POEM: পাৰ্থক্য
পাৰ্থক্য

DD TIMESৰ আজিৰ কবা ৰীতে ৰিদম
জুবিন– কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে
শাসক– গামোচাই সংখ্যা গৰিষ্ঠতা বঢ়াই চৰকাৰ বচাব পাৰে
জুবিন– মই আকৌ জনম ল’ম
শাসক– মই আকৌ অহাবাৰ ৰজা হ’ম

জুবিন– মোৰ কোনো জাতি নাই
শাসক– মোৰ জাতি আছে, মোৰ ভোট বেংক আছে
জুবিন– মোৰ কোনো ধৰ্ম নাই
শাসক– মোৰ ধৰ্ম আছে। হিন্দু, মছলমান, খ্ৰীষ্টিয়ান, শিখ…
জুবিন– মোৰ কোনো ভগৱান নাই
শাসক– মোৰ হাই কামাণ্ড আছে
জুবিন– মই মানুহ
শাসক– মই মানুহ
জুবিন– মই মুক্ত, মই কাঞ্চনজংঘা
শাসক– মই ভক্ত, মই ত্ৰাণকৰ্তা
হয়, আমি মানুহ। একে ৰক্ত।একে মঙহ। মন কিন্তু ভিন্ন…! পাৰ্থক্য মতাদৰ্শ…!
ধৰ্মৰ নামত কলংক
ৰাজনীতিৰ নামত কলংক
মানুহৰ মাজতে দ্বন্দ্ব, উচ্চ-নীচ্চ
কিয় …? কিয়…? কিয়…?
জুবিনৰ মতাদৰ্শই সমাজখনক মৰমৰ এনাজৰীৰে বান্ধিব খোজে।
ৰাজনীতিয়ে এই বান্ধোন চিঙি চুৰমাৰ কৰিব খোজে।

