1861: ১৮৬১ চনৰ সংগঠিত কৃষকৰ বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ “ফুলগুৰি ধেৱা” আজিও উপেক্ষিত
১৮৬১ চনৰ সংগঠিত কৃষকৰ বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ “ফুলগুৰি ধেৱা” আজিও উপেক্ষিতঃ ১৬৪ সংখ্যক দিৱসত উদযাপনৰ প্ৰস্তূতিঃ আজিও সম্পূৰ্ণ আহত- নিহতৰ তথ্য প্ৰকাশ নহ’ল
DD TIMES ৰহা, ১৭ অক্টোবৰঃ
“অ’ আইটী এদোন ধান দোদোন ধান।
অ’ আইটী ফুলগুৰি ধেৱাখন।
অ’ আইটী কেনেকৈ লাগিলে।
অ’ আইটী তিনিজোপা আহঁতৰ তলতে।
অ’ আইটী ধেৱাখন লাগিলে।
লক্ষণ চিং, ৰূপচিং, মৰাচিং, বিৰচিং, হেবেৰা লালুং।
বাহু, বনমালী
অ’ আইটী তিনিজোপা আহঁতৰ তলতে…”
( ফুলগুৰি ধেৱা, বেনুধৰ কলিতা )

বৃটিছৰ শাসনত কৰৰ বোজাৰ বাবে অতীষ্ঠ হোৱা মধ্য অসমৰ কৃষক সকলৰ এক সংগঠিত ৰাইজমেলৰ পাছত শাসকৰ বিৰুদ্ধে হোৱা প্ৰথমখন ৰণ হৈছিল ফুলগুৰিত । ১৮৬১ চনৰ ১৮ অক্টোবৰত কৃষকৰ লাঠিৰ কোবত ইংৰাজ চাহাবৰ মৃত্যু আৰু ইয়াৰ পাছত বিট্ৰিছৰ পুলিচৰ গুলীত বহু লোকৰ মৃত্যু আৰু আহত হোৱা ঘটনাটোৱেই চহা কৃষকৰ মনত ৰেখাপাত কৰিছিল । তাৰেই ফলশ্ৰুতিত চহা কৃষকে লিখিছিল বহু ‘বেলাড ‘। সাধাৰণ লোকে এই ঘটনাটোৰ কাহিনী লৈ লিখা কাহিনী গীতৰ সুৰে আদিও সোঁৱৰাই ” ফুলগুৰি ধেৱা” ৰ কৰুণ বতৰা । এই ৰণত কোৱা হৈছিল ‘ধেৱা ‘ বুলি ।
“ধেৱা “মানে ৰণ বা যুঁ’জ। তিৱা ভাষাৰ শব্দ এই ধেৱা শব্দটো । ‘ধেৱা’ শব্দটো তিৱা ভাষাৰ ‘ তাৱা’ শব্দৰ পৰা উৎপত্তি হৈছে । (” ৰহাৰ ৰহিয়াল বৰুৱা আৰু পাঁচ ৰজা পোৱালি “- গ্ৰন্থৰ ফুলগুৰি ধেৱা – গনেশ সেনাপতি )। ভাৰতবর্ষ স্বাধীন হোৱা ৭৫ বছৰ হ’ল। কিন্তু “ফুলগুৰি ধেৱা” বা কৃষক বিদ্রোহ আজিও স্বাধীনতাৰ বুৰঞ্জীত যেনেদৰে স্থান পাব লাগিছিল তেনে স্থান পোৱা নাই । ৰজাঘৰ -প্ৰজাঘৰ কোনোৱেই সেই লালুং, কছাৰী আৰু অনুসূচীত জাতিৰ বীৰ সকলক সম্মান নজনালে। ড’ সুভাষ সাহাই তেখেতৰ “ফুলগুৰিৰ কৃষক বিদ্রোহ” এটি সমীক্ষাত উল্লেখ কৰিছে আচলতে ফুলগুৰি কৃষক বিদ্রোহ প্রধানতঃ লালুং, কছাৰী সম্প্রদায় আৰু নিম্ন মধ্যবিত্ত সকলে অংশ গ্রহন কৰাৰ প্রমান আছে, আনকি মৌজাদাৰ সকলেও অংশ গ্রহন কৰিছিল। কিন্তু প্রধানতঃ লালুং জনজাতি সকলে এই বিদ্রোহত অগ্রগন্য ভূমিকা লৈছিল আৰু নির্বাচিতও হৈছিল আটাইতকৈ বেছি।
আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত (১৬৪৮-১৬৫৩) টোপাকুছি, বাৰপুজীয়া আৰু
মিকিৰগঞা ৰাজ্য প্রতিষ্ঠাৰ পাছত খাইগড়, সৰাগাৱঁত লালুং ৰাজ্য প্রতিষ্ঠা হৈছিল। এই পাচোজনা ৰজাক আহোম ৰাজ প্রতিনিধি ৰহিয়াল বৰুৱাক “তাবে” দিছিল। এই ৰজা পোৱালীসকলে নিজস্ব এলেকাত দোলা, ঘোৰা, চাবুক, চমতা, ৰাজ বিষয়া আৰু শাসন পৰিষদ, পাত্র মন্ত্রীৰে গঠন কৰিব পাৰিছিল। নিজা সৈন্য দলো গঠন কৰিব পাৰিছিল। আহোম ৰজাক যুদ্ধ বিগ্রহৰ সময়ত এই ৰজা পোৱালী সকলে ৰচদ পাতি আৰু সৈন্য সামন্তও যোগান ধৰিব লাগিছিল। সেই সময়ত প্রচলিত এটা প্রবাদ আছিল “পাঁচো ৰজাৰ মাহ-চাউল, ৰহিয়াল বৰুৱাৰ বৰ সবাহ” ।
১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখে সংঘটিত হোৱা এই ধেৱাত ৰহিয়াল বৰুৱাৰ অধীনৰ পাঁচো ৰজাপোৱালীয়ে মুখ্য ভূমিকা গ্রহন কৰিছিল। তাৰ ভিতৰত টোপাকুছিৰ ৰজা ঘনচিং আছিল এই ধেৱাৰ জংগী ৰূপ দিয়াৰ মূল কাণ্ডাৰী। তেওঁৰ মূখ্য সহযোগী আছিল বাৰপুজীয়া ৰজা, শুভচিং, খাইগৰীয়াৰ মথৌ ৰজা আৰু খাইগড়ৰ পাটৰ বিষয়া। ইয়াৰ উপৰিও সাতো ৰজা পোৱালী আৰু নগঞা ৰাইজ। টোপাকুছি ৰজাৰ দ্বিতীয়খন ৰাইজ মেলত কটহগুৰি গাৱঁৰ টোপাকুছি বজাৰ সেনাপতি কুলছিং সেনাপতি ঘৰৰ লক্ষণ সিং ডেকাক ধেৱাৰ সেনাপতি পাতে। লক্ষনসিঙব শাৰিৰীক বল আৰু ৰণকৌশলত ৰাইজৰ তেওঁৰ ওপৰত গভীৰ আস্থা হৈছিল। তেওঁৰ সহযোগী হিচাপে চাংবৰ লালুং, ৰংবৰ ডেকা, চিপচিং লালুং, চোৱাবৰ লালুং, নৰসিং লালুং, শাকবৰ লালুং, কুলামন দলৈ আদি বহুতো জংগী নেতা আছিল।
“টোপাকুছীয়া ৰজাই দ্বিতীয়খন ৰাইজ মেলতেই ফৌজখন পাতিলে।” ভিবি কমাৰক (লালুং) আৰু চোৱাবৰ লালুংক যুদ্ধৰ আহিলা লাংকুই, যাঠি, দা, কাৰফাই ধনু, কাঁৰ, খাৰ-বাৰদ আদি মজুত কৰিবলৈ আদেশ দিলে। ১৮২৬ চনত মান ৰজা আৰু ইষ্ট ইন্ডিয়া কোম্পানীৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধি মতে অসম ইংৰাজৰ হাতলৈ গ’ল। ইংৰাজে অসম দখল কৰি চাৰিওফালে নতুন নতুন আইন কানুনৰ সূচনা কৰিলে।
নতুন কৰ ৰাইজৰ বাবে আচহুৱা লাগিল। ৰজাপোৱালী সকলে ইমানদিনে ভোগ কৰি অহা বিশেষ ক্ষমতা বিলোপ কৰিলে। ৰজা পোৱালী সকল বিদ্রোহী হৈ উঠিল। ইয়াৰ সমান্তৰালকৈ বঢ়ালে খাজানা আক বস্তুৰ দাম। পাইক প্রথা বিলোপ কৰি মাটিৰ মালিকনা ইংৰাজে নিজৰ হাতলৈ নিলে।
