POEM: ৰ’দ বিচৰা মানুহজন
ৰ’দ বিচৰা মানুহজন

DD TIMEৰ আজিৰ কবি গীতা হাঞ্ছেপী
মানুহজনে কেৱল ৰ’দ বিচাৰিছিল
নিজৰ বাবে নহয়
বিচাৰিছিল মানুহৰ বাবে৷
ৰাজনীতি তেওঁৰ প্ৰিয় শব্দ নাছিল
তেওঁ কাহানিও বিচৰা নাছিল
হিংসা আৰু অশান্তিৰ অসম
তেওঁ ভালকৈয়ে বুজিছিল
হিংসাতকৈ অহিংসা বহু বেছি শক্তিশালী৷
তেওঁৰ কোনো জাতি নাছিল
তেওঁৰ কোনো ধৰ্ম নাছিল
সকলোকে নিজৰ কৰি ল’ব পৰাকৈ
তেওঁৰ আছিল এখন বিশাল হৃদয়৷
হৃদয় সেউজী ধৰাত
ৰ’দৰ ফুল ফুলাবলৈ বিচৰা
ৰ’দৰ মানুহজনে জানিছিল
মানুহৰ পৃথিৱীত
অমানুহে শোভা নাপায়
ঈশ্বৰ থকা পৃথিৱীত
দানৱৰ মূল্য তেনেই নগন্য৷
তেওঁ কৈছিল
তেওঁ গছ নহয়
তেওঁ হেনো মাটি ফালি ওলোৱা
বসুমতী আইৰ হাঁহিৰ পোহৰ৷
এই মায়াৰ ধৰাত
দুদিন মাথোঁ থাকি
মানুহজনে শিকাই থৈ গ’ল
ধুমুহাৰ স’তে নাচিবলৈ
আন্ধাৰৰ স’তে যুঁজিবলৈ৷
মুক্ত বিহংগৰ দৰে
বুকুত অহৰহ সুৰৰ সুৰ লৈ ঘূৰি ফুৰা
মানুহজন গ’লগৈ
অসমৰ বুকুলৈ বাৰিষাৰ ধল বোৱাই
মানুহজন গ’ল যে গ’লেই৷
পোহৰৰে চাকিগছি জ্বলাই
তেওঁ আজি সকলোৰে পোহৰৰ বাট
নথকাৰ অনুভৱত এতিয়া
অধিক ভৰুণ হৈ পৰিছে তেওঁৰ উপস্থিতি
মায়াবিনী ৰাতিৰ বুকুত
আমি দেখিছোঁ
মানুহজন ঈশ্বৰ হোৱাৰ ছবি৷

