অসমঅসমীয়াআন্তর্জাতিকমুখ্যপৃষ্ঠাৰাষ্ট্ৰীয়শিৰোনাম

গণনাৰ পৰা জীৱনৰ শৃংখলালৈঃ My Abacus, Sorbhog

Spread the love

লিখিছে আকাশ সাহাই

সংস্কৃতত কোৱা হৈছে—“विद्यया अमृतमश्नुते।”
অৰ্থাৎ—বিদ্যাৰ জৰিয়তে মানুহে অমৃত লাভ কৰে৷ এই ধাৰণাই যুগে যুগে মানুহৰ মনক উদ্ভাসিত কৰি আহিছে। শিক্ষা মাথোঁ তথ্যৰ আহৰণ নহয়, শিক্ষা হৈছে আত্ম-উন্মোচন, জ্ঞানৰ গহীনতালৈ যাত্ৰা।

মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ—শিক্ষা মানেই কেৱল একাডেমিক সাফল্যৰ সঁজুলি নহয়; ই হৈছে এক জীৱন দৰ্শন, যাৰ দ্বাৰা আমি আমাৰ ভিতৰৰ আত্মাক, চিন্তাক আৰু কৰ্মক এক নতুন দিশত গঢ়ি তুলোঁ। মই যি শিকো, তাক নিজৰ ভিতৰত ৰাখি থোৱা নহয়, বৰং তাক সমাজত ওভোটাই দিয়াটো হৈছে মোৰ এক নৈতিক দায়িত্ব। এই দৰ্শনৰে মই আগবাঢ়িছোঁ Sanjib Baishya দাদাৰ সৈতে, তেওঁ My Abacus – Sorbhog-ৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক। তেওঁ শিক্ষাৰ প্ৰতি এটা গুৰুত্বপূৰ্ণ দৃষ্টিভংগী লৈ আগবাঢ়িছে—য’ত শিক্ষা হৈছে আত্মবিকাশৰ এক প্ৰক্ৰিয়া, য’ত গণিত, যুক্তি আৰু আত্মবিশ্বাস একে সুৰত বাজে। আমাৰ এই যাত্ৰা—এটি সৰু প্ৰয়াস—কিন্তু গভীৰ অৰ্থে গঢ়ি তোলা এটি বীজ, যি সময়ৰ লগে লগে এটি মহীৰুহ ৰূপে সমাজত দীপ্তিময় হ’ব।


My Abacus – Sorbhog: এটি অন্তৰ্দৃষ্টিসম্পন্ন শিক্ষামঞ্চ৷ ইয়াকলৈ সমাজত ভিন্ন সময়ত বহু ধৰণৰ প্ৰশ্ন উঠে, বিশেষকৈ যেতিয়া এটা শিক্ষাকেন্দ্ৰ নতুন দৃষ্টিভংগীৰে কাম কৰি থাকে— My abacus sorbhog ত শিকায় কি? কোনে শিকায় ? বা Abacus অংক শিক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ কি লাভ হ’ব ? এই সকলো প্ৰশ্নৰ উত্তৰ এক গভীৰ সত্যত নিহিত আছে—
My Abacus Sorbhog মাথোঁ অংকৰ পাঠদান কেন্দ্ৰ নহয়; ই হৈছে এটি মানৱিয়তা, এটি আত্মিকতা আৰু এটি দায়িত্ববোধৰ সংহতি। ইয়াত গণিত মাথোঁ এটি বাহ্যিক উপাদান। প্ৰকৃত শিক্ষা হয় অন্তৰ-জগতৰ বিকাশত।

Abacus পদ্ধতিত শিক্ষাৰ্থীসকলে মাথোঁ দ্রুত গণনাৰ কৌশল শিকি থকাত সীমাবদ্ধ নহয়; তেওঁলোকে শিকে ধৈৰ্য, মনসংযোগ আৰু চিন্তনক্ষমতা। ইয়াত গণনাৰ দৰ্শনৰ সৈতে আত্মবিশ্বাসৰ দৰ্শন আৰু গণিতৰ যুক্তিৰ সৈতে নেতৃত্বগুণৰ বিকাশ একত্ৰ হয়।


