POEM: পম্পী বৰুৱাৰ কবিতাঃ ফুলৰ ৰং
ফুলৰ ৰং
DD TIMESৰ আজিৰ কবি পম্পী বৰুৱা

শুনা চোন শুনা
আহাঁ সকলোৱে পাতো
ৰং বিৰং ফুলৰ কথা।
ফুলে ফুলে পখিলা উৰে
গুণ গুণ কৈ ভোমোৰাই মাতে
মৌ জাকো উৰি আহি
ফুলৰ সৈতে কথা পাতে
তাকে দেখি ফুলবোৰে মিচিক মাচাক হাঁহি মাৰে।
গোলাপ ফুলৰ ৰঙা ৰং
বেলি ফুলে দিয়ে মনৰ ৰং
তগৰ ফুলৰ বগা ৰং
ডালিয়া ফুলৰ নানা ৰং
খৰিকাজাইৰ গোন্ধত পাগল মন
বুকুত ঢালে পোহৰৰ ৰং।
সৰু সৰু পাহি মেলি
ডালে পাতে থাকে বহি
বতাহে উৰুৱাই আনে তোমাৰ গোন্ধ
মনৰ দুৱাৰত খৰিকাজাই গোন্ধ।
শীতল পোৱাত যেতিয়া ৰ’দালি উঠে
মোৰ মনত ডালিয়া ফুল ফুলি উঠে
কিমান যে ৰং, কিমান হাঁহি
দালে-পাতে বিলাইছে পৃথিৱী ভৰি।
আকাশত যেতিয়া জোনাক জ্বলে
গছৰ ডালত তগৰ ফুলে
বগা বগা পাহি মেলি
মনে মনে যে হাঁহি থাকে।
প্ৰেমৰ প্ৰতীক তুমি সৌন্দৰ্যৰ ৰাণী
ৰঙা পাহিৰে তুমি ফুলি থাকা হাঁহি
তোমাৰ কোমল পাপৰি বৰ মৰমলগা,
অ’ মৰমৰ গোলাপ
তোমাৰ সুবাসে
প্ৰেমৰ যে আনন্দ বিলায়।
দিনৰ পোহৰ আঁতৰাৰ পাছতো
আন্ধাৰত ফুলি থাকা তুমি
তোমাৰ হালধীয়া ৰঙেৰে
জিপাল কৰি তোলা ধৰণী।
অ’ সুৰুযমুখি বেলি
তুমি যেন ফুলৰ পৰী।
ৰ’দতো তোমালোক জিলিকা
বৰষুণতো তোমালোক তিতা
তথাপিও ফুল হৈ
পৃথিৱী বুকুত ভালপোৱা সিঁচি থাকা।
তোমালোকে এনেদৰেই
হাঁহিৰ ৰং বিলাই থাকা
পৃথিৱীখনক মাথোঁ
নিবিড় ভালপোৱা দি যোৱা।
পৃথিৱীখনক মাথোঁ
নিবিড় ভালপোৱা দি যোৱা।

