ZUBEENDA: জুবিনদা, ভবাই নাছিলোঁ…
জুবিনদা, ভবাই নাছিলোঁ…
DD TIMESত লিখিছে নমিতা ডেকাই

ভবাই নাছিলো যেতিয়া জুবিন দাৰ “মায়া মাথোঁ মায়া” শুনিছিলোঁ, তেতিয়া যে এদিন জুবিন গাৰ্গ নামৰ এই শিল্পীজন এদিন পৃথিৱী বিখ্যাত হ’ব।
ভবাই নাছিলোঁ যেতিয়া জুবিন দাৰ কেছেটবোৰৰ ওপৰৰ ফটোবোৰ চাই চাই বিভোৰ হৈছিলোঁ, তেতিয়া কল্পনাওঁ কৰা নাছিলোঁ যে জুবিন দাই ইমান সুন্দৰ অভিনয়ো কৰিব পাৰিব।

এই লেখাৰ লেখিকা নমিতা ডেকা
ভবাই নাছিলোঁ ইমান বিখ্যাত, প্ৰতিভা সম্পন্ন শিল্পীগৰাকী ইমান মাটিৰ মানুহ হ’ব। ভবাই নাছিলোঁ “জুবিন গাৰ্গ”- এই মানুহজনে ফুটপাথৰ কাষত বস্তাত বহি পাচলি বেপাৰীজনৰ লগত মনৰ কথা পাতি থাকিব।
ফটোবোৰ চাই চাই মাথোঁ ভাবিছিলোঁ— আমি যাক ইমান ভাল পাওঁ, তেওঁ বাস্তৱত চাগে বৰ অহংকাৰী হ’ব। কাৰণ তেওঁ এতিয়া সকলোতকৈ উৰ্ধত। ভবাই নাছিলোঁ সঁচাকৈ জুবিন গাৰ্গৰ সমাধিত যে এটা দানপাত্ৰ ৰাখিবলগীয়া হ’ব।
আমিতো শুনিছিলোঁ, তেওঁ বহুত টকা পায়। লাখ লাখ টকা যেতিয়া দুখীয়া-ৰোগীয়া জনৰ বাবে বিলাই দিব পাৰে তেওঁৰ কিমান টকা থাকিব লাগিব ! ভবাই নাছিলোঁ তেওঁৰ একাউণ্টত যে মাত্ৰ দহ হাজাৰ টকাহে থাকিব।
ভবাই নাছিলোঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতি ক’তজন নিপাত যোৱাৰ পাছতো নিজৰ কথা নাভাবি এদিন জুবিন নামৰ সত্বাটজ গৰজি উঠিব।
সিদিনা মাত্ৰ কৈছিল হে দীঘলীপুখুৰী পাৰৰ গছ কাটি থাকিলে “কি ঘেন্টাডাল হ’ব তাত! য’ত গছ ৰুব লাগে তাত কাটি আছে। য’ত কাটিব লাগে ত’ত ৰুই আছে । আৰু মুখ মেলিম নেকি? মেলিব লাগিলে কিন্তু..।”
নাই ! তেওঁ মুখখন মেলিবলেয়েই নাপালে।
তেওঁ যোৱাৰ পাছদিনা হেনো দীঘলীপুখুৰীৰ পাৰত আকৌ কৰতৰ শব্দ ওলাইছিল। কেৰৰৰৰ…..কেৰৰৰ….। ভবাই নাছিলোঁ জুবিনদা যে সাগৰৰ বুকুত অকলে চটফটাই থাকিব।
ভাবিছিলো কি জানে? ষ্টেজত গান গাই থাকোতে ওচৰৰবোৰে দেখোন কাকো তেওঁক চুবলৈকে নিদিয়ে! ক’ৰবালৈ গ’লে চাগে তেওঁৰ গাত মহ এটাও পৰিব নোৱাৰে। ওচৰৰবোৰে চাগে তেওঁক বৰ আলসুৱাকৈ ৰাখে। নাৰাখিবনো কিয়— তেওঁ যে এটুকুৰা অদ্বিতীয় হীৰা!
যদি কেনেবাকৈ ক্ষয়-ক্ষতি হৈ যায় অসমে জানো শান্তিত থাকিব পাৰিব! সঁচাকৈ জুবিন গাৰ্গৰ সেই ওচৰৰকেইজন কিন্তু বৰ কৰ্তব্য পৰায়ণ আৰু বিশ্বাসী, বৰ বিশ্বাসী! সেইকাৰণেই কিজানি গৰিমা বৌয়ে ইমান বিশ্বাসত নিজৰ প্ৰাণৰ মানুহজনক তেওঁলোকৰ ওচৰত এৰি দিব পাৰিছে।
আৰু যে কত কি ভাবিছিলোঁ। ভবাই নাছিলো জুবিনদায়ো এদিন বিশ্বাসঘাটকতাৰ বলি হ’ব লাগিব বুলি। কিন্তু ভবাই নাছিলো জুবিন গাৰ্গৰ ক্ষেত্ৰতো নভবা কিবা হ’ব পাৰে বুলি।
কিন্তু সেয়াই হৈ গ’ল চাগে। ভবাই নাছিলোঁ এদিন জুবিন দাৰ ন্যায়ত ইমান পলম হ’ব বুলি আৰু তাৰ প্ৰতিবাদত অসমে চিঞৰি চিঞৰি কান্দিব লাগিব বুলি।
কথাবোৰ ক’ত আৰম্ভ হৈ ক’ত শেষ হ’ল একো নাজানো। কাকো দোষাৰোপ কৰিব নোৱাৰিম! যিহেতু পোষ্টমৰ্টেম ৰিপোৰ্টত কি লিখা আছে আমি দেখা নাই।
এতিয়াও আশাবাদী আমি। …আৰু এটা কথা, জুবিন দাই কৈছিল, “পলিটিক্স নকৰিবা বন্ধু।” অন্ততঃ এইখিনি সুখ তেওঁৰ আত্মাক আমি দিব নোৱাৰিমনে!