অতিপাত খাজানা বৃদ্ধি আৰু ১৮৫৮ চনৰ আগষ্ট মাহত নগাঁৱলৈ অহা জিলা উপায়ুক্ত কর্নেল হার্বার্ড স্কন্চ চাহাবে ৰায়তৰ প্রতি কৰা অত্যাচাৰে নগঁঞা ৰাইজক বাৰুকৈয়ে জ্বলালে। লেফটেনেন্ট স্কনচ্ চাহাব এজন অতি অত্যাচাৰী শাসনকর্তা আছিল। তেওঁক দেখা কৰিবলৈ যোৱাতোও দোষনীয় আছিল। তেওঁৰ এক মাত্র লক্ষ্য আছিল অত্যাচাৰ উৎপীড়নৰ জৰিয়তে ৰাইজৰ পৰা খাজানা আদায় কৰাটো। বংগৰ লেফটেনেন্টগৱৰ্ণৰ চাৰ চিৰ্চিল বিডনৰ মতেও ডেপুটি কমিছনাৰ স্কচে ব্যক্তিগত ভাৱে ৰায়তক লগ ধৰি তেওঁলোকৰ ওজৰ আপত্তি নুশুনাৰ ফলতেই ফুলগুৰিত তেনে ঘটনা ঘটিবলৈ পালে। (Political History of Assam Vol-I) ১৮৬০ চনত আফু খেতি কৰাতো আইন কৰি বন্ধ কৰিলে। আফুখেতি বন্ধ কৰাটো ইংৰাজ চৰকাৰৰ এক প্রহসনহে আছিল। ৰাইজৰ হাতৰ পৰা আফু খেতি উঠাই নি চৰকাৰে নিজে কৰি ৰাজহ গোটোৱাৰহে উদ্দেশ্য আছিল। ১৮৬১ চনত নতুনকৈ আয়কৰ লগালে। ইমানদিনে বিনা কৰে ৰাইজে ভোগ কৰি অহা বননিৰ কাঠ বাঁহ, ইকৰা, খাগৰি, খেৰ, তামুল-পাণ আৰু কোৰ খনে প্রতি, নাঙলটোরে প্রতি লগোৱা নতুন কৰে ৰাইজক চেপেতা লগালে। জনকর্থ মিছনেৰি এজনে ইংৰাজ চৰকাৰলৈ এখন দর্যাস্তত উল্লেখ কৰিছিল-“মই কব খোজো যে বর্তমান চৰকাৰৰ খাজানা তোলাই যদি একমাত্র ইচ্ছা, তাৰবাবে জনসাধাৰণক জীৱন ধাৰণৰ সা-সুবিধা কিছুমান দিব লাগিব।” (Mills Report-P-89)। উপর্যুপৰি খাজানা কৰ কাটলৰ হেচাত অতিষ্ঠ হৈ ১৮৬১ চনৰ ১৭ চেপ্তেম্ববৰ দিনা ১০০০ লোকৰ এটা সমদল আহি হাবার্ড স্কচ চাহাবক অনুনয় বিনুনয় কৰিও কোনো সুফল নাপালে। ওলোটাই ৰাইজক লকাপত ভৰাই থলে।
এই বিষয়ে আলোচনা কৰিবলৈ টোপাকুছিয়া ৰজাৰ নেতৃত্বত দ্বিতীয়খন ৰাইজমেল হৈ যোৱাৰ পাছত এইবাৰ বহল ভাবে অন্যান্য অঞ্চলৰ বাইজকো নিমন্ত্রণ কৰি ১৮৬১ চনৰ ১৫ অক্টোবৰৰ পৰা ৫ দিনীয়াকৈ ৰাইজমেল পাতিবলৈ সিদ্ধান্ত ললে। ” The meeting was scheduled to be held at Phulaguri on 15th oct. for five days at a strech so as to enable the ryots of the remortes village to take part in its delibarations ” (Political History of Assam, Vol-1)
