MATH PRACTICE: গণিত চৰ্চা আৰু ৰাষ্ট্ৰনীতি ভাৰতীয় জ্ঞান পদ্ধতিৰ অন্যতম বৈচিত্ৰ্যঃ জ্যোতি খাটনিয়াৰ
গণিত চৰ্চা আৰু ৰাষ্ট্ৰনীতি ভাৰতীয় জ্ঞান পদ্ধতিৰ অন্যতম বৈচিত্ৰ্যঃ জ্যোতি খাটনিয়াৰ
দক্ষিণ কামৰূপ মহাবিদ্যালয়ত অনুষ্ঠিত বিশেষ কৰ্মশালা
DD TIMES গুৱাহাটী, ২ নৱেম্বৰঃ ভাৰতীয় জ্ঞান পদ্ধতিয়ে এটা সামগ্ৰিকতাৰ ধাৰণাক বহন কৰে। এই ধাৰণাই জীৱনৰ সকলো দিশ সামৰি লয়। উপনিষদে যদি ব্ৰহ্ম জ্ঞানৰ কথা কৈছে, তেনেহলে অশোকৰ অনুশাসনমালাসমূহে ৰাষ্ট্ৰনীতিৰ দিশ নিৰ্ধাৰণ কৰিছে।

মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে আয়োজন কৰা ‘ভাৰতীয় জ্ঞান পদ্ধতি’ সম্পৰ্কীয় এদিনীয়া কৰ্মশালাত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ বিশিষ্ট কলা সমালোচক, প্ৰবন্ধকাৰ জ্যোতি খাটনিয়াৰে এই মন্তব্য আগবঢ়ায়।
সমল ব্যক্তি খাটনিয়াৰে লগতে কয় যে গভীৰ দাৰ্শনিক ভিত্তি থকা ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰয়োগৰ দিশটো বেছ বৈচিত্ৰময়।
মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, পণ্ডিত ড° বাণীকান্ত কাকতি, পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ ৰচনাৰাজী আৰু জীৱন পৰিক্ৰমাৰ উদাহৰণ দি ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰায়োগিক দিশটোলৈ তেওঁ আঙুলিয়াই দিয়ে।
মাধৱদেৱৰ নামঘোষাৰ “মোৰ সম পাপী লোক / নাহিকে ই তিনি লোক / তুমি সম নাহি পাপ হাৰি ” পদ ফাকিৰ উদ্ধৃতিৰে তেওঁ মাধৱদেৱৰ আত্মলঘিমা আৰু ভক্তি আৰু ঈশ্বৰৰ মাজৰ সম্পৰ্কক ব্যাখ্যা কৰে।
লগতে মানুহৰ আধ্যাত্মিক যাত্ৰাত কিয় মূৰ্তি ৰূপে ঈশ্বৰৰ ৰূপক কল্পনা কৰাৰ প্ৰয়োজন আছে, তাক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰসিদ্ধ ৰচনা The Religion of Love and Devotion ৰ আধাৰত তেওঁ ব্যাখ্যা কৰে। আনহাতে ভাৰতীয় চিন্তাৰ প্ৰায়োগিক দিশবোৰৰ ক্ষেত্ৰত গণিতৰ বিশাল ভূমিকাও তেওঁ এই ‘ভাৰতীয় জ্ঞান পদ্ধতিৰ জিলিঙনি’ শীৰ্ষক বক্তৃতাটোত উল্লেখ কৰে।
তেওঁ কয় যে জৈন পৰম্পৰাত গণিত চৰ্চাৰ এক বিশেষ ভূমিকা আছে। জীৱন সংসাৰ চক্ৰৰ পৰা মুক্তিৰ বাবে গাণিতিক অনুশীলনৰ প্ৰয়োজনীয়তাক জৈনসকলে বিশেষভাৱে উপলব্ধি কৰিছিল। জৈন পন্থাত গণিত চৰ্চা এক পৱিত্ৰ কৰ্ম।
বক্তা খাটনিয়াৰে জৈনসকলৰ বিশ্বৰ আয়তন উলিওৱাৰ প্ৰয়াস, তেওঁলোকে আটাইতকৈ ডাঙৰ সংখ্যাটোনো কি , তাক বিচৰাৰ গাণিতিক পদ্ধতি আদি উল্লেখ কৰে। জৈন গণিতত অসংখ্য আৰু অনন্তৰ ধাৰণাৰ পাৰ্থক্য কেনেদৰে উপস্থাপন হৈছে, সেই বিষয়েও বক্তা খাটনিয়াৰে বিৱৰি কয়।
বক্তাগৰাকীয়ে বৌদ্ধ মনোবিজ্ঞানক আমাৰ দৈনন্দিন জীৱনত কিদৰে প্ৰয়োগক কৰিব পাৰি সেই বিষয়েও উল্লেখ কৰে। লগতে ৰামানুজন , হাৰ্ডিৰ সংখ্যা বুলি জনাজাত ১৭২৯ ৰ বৈশিষ্ট আৰু তাৰ ভাৰতীয় গণিতত থাকিব পৰা উৎস সম্পৰ্কেও খাটনিয়াৰে কয়।
তেওঁ বক্তৃতাত তিনিগৰাকী ভাৰতীয় দাৰ্শনিক দয়া কৃষ্ণ , বিমলকৃষ্ণ মতিলাল আৰু জিতেন্দ্ৰনাথ মহান্তিৰ অৱদানকো স্মৰণ কৰে। দাৰ্শনিক দয়া কৃষ্ণই কিদৰে ভাৰতীয় চিন্তাক পুনৰ সৃষ্টিশীল কৰি তুলিব পাৰি, তাৰ বাবে যুগুতাই উলিওৱা কাৰ্য পদ্ধতিকো খাটনিয়াৰে বিৱৰি কয়।
ভাৰতীয় জ্ঞান পদ্ধতিয়ে কিদৰে স্থাপত্য আৰু ভাস্কৰ্য্যৰ জগতখনক দক্ষিণ পূব এছিয়ালৈকে প্ৰভাৱিত কৰিছে, সেই বিষয়টোৱেও খাটনিয়াৰৰ বক্তৃতাত স্থান পায়। লগতে দুই মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীভাগৰ পৰা আমি ল’ব পৰা শিকনিসমূহৰ কথাও এই বক্তৃতাত উল্লেখ কৰা হয়।
এই কৰ্মশালাত বক্তা খাটনিয়াৰে অংশগ্ৰহণকাৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। অনুষ্ঠানত আন এগৰাকী সমল ব্যক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সহযোগী অধ্যাপিকা ড° শকুন্তলা বৰাই এক সুদীৰ্ঘ বক্তৃতা প্ৰদান কৰে।
এই বক্তৃতাত অধ্যাপিকা ড° বৰাই ভাৰতীয় জ্ঞান পৰম্পৰাৰ ঐতিহাসিক ভিত্তি আৰু তাৰ বিভিন্ন দিশ বহুকেইখন তথ্যযুক্ত শ্লাইডৰ দ্বাৰা উপস্থাপন কৰে।
অনুষ্ঠানত আদৰণি ভাষণ কৰে আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° অৰ্চনা মালীয়ে।
অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ বিভিন্ন শৈক্ষিক প্ৰচেষ্টাৰ বিষয়ে অধ্যক্ষ ড° নৱজ্যোতি দাসে বিৱৰি কয়।অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই বুৰঞ্জী বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ড° ধ্ৰুৱজ্যোতি গগৈয়ে।

