MATHONI FESTIVAL OF ASSAM: দৰঙৰ ঐতিহ্যমণ্ডিত দেবানন্দ সত্ৰৰ মথেনী উৎসৱ
দৰঙৰ ঐতিহ্যমণ্ডিত দেবানন্দ সত্ৰৰ মথেনী উৎসৱ
DD TIMESত লিখিছে ড° দীপক কাকতিয়ে
দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ দেবানন্দ সত্ৰত অনুষ্ঠিত মথেনী উৎসৱ এটা সুকীয়া বৈশিষ্ট্যপূৰ্ণ উৎসৱ।প্ৰতি বছৰে আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা এই উৎসৱ মহা পয়োভৰেৰে দুদিনীয়াকৈ অনুষ্ঠিত হয়। মূলতঃ ই এটা ধৰ্মীয় উৎসৱ। দেবানন্দ সত্ৰৰ বাদে অসমৰ আন কোনো ঠাইতে এই উৎসৱ পালন কৰা নহয়।কেতিয়াৰ পৰা এই সত্ৰত মথেনী উৎসৱৰ পাতনি মেলিছিল তাৰ বিতং তথ্য পোৱা নাযায় যদিও জনশ্ৰুতি অনুসৰি দেবানন্দ সত্ৰৰ পূৰ্বপুৰুষ সতানন্দৰ দিনৰ পৰাই ই সত্ৰাকাৰে প্ৰতিষ্ঠিত হয়।

পৰৱৰ্তী কালত তেখেতৰ সুযোগ্য পুত্ৰ দেবানন্দক সত্ৰাধিকাৰ হিচাপে দায়িত্বভাৰ দিয়া হয়। তেখেত এজন ধাৰ্মিক, অতি বিচক্ষণ, শুদ্ধাচাৰী, বিজ্ঞ আৰু সংস্কৃত পণ্ডিত আছিল। তেখেতে দশম স্কন্ধ ভাগৱত, শ্ৰীকৃষ্ণ গীতা(সংস্কৃত), চতুৰ্থ স্কন্ধ ভাগৱত আদি কেইবাখনো ধৰ্ম সম্বন্ধীয় পুথি ৰচনা কৰিছিল, যিবোৰ আজিও সত্ৰত সংৰক্ষিত হৈ আছে। তেখেতৰ নাম অনুসৰি এই সত্ৰৰ নাম দেবানন্দ সত্ৰ হয়। ইয়াৰ আগেয়ে এই সত্ৰক বৰসত্ৰ বুলিহে জনা গৈছিল। তেখেতৰ যত্নতেই দেবানন্দ সত্ৰই দৰঙৰ ভিতৰতে এখন জাকত-জিলিকা সত্ৰলৈ পৰিণত হয়।

পূৰ্বৰে পৰা বংশানুক্ৰমে কিছু বছৰ সত্ৰাধিকাৰ পাতি সত্ৰৰ কাম-কাজ চলোৱাৰ পিছত আজি প্ৰায় দুশ বছৰ মান আগৰ পৰা সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে সত্ৰৰ কাম-কাজ পৰিচালিত হৈ আহিছে। দেবানন্দ সত্ৰ এখন দামোদৰীয় সত্ৰ। দেবানন্দ সত্ৰৰ প্ৰতিষ্ঠা কাল সম্পৰ্কে কোনো লিখিত প্ৰামাণ্য তথ্য পোৱা নাযায় যদিও দৰঙৰ বিখ্যাত মহাপুৰুষীয়া সত্ৰানুষ্ঠান খটৰা সত্ৰৰ পিছত প্ৰতিষ্ঠিত হয় বুলি কোনো কোনোৱে অনুমান কৰে। জনশ্ৰুতি মতে ৰাণী ফুলেশ্বৰীৰ দিনত এই সত্ৰ প্ৰতিষ্ঠা হয়। গতিকে ১৭১৪ খৃ ৰ পৰা ১৭৪৪ খৃ. ৰ ভিতৰত প্ৰতিষ্ঠিত হ’ব পাৰে বুলি লেখক ৰজনীকান্ত বৰুৱাই অনুমান কৰিছে।দৰঙী ৰজাসকলৰ দিনত এই সত্ৰৰ উত্তৰোত্তৰ উন্নতি হৈছিল আৰু যথেষ্ট মাটি -বাৰী দান কৰিছিল বুলি জনা যায়।
এই সত্ৰত বিষ্ণু পূজাহে চলে। কিন্তু আজিকালি লক্ষ্মী পূজা, সৰস্বতী পূজা, জন্মাষ্টমী আদি উৎসৱো পালন কৰা দেখা যায়। সত্ৰৰ মণিকূটত এটা কচ্চপৰ ওপৰত অনন্ত বাসুকী আৰু চতুৰ্ভূজ কৃষ্ণৰ মূৰ্তি স্থাপন কৰা আছে। বিষ্ণু পূজাৰ লগতে মানুহৰ মন আকৃষ্ট কৰিবলৈ সত্ৰত মথেনী উৎসৱ পতাৰ ব্যৱস্থা কৰিলে। বিশিষ্ট লোক সংস্কৃতিবিদ ড০ নবীন চন্দ্ৰ শৰ্মাই মথেনী শব্দটোৰ উৎপত্তি সম্পৰ্কে এনেদৰে মন্তব্য কৰিছে – “মথেনী বা মথনী শব্দটো সংস্কৃত ‘মন্থন’ শব্দৰ পৰা বিকাশ হৈছে। সংস্কৃত মন্থন+ ইকা>মথন+ঈ ) মথনী>মথেনী।”(অসমৰ লোক সংস্কৃতিৰ আভাস, পৃ: ২৯৪)।