১৮ অক্টোবৰৰ দিনা নতুনকৈ অহা এচিষ্টেণ্ট কমিছনাৰ কর্ণেল চিংগাৰ চাহাব আৰু দাৰোগা, চিপাহী, বৰকাণ্ডাজ সহ আহি ফুলগুৰি পালেহি। চিংগাৰ চাহাবে ৰাইজৰ হাতত লাঠি দেখি চিপাহীবোৰক হুকুম দিলে ৰাইজৰ হাতৰ পৰা লাঠিবোৰ কাঢ়ি আনিবলৈ। ৰাইজ উত্তেজিত হৈ পৰিল। চিংগাৰ চাহাবৰ লগত বিদ্রোহীৰ হতাহতি হ’ল। উত্তেজিত ৰাইজে চিংগাৰ চাহাবক লাখুটিৰে কোবাই মাৰি কলঙত উটোৱাই দিলে। সেইদিনা পুলিচৰ গুলিত ৯ জন লোকে প্রাণ হেৰুৱালে। বহু আঘাটপ্রাপ্ত হ’ল। ২৪ অক্টোবৰৰ দিনা আকৌ ঘটনাস্থলিতে বিদ্রোহীসকলৰ সভা বহিল। কেপ্তেইন কেম্বেলৰ নেতৃত্বত ৫০ জন চিপাহী আহি এজনো সাৰি যাব নোৱাৰাকৈ ঘেৰি ধৰি গুলীয়াবলৈ ধৰিলে। জাউৰীয়ে জাউৰীয়ে মৰা গুলীত ৩৯ জন লোকৰ মৃত্যু হ’ল। বহু লোক গুৰুতৰ ভাৱে আহত হ’ল। ‘Political History of Assam’ ত উল্লেখ আছে “Henry Hopkinson made immediate arrangement for despatch of troops from Tezpur and himself arrived on 23rd oct. with a party of the Assam light infantry ” হেনৰী হপকিন্সন চাহাবে ফুলগুৰি, নেলি, ৰহা, কচুহাট আদি ঠাইবোৰৰ পূৰ্বৰ লালুং ৰজা পোৱালী সহ ৪১ জনক গ্ৰেপ্তাৰ কৰে। অমানুষিক হত্যাকাণ্ডৰ পাছত ঘটনাস্থলীলৈ কোনো লোকক যাবলৈ দিয়া হোৱা নাছিল। পুলিচ মিলিটেৰীয়ে শ বোৰ ঘেৰি আছিল। শ বোৰৰ পৰা গোন্ধ ওলোৱাত
পুলিচবোৰ আতৰি যোৱাত আত্মীয় সকলে শ বোৰ ফুলগুৰিৰ পৰা ৫ কিলোমিটাৰ দক্ষিনে এখন বিলৰ পাৰত সমুহীয়াকৈ দাহ কৰে। সেই বিলখন আজিও “মানুহ পোৰা বিল” নামে জনাজাত। ৰহা, ফুলগুৰি অঞ্চলত পাইকাৰী জৰিমনা লগালে। লাইট ইনফেনট্রিৰ চিপাহীয়ে ফুলগুৰিত চাউনী পাতি পহৰা দিয়াৰ নামত অত্যাচাৰ চলালে। তিৰোতা মানুহ সিহঁতৰ পাশবিক অত্যাচাৰৰ বলি হ’ল। ৰাইজৰ ওপৰত হোৱা অমানুষিক অত্যাচাৰ সহিব নোৱাৰি ধেৱাৰ সেনাপতি কটহগুৰি গাৱঁৰ লক্ষন সিং ডেকা, টোপাকুছিৰব বংবৰ ডেকা আৰু ঔ গুৰিৰ চাংবৰ লালুঙে স্কচ চাহাবৰ আদালতত ধৰা দিলে। ডেপুটি কমিছনাবে বিনাজুৰিৰে সদৰ জেলত নামমাত্র বিচাৰ পাতি অনাদৰ পুলিচ মহৰী, হলধৰ দাৰোগাৰ জাবানবন্দী আৰু জেইল দাৰোগা, সদৰ থানাৰ কেৰাণী জামাদাৰ, কীর্তিনাথ মহৰী আদিৰ জবানবন্দীৰ ওপৰত ভিত্তি কৰি লক্ষন সিং ডেকা, ৰংবৰ ডেকা, আৰু চাংবৰ লালুঙক নগাঁও জেলত ফাঁচী দিলে। তাৰোপৰি ৰূপসিং লালুং, চিপচিং লালুং, নৰসিং লালুং, হেবেৰা লালুং, বাহু কৈৱৰ্ত আৰু বনমালী কৈৱৰ্তক যাৱতজ্জীবন কাৰাদণ্ড দি কলীয়াপানীলৈ পঠালে। এই হুকুমৰ বিৰুদ্ধে কলিকতাৰ সদৰ জৰ্জৰ আদালতত আপীল হৈছিল। কটি লালুং, অম্বা লালুং, জব লালুং, কটিয়া লালুং, মহী কোছ আৰু কলী ডেকা প্রভৃতি একত্রিশ জনক এবছৰৰ পৰা দহবছৰ পৰ্যন্ত সশ্রম কাৰাদণ্ড বিহা হয়।