Abacus পদ্ধতিটো যেনে এক সংখ্যাগত শৃংখলা, তেনে জীৱনৰো এক শৃংখলাৰ প্ৰতীক। “গণনা শুদ্ধ হ’লে, চিন্তা শুদ্ধ হয়; চিন্তা শুদ্ধ হ’লে কৰ্ম শুদ্ধ হয়; আৰু কৰ্ম শুদ্ধ হ’লে জীৱনো সুশৃংখল হয়”—এয়াই হৈছে আমাৰ শিক্ষা-দৰ্শনৰ মূল আধাৰ।


My Abacus-ৰ পাঠদান পদ্ধতি গঢ়ি তোলা হৈছে সকলোৰে সহযোগিতাৰে। ইয়াত শিক্ষাৰ্থীসকলে ইজনে সিজনক বুজাই দিয়ে, সহায় কৰে—এইটো মাথোঁ শিক্ষাৰ পদ্ধতি নহয়; ই হৈছে জীৱনৰ প্ৰশিক্ষণ। জীৱনত একেলগে আগবাঢ়ি যোৱাৰ এক যাত্ৰা, য’ত নেতৃত্ব মানেই অগ্ৰগামী নহয়, নেতৃত্ব মানেই হ’ল পিছ পৰি থকা সহযাত্ৰীক আগলৈ নিয়াত সহায় কৰা।

আমাৰ দৃষ্টিত, প্ৰতিটো শিশুৰ ভিতৰত থাকে এক অনন্য দীপ্তি—এটি বিশেষ ক্ষমতা, যি হয়তো সমাজৰ চাপত, অনুপ্ৰেৰণাৰ অভাৱত, অথবা আত্মবিশ্বাসৰ ঘাটত অলক্ষিতে থমকি যায়। সেয়েহে, My Abacus Sorbhog-ত আমি সেই দীপ্তিটোক উজাগৰ কৰো, আগবঢ়াও আৰু তেওঁৰ ভিতৰৰ নেতা হিচাপে তেওঁক গঢ়ি তোলাৰ চেষ্টা কৰো। আমাৰ পথ সদায় সুগম নহয়।

আমি জানো—যি কোনো সজাগ প্ৰচেষ্টাৰ দৰে, ইয়াতো ভুল হ’ব পাৰে। হয়তো চিন্তা-চেতনাত ক্ৰুটি থাকিব পাৰে। কিন্তু আমি সদায় আত্মসমালোচনাৰ বাবে আগ্ৰহী। আমি ভুলৰ স্বীকাৰোক্তি কৰো আৰু সেই ভুলৰ পৰা শিকো—কাৰণ শিক্ষা মানেই হ’ল আজীৱন শিকি থাকিব পৰা এক অদম্য প্ৰয়াস।


My Abacus Sorbhog মাথোঁ এটি সংস্থা নহয়—এইটো হৈছে এক দায়িত্বশীল পৰিয়াল। ইয়াত ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলে একে পংক্তিত বহি, একেটি লক্ষ্য লৈ আগবাঢ়ি যায়—শিক্ষাৰ জৰিয়তে মানৱতাৰ এক দীপ্তিময় পৰিচয় গঢ়ি তোলে।


My Abacus Sorbhog-ৰ পৰিয়ালৰ পৰা আমি সকলো সদাশয় ৰাইজ, উৎসাহী অভিভাৱক/ অভিভাৱিকা আৰু জ্ঞানৰ সন্ধানত থকাৰ শিক্ষাৰ্থীসকলক আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকৰ অকণমান সময়, এটি অন্তৰ্নিহিত পৰামৰ্শ, অথবা এটি সহানুভূতিক উক্তিয়ে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাটোক এটি বৃহৎ শিক্ষা কেন্দ্ৰত পৰিণত কৰিব পাৰে বুলি আমি গভীৰ বিশ্বাস ৰাখোঁ।


আমাৰ লক্ষ্য— শিক্ষাৰ জৰিয়তে আত্মবিশ্বাসী, নৈতিকতাৰ ভিত্তিত দৃঢ়, চিন্তাশীল আৰু সুশৃংখল এটি নতুন প্ৰজন্ম গঢ়ি তোলা; যিটো মাথোঁ নিজৰ বাবে নহয়, সমাজৰ বাবে, দেশৰ বাবে আৰু মানৱতাৰ বাবে এক আলোকবাহী পথিক হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!