শাস্ত্ৰ অনুসৰি অসুৰৰ ভয়ত দেৱতাসকল অতীষ্ঠ হৈ ব্ৰহ্মাৰ ওচৰলৈ যায়। তেওঁ দেৱতা সকলক লগত লৈ অনন্ত বিশ্বৰ গৰাকী কৃষ্ণৰ ওচৰলৈ গৈ আবেদন কৰাত বিষ্ণুৱে ক্ষীৰ সাগৰ মথি লক্ষ্মী দেৱীক উদ্ধাৰ কৰিবলৈ পৰামৰ্শ দিলে। সেই মতে মেৰু গিৰিক দণ্ড হিচাপে লৈ বাসুকীক জৰী কৰি এফালে অসুৰ আৰু আনফালে দেৱতা সকলে সাগৰ মন্থন কৰে। সাগৰ মন্থনত কালকূট বিষ, উচ্চৈশ্ৰবা ঘোঁৰা,ঐৰাৱত হাতী, লক্ষ্মী,অমৃত আদি বস্তুবোৰ উদ্ধাৰ হ’ল। সেই মতে সৃষ্টি ৰক্ষা পৰিল আৰু দেৱতা সকলৰ জয় হ’ল।
শাস্ত্ৰত বৰ্ণিত দেৱতা আৰু অসুৰৰ প্ৰতীকী সাগৰ মন্থন আৰু দেৱতা -অসুৰৰ যুদ্ধৰ নাটকীয় কাহিনীৰ অভিনয়ৰ মাজেদি জনসাধাৰণৰ মাজত ধৰ্মীয় চেতনা আৰু অমৃত(বা কল্যাণ) সৃষ্টিৰ উদ্দেশ্যেৰেই পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে।এয়ে থূলমূলভাৱে মথেনী উৎসৱ।
মথেনীৰ দিনা ৰাতিপুৱাৰে পৰা সত্ৰত বিষ্ণু পূজা ,হোম পাঠ আৰু নাম -কীৰ্তন অনুষ্ঠিত হয়। সন্ধিয়া ৮ মান বজাত মথেনী উৎসৱৰ মূল কাৰ্য তথা অপৰিহাৰ্য অংগ সাগৰ মন্থনৰ দৃশ্যৰ অভিনয় আৰম্ভ হয়। সেই কাৰণেই এই উৎসৱৰ নাম মথেনী উৎসৱ।এই মথেনী উৎসৱৰ জৰিয়তে কৃষ্ণ মাহাত্ম্যৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি মানুহৰ মনলৈ ধৰ্মীয় চেতনা আৰু ভক্তিৰ সোঁত বোৱাবলৈ চেষ্টা কৰা হৈছে।এই উৎসৱ কাতি বিহুৰ দিনা উদযাপন কৰাৰ এক বিশেষ তাৎপৰ্য আছে।
কাতি বিহুত আমি খেতি পথাৰত চাকি-বন্তি জ্বলাই লক্ষ্মীক আদৰো আৰু তুলসীৰ তলত চাকি জ্বলাও। গতিকে ইয়ে সাগৰ মন্থনত ওলোৱা লক্ষ্মীৰ প্ৰতি মানুহৰ মন আকৃষ্ট কৰাৰ লগতে কৃষ্ণ বা বিষ্ণু ভক্তিৰ ভাৱো মনলৈ আনে। আনহাতে খেতিৰ শস্য বোৰকো মানুহে লক্ষ্মী জ্ঞান কৰে আৰু এই দিনটোতেই শস্য শ্যামলা ধাননি পথাৰত প্ৰথম ধানৰ গেৰ ওলাই প্ৰকৃতিৰ বুকু নদন-বদন হৈ মানুহৰ মনত অফুৰন্ত আনন্দৰ হেন্দোলনি তোলে। সেই কাৰণে বোধ কৰো কাতি বিহুৰ দিনা খনেই মথেনী উৎসৱটো পতাৰ বাবে বাচি লৈছিল।
মথেনীৰ দিনাখন সত্ৰৰ বাকৰিত এখন ডাঙৰ মেলাও অনুষ্ঠিত হয়। মেলাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হাজাৰ -বিজাৰ মানুহৰ সমাগম হোৱাও দেখা যায়। নিঃসন্দেহে দেবানন্দ সত্ৰৰ মথেনী উৎসৱ এক সমন্বয়ৰ উৎসৱ।