ফুলগুৰি বিদ্ৰোহৰ মূল কাৰণ আছিল অর্থনৈতিক। কিন্তু এই লোমহর্ষক ঘটনাটোৰ সম্পৰ্কত ‘অৰুনোদই সংবাদ পত্রত’ কানিয়াৰ বিদ্ৰোহ বুলি উল্লেখ কৰিছিল। ফুলগুৰিৰ বিদ্রোহ আছিল প্রত্যক্ষভাৱে ইংৰাজ ৰাজ শাসনৰ বিৰুদ্ধে কৰা ভাৰতৰ প্ৰথম কৃষক বিদ্রোহ। কিন্তু পৰিতাপৰ কথা সেই মান্যতা আজিও ফুলগুৰিৰ সেই দুখীয়া কৃষকে নাপালে। বঞ্চিত কৃষকৰ সংগঠিত ৰূপৰ বহিঃপ্ৰকাশ ফুলগুৰি ধেৱাৰ ঐতিহ্য আৰু বাস্তৱ ঘটনাৰ নিৰপেক্ষ বিজ্ঞান সম্মত অধ্যয়ন আৰু গৱেষনা আজিও হৈ উঠা নাই। অসমৰ বুৰঞ্জী ৰচনাৰ এটা সবল পৰম্পৰা থকাৰ পিছতো ফুলগুৰি ঐতিহাসিক কৃষক বিদ্রোহ বৰ বেয়াকৈ উপেক্ষিত হৈ ৰ’ল। (ড° দেবব্রত শর্মা) ইতিহাসৰ লেখকসকলে আন্ধাৰতে পেলাই থলে। সাধাৰণ মানুহৰ কথা লিখিবলৈ পাহৰি গ’ল। ফুলগুৰি ধেৱা দুখীয়া কৃষকৰ এক বেথা ভৰা ইতিহাস। বেনুধৰ কলিতাৰ লিখনি , আন কেইবাজনো লোকৰ ফুলগুৰি ধেৱা বিষয়ক গ্ৰন্থ, নগাঁও মহাপেছখানাত থকা হলধৰ দাৰোকাৰ ঘটনা সম্পৰ্কে চৰকাৰলৈ আত্মপক্ষ সমৰ্থন কৰি লিখা বিৱৰণিৰ বাহিৰে অন্য তথ্য পাবলৈ নাই। ঘটনাটোত প্ৰকৃততে কিমান জন আহত হ’ল, কিমান জন আহত হ’ল। কলীয়াপানীলৈ (আন্দামানৰ চেলুলাৰ জেল) পঠিওৱা কিমান জনে ঘুৰি আহি নিজ ঘৰ পালে । আহত -নিহত সকলৰ বংশ পৰিচয় আজি যুৱ প্ৰজন্মই নাজানে ।
আজিও একাংশই ঘটনাটো বিষয়ে গাব জানে –
” হেৰ’ মনিৰাম ফুলগুৰি ধেৱাখন /
হেৰ’ মনিৰাম কেনেকৈ লাগিলে /
নলডোম বাহুডোম গদপতে মৰিলে /
হেৰ’ মনিৰাম লাখুটি ধৰিলে /
কাকূতি কৰিলে কেঁকুট কেঁকুট //
‘বেনুধৰ কলিতাৰ- ফুলগুৰি ধেৱা’ৰ উল্লেখ থকা মতে হাতীগড় মৌজাৰ বাহু কৈৱৰ্ত আন্দামানৰ পৰা ১৯১৩ চনত প্ৰথম মহাসমৰৰ আগে আগে ফুলগুৰি বিদ্ৰোহৰ ৫৩ বছৰৰ পিছত ‘ এমডেন’ নামৰ জাৰ্মান জাহাজ এখনত উঠি বহু লোকক ভাৰত ভূমিত এৰি দিয়ে। বাহুৱে আহি পৈত্ৰিক গাওঁ দেউবালিত বসবাস কৰি পুনৰ বিয়া পাতে। ১৯২৩/২৪ চনত ৯০ চনত বাহুৰ মৃত্যু হয়।

