্কত আলোকপাত কৰে।
সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক আজিজুৰ ৰহমান, কাৰ্যনিবাহক সদস্য নৰেশ হাজৰিকা, জিতেন হাজৰিকা, মজিবুৰ ৰহমান, অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী তথা অধ্যক্ষা পাৰুল গায়ন, কাৰ্যকৰী সভাপতি কুকিল চন্দ্ৰ বৈৰাগী, প্ৰধান শিক্ষক জগত জ্যোতি বৰা, নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি মিন্টু শৰ্মা প্ৰমুখ্যে কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া, সদস্যসকল আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰী সকল উপস্থিত থাকে।
সভাৰ পূৰ্বে পুৱা ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জনতাৰ শিল্পী ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণৰ অন্তত প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়।
সভাত সৰ্বসন্মতিক্ৰমে যজ্ঞেশ্বৰ ৰাজখোৱাক সভাপতি আৰু আজিজুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নগাঁও জিলা সমিতিখন গঠন কৰা হয়।
উল্লেখযোগ্য যে, কালি প্ৰথম দিনা পুৱা নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা আৰু সন্ধ্যা বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

