দৃষ্টি শক্তি হেৰুৱায়ো সপোন বাস্তৱায়িত কৰিলে চিমুৱে
গুৱাহাটী প্ৰেছ ক্লাবত বিশ্বজয়ী ক্ৰিকেটাৰ
দৃষ্টি শক্তি হেৰুৱায়ো সপোন বাস্তৱায়িত কৰিলে চিমুৱে
DD TIMES গুৱাহাটী,৪ ডিচেম্বৰঃ জীৱনটোক সজাব জানিলে জীয়াই থকাৰ মাদকতাই সুকীয়া ৷ এই কথাষাৰ প্ৰমাণিত কৰি গুৱাহাটীত উপস্থিত প্ৰথম দৃষ্টিহীন টি টুৱেণ্টি বিশ্বকাপৰ খিতাপ জয়ী ভাৰতীয় মহিলা দলৰ অন্যতম সদস্য অসম জীয়ৰী চিমু দাস ৷
শ্ৰীলংকাত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেল মেচত নেপালক পৰাভূত কৰি বিজয়ী হৈ অসমত উপস্থিত হোৱাৰ লগে লগেই দল সংগঠনে বৰঝাৰ বিমান বন্দৰত জনাই উষ্ম আদৰণি ৷
ইয়াৰ পিছতেই পোনে পোনেই গুৱাহাটী প্ৰেছ ক্লাৱত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলটোৰ সদস্য চিমু দাস ৷
চিমু দাস গুৱাহাটী প্ৰেছ ক্লাৱত উপস্থিত হোৱাৰ লগে লগেই প্ৰেছ ক্লাৱৰ নৱনিযুক্ত সমিতিৰ বিষয়ববীয়াই বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ৷
গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰাই চিমুৱে ব্যক্ত কৰিলে সংঘাত অতিক্ৰম কৰি বিশ্বৰ প্ৰেক্ষাপটতত জ্বিলিকি উঠাৰ কাহিনী৷
জন্মৰ পৰাই দৃষ্টিহীন হোৱাৰ বাবেই পিতৃৱেও অৱজ্ঞা কৰাৰ কাহিনী ব্যক্ত কৰি কয় যে সপোন দেখিছিলো এদিন আৰু আজি সফলতা দেখিছো ৷
লগতে চিমুৱে কয় যে আৰু বহু সপোন আছে জীৱনত ৷ সেইখিন পূৰ্ণ কৰিব পাৰিলেই মই সাৰ্থক হ’ম। ইয়াৰ লগতে আৰ্থিকভাৱে পিছপৰা চিমুক প্ৰয়োজন চৰকাৰী সাহাৰ্য আৰু সংস্থাপনৰ ৷
এই আহবান উপস্থাপন কৰি চিমুৱে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ কাতৰ অনুৰোধ জনায় ৷
চিমুৱে ক’লে কেনেকৈ দৃষ্টিহীনসকলে বলৰ গতিবেগ অনুভৱ কৰিব পাৰে ৷
দৃষ্টিহীন সকলে বলৰ ভিতৰত সংযোগ থকা শব্দৰ অনুভৱেৰেই অনায়াসে মেচখন খেলে।
এই অনুষ্ঠানতে কেৱাৰ ইউ ৩৬৫ কেৱ অসম, অসম দৃষ্টিহীন ক্ৰীড়া সন্থা আৰু প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমেও সম্বৰ্ধনা জনায় চিমু দাসক ৷

